নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিশ্চয়তাত ক’ভিডত নিয়োজিত ডাটা এণ্ট্ৰী অপাৰেটৰ

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ ক’ৰোনা মহামাৰীৰ সময়ত বৰঝাৰ বিমানবন্দৰত বিমান যাত্রীৰ বাবে ডাটা এণ্ট্ৰী অপাৰেটৰসকলে বিমান চলাচল হোৱাৰ পৰাই ক’ভিড টেষ্টত জডিত হৈ আছে৷ মহামাৰীৰ দিনত এইসকল অপাৰেটৰে ৰ’দ, বতাহ, বৰষুণক নেওচি দিন–ৰাতি একাকাৰ কৰি জনসাধাৰণৰ বাবে কর্মৰত হৈ আছে৷

উল্লেখ্য যে বিগত আগষ্ট মাহত বিমানবন্দৰত কর্মৰত ডাটা এণ্ট্ৰী অপাৰেটৰসকলে খানাপাৰাস্থিত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি দহ হাজাৰ টকাৰ এখন চেক প্রদান কৰাৰ সময়ত অপাৰেটৰসকলে মুখ্যমন্ত্রীৰ সাক্ষৎকালত ভৱিষ্যৎ কর্মসংস্থাপন তথা স্থায়ী সমাধানৰ পথ মুকলি দিয়াৰ বাবে আহ্বান জনায়৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অপাৰেটৰসকলৰ ভৱিষ্যৎ কর্মসংস্থাপনৰ পথ মুকলি দিয়াৰ আশ্বাস দিছিল৷ কিন্তু এতিয়ালৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এইসকল অপাৰেটৰক স্থায়ী সমাধানৰ বিষয়ে কোনোধৰণৰ মন্তব্য প্রদান কৰা নাই৷

You might also like