নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিবহণ মন্ত্রীৰ অদূৰদর্শিতাত বিফল ভ্রমণ সাৰথি আঁচনিঃ যাত্রীৰ অভাৱৰ গইনাৰে বন্ধ পিংক বাছসেৱা

কমিছনৰ অংকত ২১খন গাড়ী চিটীবাছ হিচাপে চলোৱাৰ পৰিকল্পনা

নিয়মীয়া বাৰ্তা, ২ জুলাই:  মহানগৰত যাত্রীৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে প্রচলন কৰা পিংক বাছসেৱা সম্প্রতি বন্ধ হৈ পৰিছে৷ যাত্রীৰ অভাৱৰ গইনা লৈ আৰু লোকচানৰ দোহাই দি অসম ৰাজ্যিক পৰিবহণ নিগমে ২১খন পিংক বাছৰ সেৱা বন্ধ কৰিছে যদিও ইয়াৰ আঁৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিষয়াৰ কমিছনৰ অংক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে৷ মহানগৰবাসীৰ সুবিধার্থে নিগমে ২৫খন পিংক বাছ মহানগৰীত চলাইছিল যদিও শেহতীয়াকৈ ইয়াৰে ২১খন বন্ধ কৰি মাত্র ৪খন চলাই আছে৷ যি সময়ত ব্যক্তিগত খণ্ডৰ বাছসেৱাত যাত্রীৰ ভিৰত মহানগৰবাসীয়ে প্রতিদিনে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে, সেই সময়তে যাত্রীৰ অভাৱ আৰু লোকচানৰ গইনা লৈ কিয় চৰকাৰে প্রদান কৰা পিংক বাছসেৱা বন্ধ কৰিলে, তাক লৈ বিভিন্ন প্রশ্ণ উত্থাপন হৈছে৷

ভ্রমণ সাৰথি আঁচনিৰ অধীনত ২০২১ চনৰ জানুৱাৰী মাহত আৰম্ভ কৰা পিংক বাছসেৱা বন্ধ হোৱাৰ অন্তৰালত নিগমৰ বিষয়া–কর্মচাৰীৰ অদক্ষতা আৰু অদূৰদর্শিতাই অন্যতম কাৰণ বুলি মহানগৰীৰ সচেতন লোকসকলে মন্তব্য কৰিছে৷ কেৱল চমক সৃষ্টিৰ বাবেই মহানগৰীত পিংক বাছসেৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনে আৰম্ভ কৰা বুলি একাংশ বয়োজ্যেষ্ঠ লোকে মন্তব্য কৰিছে৷ ৰাজ্য চৰকাৰে গুৱাহাটীত বসবাস কৰা মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে মহানগৰীত বিনামূলীয়া চিটীবাছসেৱা ভ্রমণ সাৰথি আঁচনিৰ অধীনত পিংক বাছ সেৱা আৰম্ভ কৰিছিল৷ ৰাইজৰ ধনেৰে ২৫খনকৈ পিংক বাছ ক্রয় কৰি মহানগৰীৰ মূল ৫টা পথত চলাচলৰ ব্যৱস্থা কৰিছিল৷ খানাপাৰা–পল্টনবজ, ফৰেষ্টগেট–চানমাৰ, বশিষ্ঠ মন্দিৰ–জালুকবাৰী–প্, খানাপাৰা–আইএছবিটি–, ভেটাপাৰা–জালুকবাৰী– এই পাঁচটা পথত ২৫খনকৈ পিংক বাছ চলাচল কৰিছিল৷ পিংক বাছসেৱা মহিলা, শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে সম্পূর্ণ বিনামূলীয়া আছিল৷

অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিষয়া–কর্মচাৰীৰ অদক্ষতা আৰু অদূৰদর্শিতাৰ বাবে এতিয়া মহানগৰীৰ ৰাজপথত মাত্র ৪খন পিংক বাছহে চলাচল কৰি আছে৷ উল্লেখ্য যে প্রায় ২০ লাখ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত যাত্রীৰ অভাৱত পিংক বাছসেৱা পৰিবহণ নিগমে বন্ধ কৰিবলৈ বাধ্য হোৱা বুলি যি প্রচাৰ চলাইছে, সেয়া হাস্যকৰ বুলি জ্যেষ্ঠ নাগৰিকসকলে মন্তব্য কৰিছে৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি, গুৱাহাটী মহানগৰীৰ জনসংখ্যা সর্বমুঠ ৯,৫৭,৩৫২৷ ইয়াৰ ভিতৰত ৪,৯৫,৩৬২গৰাকী পুৰুষ আৰু ৪,৬,১৯৯গৰাকী মহিলা৷ শিশুৰ সংখ্যা ০ৰ পৰা ৬ বছৰৰ ভিতৰত আছিল ৯০,০২৯৷ এয়া ২০১১ চনৰ লোকপিয়লৰ তথ্য৷ কিন্তু বর্তমান গুৱাহাটী মহানগৰীত প্রায় ২০ লাখ লোকে বসবাস কৰে৷ এখন চিটীবাছত ৫০ৰ পৰা ৬০জন যাত্রীয়ে ঠেলা–হেঁচাকৈ এতিয়াও যাতায়াত কৰি আহিবলগীয়া হৈছে৷ তেনে এক সময়ত যাত্রীৰ অভাৱত বিনামূলীয়া পিংক বাছ সেৱা বন্ধ কৰাক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে যাত্রীয়ে বিচাৰিলে মহানগৰীত পুনৰ পিংক বাছসেৱা আৰম্ভ কৰিব বুলি অসম ৰাজ্যিক পৰিবহণ নিগমৰ এক শীর্ষ সূত্রই জানিবলৈ দিছে৷ যদিহে মহানগৰবাসীয়ে এই সেৱা নিবিচাৰে, তেন্তে জুলাই মাহৰ ভিতৰতে পিংক বাছ সেৱাৰ লগত জড়িত ২১খন বাছ নিগমৰ অধীনত চিটী বাছ হিচাপে মহানগৰীত চলাচল কৰোৱাৰ পৰিকল্পনা কৰা বুলিও সূত্রটোৱে জানিবলৈ দিছে৷

You might also like