নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তীৰ উপদ্রৱত উদ্বিগ্ন ৰাণীৰ শ শ খেতিয়ক

নিয়মীয়া বাৰ্তা, ১ আগষ্ট:  শাওণ মাহ মানেই অসমত শালিধানৰ খেতিৰ বতৰ৷ এক কথাত শাওণ মাহেই অসমত নির্ণয় কৰে ৰাজ্যৰ কৃষক ৰাইজৰ আগন্তুক দিনত খেতি কেনে হ’ব৷ অৱশ্যে  বিগত ২০২০ বর্ষত শাওণ মাহত তিনিটাকৈ বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল৷ আনকি ভাদ মাহত নুমলীয়াকৈ শালিধানৰ খেতি কৰিহে বহু অঞ্চলত কৃষকে কিবাকৈ ভাতমুঠি যোগাৰ কৰিব লগা হৈছিল৷ কিন্তু এইবাৰ পৰিস্থিতি সম্পূর্ণ বিপৰীত৷ কিয়নো এইবাৰ অসমত বৰষুণ স্বাভাৱিকতকৈ প্রায় ৫০ শতাংশ কম হৈ আছে৷ বানৰ সলনি ৰাজ্যৰ বেছিভাগ অঞ্চলতে খৰাং পৰিস্থিতি বিৰাজমান৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি ৰাজ্যৰ ৭০ শতাংশ অঞ্চলতে বৰষুণ স্বাভাৱিকতকৈ ৪০ৰ পৰা ৫০ শতাংশ পৰিমাণৰ বৰষুণ চলিত দক্ষিণ–পশ্চিম মৌচুমী বায়ু প্রৱাহিত হৈ থকাৰ পাছতো কম হৈ আছে৷ ইয়াৰ বিৰূপ তথা নেতিবাচক প্রভাৱ পৰিছে৷ কিয়নো বহু অঞ্চলত পানীৰ অভাৱৰ বাবে পথাৰত ছিঁৰাল ফাট মেলা দেখা গৈছে৷ পথাৰত কৃষকে মাটি সময়ত চহায়ো কঠীয়া বা ভূঁই ৰোপণ কৰিব পৰা নাই ৷ ইফালে, গুৱাহাটীৰ পশ্চিম প্রান্তৰ অসম–মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণী অঞ্চলত গাতে লগা মেঘালয়ৰ পাহাৰসমূহৰ পৰা নামি অহা জান–জুৰি, সৰু নৈ সদৃশ কেইবাটাও পানীৰ সুঁতিয়ে অঞ্চলটোৰ খেতিপথাৰসমূহক জীপাল কৰি ৰাখিছে৷ তাৰ মাজতে মাজে–সময়ে হৈ থকা বৰষুণৰ সুযোগ লৈ পথাৰত নামি পৰিছে ৰোৱনী–দাৱনী৷ গিৰিহঁতে গৰু বা পাৱাৰ টিলাৰেৰে মাটি চহ কৰাৰ পাছত ৰোৱনী–দাৱনীয়ে পথাৰত আনন্দ মনেৰে ভূঁই ৰুইছে৷ শাওণ মাহ আৰম্ভ হোৱাৰ পাছৰ পৰাই এক চিৰাচৰিত দৃশ্যৰ দৰে হৈ পৰিছে৷ পথাৰতে ৰোৱনী–দাৱনীয়ে নাচি–বাগি ভূঁই ৰুই আনন্দ–উল্লাস কৰি তাৰ মাজতে চৰু জুৰি দুপৰীয়াৰ ভাতসাঁজ লগে–ভাগে খোৱা পৰিলক্ষিত হৈছে৷ এই সন্দর্ভত মেঘালয় সীমান্তৰ গাতে লগা পুৰাণ শুকুৰবৰীয়াৰ আদর্শ কৃষক দীনেশ নাথ, মহিলা কৃষক আৰু অভিজ্ঞ ৰোৱনী হিচাপে পৰিচিত হেমলতা নাথকে ধৰি কেইবাজনো কৃষক আৰু ৰোৱনীয়ে ব্যক্ত কৰা অনুসৰি ইতিমধ্যে বেছিভাগ কৃষকৰে নিজ নিজ মাটিত ভূঁই ৰোৱা কাম শেষ হৈছে৷ কিছুসংখ্যকৰে ভূঁই ৰোৱা কাম বাকী আছে৷ অৱশ্যে ওচৰতে থকা বনাঞ্চলৰ পৰা মাজে–সময়ে ওলাই অহা বনৰীয়া হাতীৰ জাকৰ বাবে পথাৰত ৰোপণ কৰা কঠীয়া ভালকৈ ৰখাটো টান হৈ পৰিছে৷ সন্ধিয়াৰ পাছত বৃহত্তৰ অঞ্চলটোত দুই–তিনিটা হাতীয়ে লগ হৈ বা কেতিয়াবা অকলে অহা হাতীৰ বাবে পথাৰত দিনতে ৰোপণ কৰা কঠীয়া বা ভূঁই গছকি নষ্ট কৰা বা কঠীয়াতলীত হাতীয়ে কঠীয়া গছকি নষ্ট কৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে৷ তথাপি কৃষকৰ আশা বিগত বছৰসমূহৰ দৰে আঘোণ মাহত কৃষকসকলে সময়মতে পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব ৷

You might also like