নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাসংকটত গুৱাহাটীৰ ৪৫ হাজাৰ পদপথৰ ব্যৱসায়ী

নিবিদা আবণ্টনৰ পাছতো পাণবজাৰ, বৰবাৰীত স্থাপন নহ’ল ভেণ্ডিং জ’ন

নিয়মীয়া বার্তা, ৮ আগষ্টঃ ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা লকডাউনৰ ফলত স্বাভাৱিক জীৱনযাত্রাৰ লগতে ব্যৱসায়–বাণিজ্য বন্ধ হৈ পৰাত অর্থনীতিত বিৰূপ প্রভাৱ পৰিছে৷ দীঘলীয়া লকডাউনৰ বাবে হাজাৰ হাজাৰ শ্রমিজীৱী লোক ব্যাপক অর্থ সংকটৰ সন্মুখীন হৈছে৷

লকডাউনৰ ফলত বন্ধ হৈ পৰিছে পদপথৰ ব্যৱসায়৷ শেহতীয়াকৈ লকডাউনত কিছু শিথিলতা আনি ৰাজ্য চৰকাৰে ব্যৱসায়িক প্রতিষ্ঠান খোলাৰ ক্ষেত্রত নীতি–নির্দেশনা জাৰি কৰিছে যদিও পদপথত ব্যৱসায় কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰি থৈছে৷ ফলত গুৱাহাটীৰ পদপথত ব্যৱসায় কৰা ৪৫ হাজাৰৰো অধিক পদপথ ব্যৱসায়ীয়ে জীৱন–জীৱিকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷

গুৱাহাটীৰ পদপথত ফাষ্টফুড, শীতল পানীয়, চাহ, ভাত, ৰুটী, পাণ দোকান দি পৰিয়াল পোহপাল দিয়া পদপথ ব্যৱসায়ীসকলে বিগত ৫ মাহ ধৰি ব্যৱসায় বন্ধ কৰি ৰাখিবলগীয়া হৈছে৷ পদপথত ব্যৱসায় কৰা সৰহসংখ্যকেই লকডাউনৰ পূর্বে গাঁৱলৈ উভতি গৈছে৷ গুৱাহাটী মহানগৰত ভাৰাঘৰত থাকি পদপথত ব্যৱসায় কৰি থকাসকলে লাভ কৰা নাই আনকি চৰকাৰী সাহায্যও৷

লক্ষণীয় যে গুৱাহাটীত জি এম চি স্বীকৃতিপ্রাপ্ত ৭,১৮৩জন পদপথ ব্যৱসায়ী আছে৷ এই ব্যৱসায়ীসকলৰ ভিতৰত এতিয়া ২০–৩০ শতাংশ ব্যৱসায়ীহে গুৱাহাটীত আছে৷ এইসকল ব্যৱসায়ীয়ে এতিয়া উপার্জনৰ পথ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷

পদপথ ব্যৱসায়ী সন্থাৰ সভাপতি নয়ন ৰাজবংশীয়ে জানিবলৈ দিয়া মতে, সৰহসংখ্যক পদপথ ব্যৱসায়ীয়ে পৰিয়াল পোহপাল দিয়াৰ বাবে অন্য পথ বাছি লৈছে৷ ইয়াৰ উপৰি জিলা প্রশাসনেও পদপথ ব্যৱসায়ীসকলক লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় খাদ্য–সামগ্রী যোগান ধৰা নাছিল৷ মাত্র ২৬০জন পদপথ ব্যৱসায়ীকহে জিলা প্রশাসনৰ তৰফৰ পৰা খাদ্য সামগ্রী যোগান ধৰা হৈছিল৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ বাবে ন্যায়ালয়ে নির্দেশ জাৰি কৰিছিল৷ কিন্তু ন্যায়ালয়ৰ নির্দেশ অৱমাননা কৰি গুৱাহাটী পৌৰ নিগমে আজিকোপতি ভেণ্ডিং জ’ন স্থাপন নকৰিলে৷ পদপথ ব্যৱসায়ীসকলে ৫৮টা ভেণ্ডিং জ’ন চিনাক্ত কৰি দিছিল৷

কিন্তু পৌৰ নিগম কর্তৃপক্ষ পাণবজাৰ, ফাঁচীবজাৰৰ ফুল গলি, লাখটকীয়াৰ কর্নেল জে আলী ৰোড, উজান বজাৰৰ পৌৰ নিগমৰ কার্যালয়ৰ সন্মুখত, চানমাৰিৰ কমার্চ কলেজৰ বিপৰীত দিশত, বৰবাৰী আৰু গণেশগুৰিৰ হোলছেল গলিত ভেণ্ডিং জ’ন স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷

বিগত বর্ষৰ ডিচেম্বৰ মাহত পাণবজাৰ আৰু বৰবাৰীত ভেণ্ডিং জ’ন স্থাপনৰ বাবে পৌৰ নিগম কর্তৃপক্ষই নিবিদা বিচাৰি বিজ্ঞাপন প্রকাশ কৰিছিল৷ পাণবজাৰৰ ভেণ্ডিং জ’নৰ বাবে ৮ লাখ ৭২ হাজাৰ ৫০০ টকা আৰু বৰবাৰীৰ ভেণ্ডিং জ’নৰ বাবে ১১ লাখ ৭৫ হাজাৰ ১০০ টকা ধার্য কৰিছিল৷ কিন্তু নিবিদাৰ বিজ্ঞাপন প্রকাশ কৰাৰ পিছতো পৌৰ নিগম কর্তৃপক্ষই ভেণ্ডিং জ’ন দুটা নির্মাণ নকৰিলে৷

পদপথ ব্যৱসায়ী সন্থাৰ সভাপতি নিৰেন ডেকাই জানিবলৈ দিয়া মতে, যোৱা ২৮ জুলাইত অসম ৰাজ্যিক নগৰ জীৱিকা অভিযানৰ লগত এক ভিডি’ কনফাৰেঞ্চত অংশ লৈছিল৷ উক্ত আলোচনাত প্রধানমন্ত্রী আত্মনির্ভৰশীল আঁচনিৰ জৰিয়তে পদপথ ব্যৱসায়ীসকলক ১০ হাজাৰ টকাকৈ ঋণ দিয়াৰ বিষয়ে আলোচনা কৰা হৈছিল৷

উক্ত আলোচনাত এই ঋণৰ লাভ বাবে ব্যৱসায়ীসকলৰ আধাৰ কার্ড বাধ্যতামূলক বুলি বিভাগীয় বিষয়াই স্পষ্ট কৰি দিছে৷ কিন্তু গুৱাহাটীৰ পদপথত ব্যৱসায় কৰা ৬০ শতাংশ লোকৰে নাই আধাৰ কার্ড৷ সেয়েহে বিষয়টো চৰকাৰক বিবেচনা কৰিবলৈ পদপথ ব্যৱসায়ী সন্থাৰ সভাপতিগৰাকীয়ে আহ্বান জনাইছে৷

You might also like