নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাটাৰগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা: আহত ১০

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ মহানগৰীৰ পশ্চিম প্রান্তৰ আজাৰা থানাৰ অন্তর্গত ছাটাৰগাঁৱত আজি পুৱা সংঘটিত এক পথ দুর্ঘটনাত দহজনী ৰোৱনী আহত হয়৷ আহত ৰোৱনীকেইগৰাকীক ক্রমে ছাটাৰগাঁৱৰ সুশীলা ৰাভা, বেদী ৰাভা, ৰূপা ৰাভা, পুনিতা ৰাভা, কবিতা ৰাভা, ৰেণু ৰাভা, ললিতা ৰাভা, লিখিতা ৰাভা, তৰু ৰাভা বুলি চিনাক্ত কৰা হৈছে৷

প্রাপ্ত খবৰ মতে, আটাইকেইগৰাকী মহিলাই এএছ–০১জে–২১০০ নম্বৰৰ মাৰুতি ভান এখনত সজ্জানপৰালৈ আহি থাকোঁতে পুৱা প্রায় ৮ বজাত নিয়ন্ত্রণ হেৰুৱাই বাহনখন পাহাৰৰ পৰা ১০০ ফুট তলত পৰি যায়৷ ফলত কম–বেছি পৰিমাণে সকলোৱে আঘাতপ্রাপ্ত হয়৷ পিছত স্থানীয় লোকে সকলোকে উদ্ধাৰ কৰি আজাৰা প্রাথমিক স্বাস্থ্য কেন্দ্রলৈ লৈ আহে৷ সম্প্রতি আটাইকেইজন বিপদমুক্ত যদিও চালকৰ ভুলৰ বাবে পাহাৰীয়া পথছোৱাত দুর্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে৷

You might also like