নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছার্ভেৰ গকুল ছুইট্ছৰ চিংৰাত ওলাল পঁইতাচোৰা

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ খাদ্য সুৰক্ষা বিভাগৰ চকুৰ সন্মুখতে মহানগৰীৰ একাংশ ৰেষ্টুৰেণ্টত খাদ্যৰ নামত অখাদ্য বিক্রী কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্রী প্রস্তুত কৰি বিক্রী কৰি থকাৰ পাছতো খাদ্য সুৰক্ষা বিভাগে এনে ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ কালি বেলতলাৰ ছার্ভেস্থিত ‘গকুল ছুইট্ছ’ নামৰ ৰেষ্টুৰেণ্টত খাদ্য সামগ্রীত পঁইতাচোৰা ওলোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রাপ্ত খবৰ মতে, কালি প্রতিষ্ঠিত ৰেষ্টুৰেণ্টখনত কৈলাস নামৰ এজন গ্রাহকে মিঠাই আৰু চিংৰা খোৱাৰ বাবে উপস্থিত হয়৷

ৰেষ্টুৰেণ্টত বহাৰ পাছত ৱেটাৰে তেওঁক মিঠাই আৰু চিংৰা দিয়াৰ সময়তে গ্রাহকজনে চিংৰাত এটা মৰা পঁইতাচোৰা প্রত্যক্ষ কৰে৷ এই লৈ ৰেষ্টুৰেণ্টখনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ পৰৱর্তী সময়ত ৰেষ্টুৰেণ্টৰ গৰাকীয়ে ভুল স্বীকাৰ কৰি অনাগত দিনত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি কয়৷ উল্লেখ্য যে পূর্বেও দুবাৰকৈ এই ৰেষ্টুৰেণ্টত ভেজাল খাদ্য সামগ্রী গ্রাহকক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল৷ উল্লেখ্য যে পূর্বে খাদ্য সুৰক্ষা বিভাগে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্রস্তুত কৰা বহু ৰেষ্টুৰেণ্ট বন্ধ কৰিছিল৷

You might also like