নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণিত–কম্পিউটাৰ শিক্ষক অবিহনে চলিছে পাণবাৰী হাইস্কুল

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ চন্দ্রপুৰৰ পাণবাৰী গাঁওস্থিত পাণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত দীর্ঘদিন ধৰি গণিত আৰু কম্পিউটাৰ বিষয়ৰ শিক্ষক অবিহনে ছাত্র–ছাত্রীসকলে শিক্ষাগ্রহণ কৰি আহিবলগীয়া হৈছে৷ ১৯৮৪ চনত অঞ্চলটোৰ কেইজনমান সচেতন ব্যক্তিৰ প্রচেষ্টাত প্রতিষ্ঠা কৰা পাণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়খন সাত বছৰ পূর্বে প্রাদেশিকীকৰণ হয়৷ কিন্তু সাত বছৰ উকলি যোৱাৰ পাছতো বিদ্যালয়খনত গণিত বিষয়ৰ শিক্ষক অবিহনে শিক্ষাগ্রহণ কৰি আহিছে ছাত্র–ছাত্রীসকলে৷ অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক অতুল বৰা আৰু শিক্ষা বিভাগক গণিত আৰু কম্পিউটাৰ বিষয়ৰ শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু আজিলৈকে এইক্ষেত্রত বিধায়কগৰাকীৰ লগতে শিক্ষা বিভাগে কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ তদুপৰি বিদ্যালয়খনত আজিলৈকে বিদ্যুৎ সংযোগৰ ব্যৱস্থা নোহোৱাত কম্পিউটাৰ শিক্ষালাভৰ পৰা ছাত্র–ছাত্রীসকল বঞ্চিত হৈ আহিছে৷

উল্লেখ্য যে ২০১৮ চনত পাণবাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু পাণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ক একত্রীকৰণ কৰা হৈছিল৷ বর্তমান স্কুলখনৰ ১৫১গৰাকী ছাত্র–ছাত্রীয়ে অধ্যয়ন কৰি আছে৷ শীঘ্রে বিদ্যালয়খনত গণিত বিষয়ৰ শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আহ্বান জনাইছে স্থানীয় ৰাইজে৷

You might also like