নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্রমৰ পৰীক্ষা স্থগিত ৰখাৰ ভুৱা জাননী; এজাহাৰ দাখিল পৰীক্ষা নিয়ন্ত্রকৰ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ বহু হোঁহঁকা পিছলা আৰু ছাত্র সমাজৰ দাবীৰ পৰিপ্রেক্ষিতত প্রায় চাৰি মাহ ধৰি ক’ভিড অতিমাৰীৰ বাবে স্থগিত ৰখা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্রমৰ চূড়ান্ত তথা ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাসমূহ অহা ২২ ছেপ্টেম্বৰৰ পৰা ক’ভিড প্রট’কল অনুসৰি অনুষ্ঠিত কৰিবলৈ দুদিনমান পূর্বেই সময়সূচী ঘোষণা কৰিছিল৷

কিন্তু মঙলবাৰে এক দুষ্টচক্রই সম্পূর্ণ পৰিকল্পিতভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রতীক চিহ্ণ সম্বলিত ৰাইটিং পেডত বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ নিয়ন্ত্রকৰ চহীপর্যন্ত ব্যৱহাৰ কৰি স্নাতক পাঠ্যক্রমৰ চূড়ান্ত পৰীক্ষাসমূহ ক’ভিডৰ পৰিপ্রেক্ষিতত স্থগিত ৰখা হৈছে বুলি মঙলবাৰে দুপৰীয়াৰে পৰা ছ’চিয়েল মিডিয়াযোগে প্রচাৰ কৰে৷

ফলত বহুতেই সঁচা বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰে৷ ইফালে বিয়লি পৰীক্ষা স্থগিত ৰখা ভুৱা জাননীখন বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ নিয়ন্ত্রক ড০ ধ্রুৱজ্যোতি চৌধুৰীৰ দৃষ্টিগোচৰ হয়৷ অৱশেষত কর্তৃপক্ষৰ নির্দেশক্রমে পৰীক্ষা নিয়ন্ত্রকে পৰীক্ষা স্থগিত ৰখাৰ ভুৱা জাননী প্রকাশ কৰা দুষ্টচক্রটোক চিনাক্ত কৰি ছাত্র–ছাত্রীক বিভ্রান্ত কৰাৰ অভিযোগত আইনগত ব্যৱস্থা গ্রহণ কৰাৰ বাবে স্থানীয় জালুকবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷

You might also like