নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্রীক যৌন নির্যাতনঃ গুৱাহাটী বিশ্ববিঃৰ অধ্যাপক অমিত পাণ্ডেক নিলম্বন

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৰিমাত কালিমা সনা হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অমিত পাণ্ডেক বৃহস্পতিবাৰে দায়িত্বৰ পৰা নিলম্বন কৰা হয়৷

উল্লেখ্য যে দীর্ঘদিন ধৰি একাংশ ছাত্রীক ফেচবুক, হোৱাটছএপযোগে অশ্লীল মেছেজ দি যৌন নির্যাতন চলাই আহিছিল অধ্যাপক অমিত পাণ্ডেই৷ অধ্যাপকগৰাকীৰ এনে আতিশয্য শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছত বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাই উপাচার্যক এখন স্মাৰক–পত্র প্রদান কৰি শিক্ষকগৰাকীৰ বিৰুদ্ধে উচ্চ পর্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে তদন্তৰ ফলাফল নহালৈকে অমিত পাণ্ডেক নিলম্বন কৰাৰ দাবী তুলিছিল৷

আনকি স্নাতকোত্তৰ ছাত্র সন্থাই নিজাববীয়াকৈ অধ্যাপকজনক বিশ্ববিদ্যালয়ত প্রৱেশ নিষিদ্ধ কৰিছিল৷ সহকাৰী অধ্যাপকজনৰ যৌন নির্যাতনৰ ঘটনাই বিশ্ববিদ্যালয়ত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ সময়তে আজি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা অনুশাসন কর্তৃপক্ষই জি ইউ/ৰেজিষ্টাৰ (এছ এফ)/২০২১/১২৯নং পত্রযোগে তৎকালে বলৱৎ হোৱাকৈ অমিত পাণ্ডেক নিলম্বন কৰে৷ ইয়াৰ পূর্বে বিশ্ববিদ্যালয় কর্তৃপক্ষই হিন্দী বিভাগৰ শিক্ষকজনক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছিল যদিও অধ্যাপক পাণ্ডেই ইয়াৰ কোনো উত্তৰ নিদিলে৷

ইফালে অমিত পাণ্ডেৰ নিলম্বনৰ পাছতো বিশ্ববিদ্যালয়ত প্রতিক্রিয়া অব্যাহত আছে৷ উত্থাপিত অভিযোগ অনুসৰি অমিত পাণ্ডেই পূর্বেও বিভাগৰ ছাত্রীক যৌন নির্যাতন চলাইছিল৷ আনকি ভুক্তভোগী বহু ছাত্রীয়ে এই সন্দর্ভত কর্তৃপক্ষক অভিযোগ দিয়াত সহকাৰী অধ্যাপক পাণ্ডেই সকীয়নিৰো সন্মুখীন হৈছিল৷ ইয়াৰ পাছতো ছাত্রীক যৌন নির্যাতন চলাই গৈছিল অমিত পাণ্ডেই৷

ইফালে আন এক অভিযোগ অনুসৰি বিশ্ববিদ্যালয়ত ছাত্রীক যৌন নির্যাতনৰ কেইবাটাও ঘটনা যোৱা সময়ছোৱাত সংঘটিত হৈছে যদিও ভুক্তভোগীক বিভিন্ন ভয়–ভাবুকিৰে ইয়াক গাপ দি ৰখা হৈছে৷ এই অভিযোগ শেহতীয়া ঘটনাৰ পাছত বহু ছাত্রীয়ে উত্থাপন কৰিছে৷

You might also like