নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ ডিচেম্বৰত তিৱা স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্রহণঃ ছয় সমষ্টিত নির্বাচনৰ বাবে সাজু মহানগৰ জিলা প্রশাসন

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয় তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্রশাসন৷ তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন অনুষ্ঠিত কৰা সন্দর্ভত  আয়োজিত এক সংবাদ মেলত কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে অসম ৰাজ্যিক নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি অনুষ্ঠিত কৰিবলৈ যাৱতীয় কাম–কাজ আৰম্ভ কৰাৰ কথা সদৰী কৰে৷ সংবাদ মেলত উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন কামৰূপ মহানগৰ জিলাত ৬টা সমষ্টিত অনুষ্ঠিত হ’ব৷ এই সমষ্টিকেইটা ক্রমে ২৬নং ডিমৰীয়া সমষ্টি, ৩২নং ডিগাৰু সমষ্টি, ৩৩নং ক্ষেত্রী সমষ্টি, ৩৪নং সোণাপুৰ সমষ্টি, ৩৫নং আমপ্রি সমষ্টি আৰু ৩৬নং ফং–আৰি সমষ্টি৷ এই ৬টা সমষ্টিৰ ভোটাৰৰ বাবে জিলাখনত ১০০টা ভোটগ্রহণ কেন্দ্রৰ ব্যৱস্থা কৰা হৈছে৷ জিলাখনত সর্বমুঠ ভোটাৰৰ সংখ্যা ৭৮,১৮০গৰাকী৷ ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৩৮,৩৬০জন হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৩৯,৮২০গৰাকী৷

উল্লেখ্য যে ২৬নং ডিমৰীয়া সমষ্টিৰ ১৩টা ভোটগ্রহণ কেন্দ্রত সর্বমুঠ ভোটাৰৰ সংখ্যা ১১,৬৯০গৰাকী৷ ইয়াৰ ভিতৰত ৫,৭১০গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে ৫,৯৮০গৰাকী মহিলা ভোটাৰ৷ ৩২নং ডিগাৰু সমষ্টিত ২০টা ভোটগ্রহণ কেন্দ্রত সর্বমুঠ ভোটাৰৰ সংখ্যা ১৭,১২৭গৰাকী৷ এই সমষ্টিটোত ৮,৫১১গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে ৮,৬১৬গৰাকী মহিলা ভোটাৰ৷ ৩৩নং ক্ষেত্রী সমষ্টিত ২১টা ভোটগ্রহণ কেন্দ্রত ১৫,৮২৩গৰাকী ভোটাৰে প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷ সমষ্টিটোত ৭,৭০১গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে ৮,১২২গৰাকী মহিলা ভোটাৰ৷ ৩৪নং সোণাপুৰ সমষ্টিত ২১টা ভোটগ্রহণ কেন্দ্রত মুঠ ভোটাৰৰ সংখ্যা ১৭,৩০৪গৰাকী৷ সমষ্টিটোত পুৰুষ ভোটাৰৰ সংখ্যা ৮,৫২২গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৮,৭৮২গৰাকী৷ ৩৫নং আমপ্রি সমষ্টিত ১৪টা ভোটগ্রহণ কেন্দ্রত ৭,৭২৯গৰাকী ভোটাৰে ভোটদান কৰিব৷ সমষ্টিটোত পুৰুষ ভোটাৰৰ সংখ্যা ৩,৭০১গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৪,০২৮গৰাকী৷ ৩৬নং ফং–আৰি সমষ্টিৰ ১১টা ভোটগ্রহণ কেন্দ্রত সর্বমুঠ ৮,৪০৭গৰাকী ভোটাৰ৷ সমষ্টিটোত ৪,১১৫গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৪,২৯২গৰাকী৷

মনোনয়ন দাখিলৰ অন্তিম দিন ২৫ নৱেম্বৰ৷ ২৬ নৱেম্বৰত মনোনয়ন–পত্রৰ পৰীক্ষা কৰি প্রার্থীৰ তালিকা কামৰূপ (ম) জিলাৰ উপায়ুক্তৰ কার্যালয়ত আঁৰি দিয়া হ’ব৷ প্রার্থীসকলে ২৮ নৱেম্বৰৰ ৩ বজাৰ ভিতৰত মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব৷ ১৭ ডিচেম্বৰৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটগ্রহণ কৰা হ’ব৷ ১৮ ডিচেম্বৰত প্রয়োজন হ’লে পুনৰ ভোটদান কৰা হ’ব৷ ১৯ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্রংৰুমত ভোটগণনা কৰা হ’ব৷ শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্রশাসনৰ প্রায় ৯০০ কর্মচাৰীক নিয়োজিত কৰা হৈছে বুলি সংবাদ মেলত উপায়ুক্তই সদৰী কৰে৷

সংবাদ মেলত উপায়ুক্ত পেগুৱে ২৬নং ডিমৰীয়া আৰু ৩৩নং ক্ষেত্রী সমষ্টিৰ বাবে জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শর্মাক, ৩২নং ডিগাৰু, ৩৬নং ফং–আৰি সমষ্টিৰ বাবে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসক আৰু ৩৪নং সোণাপুৰ আৰু ৩৫নং আমপ্রি সমষ্টিৰ মুনিন্দ্র বৰদলৈক ৰিটার্নিং অফিচাৰ হিচাপে নিযুক্তি দিয়াৰ কথা সদৰী কৰে৷

You might also like