নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IIT গুৱাহাটীত পুনৰ অঘটন: ছাত্ৰাবাসৰ নিজ কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী:  ভাৰতৰ এখন উচ্চ প্ৰযুক্তি বিদ্যাৰ  প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত প্ৰতি বছৰে ছাত্ৰ ছাত্ৰী তথা শিক্ষকৰ আত্মহত্যাৰ ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰি আহিছে। প্ৰতিষ্ঠান খনৰ এগৰাকী গনিত বিভাগৰ অধ্যাপকে নিজ কোঠাত আত্মহত্যা কৰা ঘটনাৰ এমাহ নৌ হওতেই আজি পুনৰ এগৰাকী ছাত্ৰৰ নিজৰ কোঠাত মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 
    জানিব পৰা মতে প্ৰতিষ্ঠান খনৰ দিহিং  ছাত্ৰাবাসৰ নিজৰ কোঠাত  ছাত্ৰ গৰাকীৰ মৃতদেহ  উদ্ধাৰ হয়।
  আই আই টি গুৱাহাটীৰ বি টেকৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি থকা হ্নত্বিক ভৱানী নামৰ মৃত ছাত্ৰ গৰাকীৰ ঘৰ আছিল মহাৰাষ্ট্ৰৰ নাগপুৰত।
   ছাত্ৰগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। ঘটনাস্থলিত আমিনগাঁও আৰক্ষী চকীৰ আৰক্ষী  উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বৰ্তমান ছাত্ৰগৰাকীৰ মৃতদেহ পোষ্টমৰ্টেমৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব দিছে।
You might also like