খানাপাৰাত কন্যকাৰ বিপণী মুকলি মন্ত্রী অতুল বৰাৰ
নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত থকা দৃধা বিপণীত মঙবাৰে কন্যকাৰ এটা বিপণন কেন্দ্র মুকলি কৰা হয়৷ কন্যকাৰ বহুমুখী পামৰ এই বিপণন কেন্দ্রটো আনুষ্ঠানিকভাৱে মুকলি কৰে কৃষি আৰু পশুপালন বিভাগৰ মন্ত্রী অতুল বৰাই৷ বিপণন কেন্দ্রটো মুকলি কৰি মন্ত্রী অতুল বৰাই কন্যকা বহুমুখী পাম স্থাপন কৰি বিধায়ক পদ্ম হাজৰিকাই থলুৱা যুৱক–যুৱতীসকলক্ কৃষিকর্মৰ প্রতি আগ্রহী কৰি তোলাৰ বাবে লোৱা প্রচেষ্টাৰ শলাগ লয়৷ লগতে কন্যকাৰ কৃষিপামত প্রাকৃতিকভাৱে উৎপাদিত বিভিন্ন দুগ্ধজাত সামগ্রী, খাতি সৰিয়হৰ তেলকে ধৰি থলুৱা উন্নতমানৰ খাদ্যসামগ্রীসমূহ দৃধা বিপণীত উপলব্ধ কৰি ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব বুলি আশা প্রকাশ কৰে৷ আজি এই অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকা, খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ড০ বিবেকানন্দ শইকীয়া, কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষা সম্প্রসাৰণ সঞ্চালক ড০ অতুল বৰগোঁহাই, উপ–পঞ্জীয়ক ড০ বীৰেন শর্মা, যুৱ উদ্যোগী তথা দৃধা বিপণীৰ স্বত্বাধিকাৰী মৃণাল কুমাৰ বৰা আৰু যুৱনয়ন শইকীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷