নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেঁচা ৰচিদ দি ফাঁচীবজাৰত বণিয়াৰ লুণ্ঠন

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ ব্যৱসায়–বাণিজ্যৰ প্রাণকেন্দ্র ফাঁচীবজাৰত দীর্ঘদিন ধৰি একাংশ অসাধু ব্যৱসায়ীয়ে কৰ ফাঁকিৰে লুণ্ঠন চলাই আহিছে৷ ফাঁচীবজাৰৰ অনা–সমীয়া বণিয়াই যোগান বিভাগৰ একাংশ অসাধু বিষয়া–কর্মচাৰীক মেনেজ কৰি খুচুৰা ব্যৱসায়ীসকলক কেঁচা ৰচিদ দি খাদ্যসামগ্রী বিক্রী কৰি আহিছে৷ লাখ লাখ টকাৰ কৰ ফাঁকিৰে এই অসাধু ব্যৱসায়ীসকলে কেঁচা ৰচিদ দি লুণ্ঠন চলাই অহাৰ পিছতো ব্যৱসায়ীসকলৰ বিৰুদ্ধে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া–কর্মচাৰীয়ে কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ প্রাপ্ত তথ্য অনুসৰি, ফাঁচীবজাৰৰ আলু, পিঁয়াজ, নহৰু, চাউল, দাইলকে ধৰি অন্যান্য সামগ্রীৰ পাইকাৰী ব্যৱসায়ীসকলে খুচুৰা ব্যৱসায়ীক কেঁচা ৰচিদ দি ব্যৱসায় চলাই আহিছে৷ নিয়ম অনুসৰি পাইকাৰী ব্যৱসায়ীসকলে সামগ্রী বিক্রীৰ বিপৰীতে খুচুৰা ব্যৱসায়ীসকলক ব্যৱসায়িক প্রতিষ্ঠানৰ নাম–ঠিকনা উল্লেখ থকা পকা ৰচিদ প্রদান কৰিব লাগে৷ কিন্তু অসাধু ব্যৱসায়ীসকলে কৰ ফাঁকি দিবলৈ কেঁচা ৰচিদ প্রদান কৰি আহিছে৷ অত্যধিক মূল্যত খাদ্যসামগ্রী বিক্রী কৰি কেঁচা ৰচিদ প্রদান কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে যোগান বিভাগৰ বিষয়া–কর্মচাৰীয়ে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

আইনী মেৰপেঁচৰ পৰা হাত সাৰিবলৈ গ্রাহকক অসাধু ব্যৱসায়ীসকলে খাদ্যসামগ্রী বিক্রীৰ কেঁচা ৰচিদ প্রদান কৰি আহিছে৷ নিয়ম অনুসৰি খাদ্যসামগ্রী ক্রয়ৰ হিচাপ পাইকাৰী ব্যৱসায়ীসকলে চেম্বাৰ অৱ কমার্চ আৰু খাদ্য–সামৰিক যোগান বিভাগক তথ্যসহকাৰে প্রদান কৰিব লাগে৷ কিন্তু একাংশ অসাধু ব্যৱসায়ীয়ে যোগান বিভাগ আৰু চেম্বাৰ অৱ কমার্চক খাদ্যসামগ্রী ক্রয়ৰ তথ্য লুকুৱাই অবৈধভাৱে আলু–পিঁয়াজ–চাউল–দা মজুত কৰি ৰাখে৷ কৃত্রিম নাটনিৰ সৃষ্টি কৰি এই অসাধু ব্যৱসায়ীসকলে অবৈধভাৱে মজুত কৰি ৰখা খাদ্যসামগ্রী অত্যধিক মূল্যত কৰ ফাঁকিৰে বিক্রী কৰি আহিছে৷ বিশেষকৈ ফাঁচীবজাৰৰ গেলাপট্টি, আলুপট্টি, মাছখোৱাৰ কেডাৰ ৰোডৰ একাংশ অসাধু পাইকাৰী ব্যৱসায়ীয়ে দীর্ঘদিন ধৰি কৰ ফাঁকিৰে ব্যৱসায় চলাই আহিছে৷

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া–কর্মচাৰীয়ে ব্যৱসায়িক প্রতিষ্ঠানসমূহ পৰিদর্শন কৰি সঠিক দৰত খাদ্যসামগ্রী বিক্রী কৰিছে নে নাই সেয়া তদাৰক কৰিব লাগে৷ কিন্তু যোগান বিভাগৰ একাংশ অসাধু বিষয়া–কর্মচাৰীয়ে অভিযোগ পোৱাৰ পিছতো ব্যৱসায়ীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি, ফাঁচীবজাৰ আৰু মাছখোৱাত আলু, পিঁয়াজ, চাউল, দাইলকে ধৰি অন্যান্য খাদ্যসামগ্রী বিক্রী কৰা পাইকাৰী ব্যৱসায়ীসকলৰ সৰহসংখ্যকেই কৰ ফাঁকিৰে গ্রাহকক কেঁচা ৰচিদ প্রদান কৰি আহিছে৷ চৰকাৰক আভুৱা–ভাঁৰি ব্যৱসায় চলোৱা এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে বিভাগীয় কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like