নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰীক্ষাত আউল লগোৱাসকলক দিয়া হ’ব দৃষ্টান্তমূলক শাস্তি

কঠোৰ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ  আৰক্ষীৰ এছ আই পৰীক্ষাৰ কেলেংকাৰিয়ে সমগ্র ৰাজ্য জোকাৰি যোৱাৰ সময়তে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সমগ্র বিষয়টোক লৈ গ্রহণ কৰিছে কঠোৰ স্থিতি৷ ইতিমধ্যে এই কেলেংকাৰিৰ তদন্তৰ দায়িত্ব আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাক দিয়াৰ পাছত আজি পুনৰ সমগ্র বিষয়টোক লৈ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্রীয়ে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত অংশগ্রহণৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য– পৰীক্ষাত আউল লগোৱা ষড়যন্ত্রকাৰীক বিচাৰি দিয়া হ’ব দৃষ্টান্তমূলক শাস্তি৷ মুখ্যমন্ত্রী সোণোৱালে এই সন্দর্ভত কয়– হাজাৰ হাজাৰ অসমীয়া যুৱক–যুৱতীয়ে কষ্ট কৰি অধ্যয়ন কৰিছে৷ সকলোৱে যোগ্যতাৰ ভিত্তিত পৰীক্ষাত উত্তীর্ণ হৈ সন্মান সহকাৰে নিযুক্তি লাভ কৰিব বিচাৰিছে৷ সেইসকলৰ আশাত চেঁচাপানী ঢ়ালিব বিচৰা ষড়যন্ত্রকাৰীসকল কঠোৰ শাস্তি দিবলৈ নির্দেশ দিয়া হৈছে৷ যিয়ে এই ষড়যন্ত্রত জড়িত হৈ আছে, সকলোকে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়া হ’ব আৰু সময়মতে তথা স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে ইয়াকো কয়– তদন্ত চলি আছে৷ মোৰ স্পষ্ট নির্দেশনা– যিয়ে এই পৰীক্ষাত আউল লগোৱাৰ ষড়যন্ত্রত লিপ্ত হৈছে, সেইসকলক বিচাৰি উলিওৱা হ’ব৷ তাৰ লগে লগে যুৱক–যুৱতীসকলে যাতে স্বচ্ছভাৱে পৰীক্ষাত বহিব পাৰে, তেওঁলোকে যাতে যোগ্যতাৰ ভিত্তিত উত্তীর্ণ হ’ব পাৰে, তাৰ বাবেও ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়া হৈছে৷

You might also like