নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিগাঁৱত মাতৃক হত্যা কৰি পুত্রৰ আত্মসমর্পণ

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ মালিগাঁৱৰ ৰেষ্টকেম্পত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড৷ কুলংগাৰ পুত্রই লোৰ ৰ’দেৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে জন্মদাত্রী মাতৃক৷ সন্ধিয়া ৰেষ্টকেম্পৰ বাসগৃহত এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰি কুলংগাৰ পুত্র দিপাংকৰ দে’ মণ্ডলে (২৬) জালুকবাৰী আৰক্ষী চকীত আত্মসমর্পণ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে মঙলবাৰে সন্ধিয়া মাতৃ পূৰবী দে’ মণ্ডলে (৫০) গোসাঁই ঘৰত পূজা কৰি থকা সময়তে পুত্র দিপাংকৰে লোৰ ৰ’দেৰে মৰিয়াই মৰিয়াই হত্যা কৰে৷

কি কাৰণত মাতৃক নৃশংসভাৱে পুত্রই হত্যা কৰিলে সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই৷ ইফালে স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে মাতৃ আৰু পুত্রই পাণ্ডুৰ ৰেষ্টকেম্পৰ বাসগৃহত বসবাস কৰি আছিল৷ পূৰৱী দে’ মণ্ডলৰ এগৰাকী কন্যা আছে যদিও কর্মসূত্রে বাংগালুৰুত থাকে৷ নিচাসক্ত পুত্রই প্রায়ে মাতৃক অত্যাচাৰ কৰিছিল৷ বিগত কেইবাবছৰ ধৰি পুত্র দিপাংকৰ মানসিকভাৱে অসুস্থ হৈ আছিল৷ আজি লোৰ ৰ’দেৰে পুত্রই মৰিওৱাত মৰণ–কাতৰ চিঞৰ শুনি চুবুৰীয়া লোকসকল আহি তেজেৰে তুমুৰলি হৈ পৰি থকা অৱস্থাত পূৰৱী দে’ মণ্ডলক প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ থানালৈ আনে৷ কাইলৈ জিএমচিএইচত পূৰৱী দে’ মণ্ডলৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব৷ এতিয়ালৈকে কি কাৰণত মাতৃক হত্যা কৰিলে সেয়া দিপাংকৰে স্বীকাৰ কৰা নাই৷

You might also like