নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই অভিযুক্ত টেকনিচিয়ানক গ্রেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চমুকৈ জিএমচিএইচত ধনৰ বিনিময়ত ক’ভিড নিগেটিভ চার্টিফিকেট প্রদান কৰি অহাৰ ঘটনা পোহৰলৈ আহিছে৷ জিএমচিএইচৰ অধীক্ষক অভিজিত শর্মাৰ এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে দুই অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত দুই অভিযুক্ত ক্রমে জিএমচিএইচৰ অস্থায়ী টেক্নিচিয়ান অলক দাস আৰু অভিজিত দাস৷ জিএমচিএইচৰ অধীক্ষক অভিজিত শর্মাই ধনৰ বিনিময়ত ক’ভিড নিগেটিভৰ চার্টিফিকেট প্রদানৰ অভিযোগ লাভ কৰাৰ পাছতে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল৷ উক্ত এজাহাৰৰ ভিত্তিত জিএমচিএইচৰ অস্থায়ী টেক্নিচিয়ান অলক দাসক গ্রেপ্তাৰ কৰে৷ অলকৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটী শোধনাগাৰ হাস্পতালৰ পৰা অভিজিত দাস নামৰ টেক্নিচিয়ানজনক গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like