নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটৰ ৰাজপথত জ্বলিল চলন্ত বাহন

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ যোৰাবাটৰ নমাইলত শুকুৰবাৰে ৩৭নং ৰাষ্ট্রীয় ঘাইপথত দাওদাওকৈ জ্বলিল এখন চলন্ত বাহন৷ যোৰাবাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ এছ–০১ এ পি–১০২১ নম্বৰৰ চাৰিচকীয়া বাহনখন যান্ত্রিক বিজুতি ঘটি ৰাজপথতে জ্বলি উঠে৷ অৱশ্যে সৌভাগ্যক্রমে বাহনখনৰ দুয়োগৰাকী আৰোহী ৰক্ষা পৰে৷ ঘটনাস্থলীত যান–বাহন আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নির্বাপণ কৰিবলৈ সক্ষম হয়৷

You might also like