নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বোধনহে হ’ল–উৎপাদন নহ’ল বিদ্যুৎ

প্রহসনত পৰিণত গুৱাহাটী পৌৰ নিগমৰ বায়’–মেথেনেশ্বন প্রকল্প

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ আৱর্জনাৰ পৰা বিদ্যুৎ উৎপাদন কৰি গুৱাহাটী মহানগৰী পোহৰাই তোলাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ ছাত্রীবাৰীত স্থাপন কৰা বায়’–মেথেনেশ্বন প্রকল্প প্রহসনত পৰিণত হৈছে৷ ৰাজকোষৰ ধন ব্যয় কৰি পৌৰ নিগমে স্থাপন কৰা প্রকল্পটো মুকলিৰ ছমাহৰ পিছতো এই প্রকল্পটোৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পৰা হোৱা নাই৷ গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন মেয়ৰ মৃগেন শৰণীয়াই ২০১৮ চনৰ ২৭ ফেব্রুৱাৰীত আধাৰশিলা স্থাপন কৰা বায়’–মেথেনেশ্বন ইলেক্ট্রিক এনার্জী জেনেৰেচন প্লাণ্টটো যোৱা বর্ষৰ ১৩ আগষ্টত উদ্বোধন কৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই এই প্রকল্পৰ পৰা শীঘ্রে বিদ্যুৎ উৎপাদন কৰি মহানগৰীৰ বিভিন্ন প্রান্তত ১০০০ ষ্ট্রীট লাইট জ্বলোৱাৰ কথা সদৰী কৰিছিল৷ কিন্তু প্রকল্পটো স্থাপনৰ ছমাহ অতিক্রম কৰাৰ পিছতো প্রকল্পটোৰ পৰা উৎপাদিত বিদ্যুতেৰে মহানগৰীত নজ্বলিল এটাও ষ্ট্রীট লাইট৷ প্রকল্পটো পৰিচালনা কৰা কর্মচাৰীয়ে জানিবলৈ দিয়া মতে পর্যাপ্ত জাবৰৰ অভাৱত এই প্রকল্পটোৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পৰা হোৱা নাই৷ কর্মচাৰীজনে জানিবলৈ দিয়া মতে, ৮০০ ইউনিট বিদ্যুৎ উৎপাদন ক্ষমতাসম্পন্ন প্রকল্পটোত দৈনিক ৫০০০ কিল’ জৈৱ আৱর্জনাৰ প্রয়োজন হয়৷ কিন্তু মহানগৰীত দৈনিক উৎপাদিত জৈৱিক আৱর্জনা ৪০০–৫০০ কিল’ত অধিক নহয়৷ সেয়েহে জৈৱিক আৱর্জনাৰ অভাৱত প্রকল্পটোৰ পৰা ভবা মতে বিদ্যুৎ উৎপাদন কৰিব পৰা হোৱা নাই৷ অৱশ্যে প্রকল্পটোৰ বাবে প্রয়োজনীয় জাবৰ সংগ্রহ কৰিবলৈ পৌৰ নিগমে প্রচেষ্টা অব্যাহত ৰাখিছে৷ বিশেষকৈ মহানগৰীৰ প্রতিখন হোটেল–ৰেষ্টুৰেণ্টৰ লগতে ঘৰে ঘৰে গৈ আৱর্জনা সংগ্রহৰ বাবে জিএমচি কর্তৃপক্ষই ইতিমধ্যে অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ প্রথমটো বায়’–মেথেনেশ্বন প্রকল্পটো আইআইটি গুৱাহাটী আৰু আইআইএম বাংগালুৰুৰ সহযোগত পৌৰ নিগমে স্থাপন কৰিছিল৷ এই প্রকল্পৰ জৰিয়তে আৱর্জনা সম্পদলৈ ৰূপান্তৰ কৰি গুৱাহাটী মহানগৰী পোহৰাই তোলাৰ প্রয়াস কৰা হৈছিল৷ কিন্তু সময়ৰ গতিত জিএমচিৰ এই প্রকল্প প্রহসনত পৰিণত হোৱা পৰিলক্ষিত হ’ল৷

You might also like