নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটিত ধৃত প্রৱঞ্চক প্রফুল্ল চন্দ্র ভূঞা

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ দিল্লীত ফ্লেট দিয়াৰ নামত ৪০ লাখ টকা আত্মসাৎ কৰা প্রৱঞ্চক প্রফুল্ল চন্দ্র ভূঞাক আজি নুনমাটি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ জানিব পৰা মতে, মঠঘৰীয়াৰ বিদ্যালয় পথৰ বাসিন্দা প্রফুল্ল চন্দ্র ভূঞাই দিল্লীত ফ্লেট দিয়াৰ নামত ব্যৱসায়ী বিমল চন্দ্র ডেকা নামৰ এজন লোকৰ পৰা ২০১০ চনত ৪০ লাখ টকা লৈছিল৷ কিন্তু ব্যৱসায়ী ডেকাক প্রৱঞ্চক প্রফুল্ল চন্দ্র ভূঞাই ফ্লেট দিয়া নাছিল৷ ব্যৱসায়ী বিমল চন্দ্র ডেকাই প্রৱঞ্চক প্রফুল্ল চন্দ্র ভূঞাৰ বিৰুদ্ধে চানমাৰি থানা আৰু কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এটা গোচৰ ৰুজু কৰে৷ কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতে ৮৬০/২০১৩ নম্বৰত এটা গোচৰ ৰুজু কৰি শুনানি গ্রহণ কৰিছিল৷ আদালতে গোচৰৰ শুনানি গ্রহণ কৰি যোৱা ১০ ফেব্রুৱাৰীত চূড়ান্ত ৰায় দি অভিযুক্ত প্রৱঞ্চকজনক প্রফুল্ল চন্দ্র ভূঞাৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি কৰে৷ আদালতৰ নির্দেশৰ ভিত্তিত নুনমাটি থানাৰ আৰক্ষীয়ে প্রৱঞ্চক প্রফুল্ল চন্দ্র ভূঞাক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰে৷

You might also like