নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্রীক নৈশ যাপনৰ প্রস্তাৱ পৰিচালক মুকেশ মিশ্রৰঃ গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে নাৰী নির্যাতনৰ ঘটনা৷ কেইদিনমান পূর্বে এগৰাকী ঠিকাদাৰে ব্যক্তিগত সহায়িকাক নৈশ যাপনৰ প্রস্তাৱ দি জে’লৰ ভাত খাবলগীয়া হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ পোহৰলৈ আহিছে এগৰাকী লম্পট পৰিচালকে অভিনেত্রীক নৈশ যাপনৰ প্রস্তাৱ দিয়াৰ ঘটনা৷ টিভি ধাৰাবাহিকত অভিনয়ৰ সুবিধা দিয়াৰ বিনিময়ত উদীয়মান অভিনেত্রীগৰাকীক লম্পট পৰিচালক মুকেশ মিশ্রই নৈশ যাপনৰ প্রস্তাৱ দিছিল৷ এই ঘটনা সন্দর্ভত ভুক্তভোগী অভিনেত্রীগৰাকীয়ে কালি চানমাৰি থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত চানমাৰি থানাত ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৫০৭ ধাৰাৰ অধীনত ৪৬২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে অভিযুক্ত মুকেশ মিশ্রক বিচাৰি অভিযান চলাইছে যদিও এতিয়ালৈকে অভিযুক্তক আটক কৰিব পৰা নাই৷

You might also like