নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৰ টিকটৰ অবৈধ বেহা পাঞ্জাবাৰীত এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ মহানগৰীত অবৈধভাৱে চলিছে ৰে’লৱে ই–টিকটৰ বেহা৷ আজি মহানগৰীৰ পাঞ্জাবাৰীত এখন জেৰক্সৰ দোকানত অভিযান চলাই আৰ পি এফৰ জোৱানে ১৫খন অবৈধ ৰে’লৰ টিকটসহ এজন যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱকজন হাজোৰ প্রাণজিৎ পাঠক (২৮) বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ধৃত যুৱকজনে আই আৰ চি টি চিৰ কোনো বৈধ নথিপত্র অবিহনে ৰে’লৰ টিকট বিক্রী কৰি আছিল৷ আৰক্ষীয়ে যুৱকজনৰ দোকানত আজি অভিযান চলাই বহু আপত্তিজনক সামগ্রী জব্দ কৰে৷ ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like