নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখৰাৰ ৰাষ্ট্রীয় ঘাইপথতযান–জঁটত অতিষ্ঠ পথচাৰীঃ নিয়ন্ত্রণত ব্যর্থ আৰক্ষী

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ মহানগৰীৰ ৩৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথৰ লখৰা হৈ পৰিছে অৰাজক৷ প্রতিদিনে সৃষ্টি হোৱা অভাৱনীয় যান–জঁটত অতিষ্ঠ হৈ পৰিছে ৰাইজ৷ দৈনিক পুৱাৰ পৰা নিশালৈ ইমানেই যান–জঁট হয় যে ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ হৈ থাকিবলগীয়া হয় যাত্রীসকল৷ কেৱল ৩৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথেই নহয়, লখৰা চাৰিআলি, পল্টনবজাৰ আৰু গৰভঙা পথ দুটাও সমানে আবদ্ধ হৈ থাকে যান–জঁটত৷ যাৰ বাবে গন্তব্যস্থানলৈ যাত্রা কৰি দুর্ভোগ ভুগিবলগীয়া হৈছে যাত্রীসকলে৷ আনকি এম্বুলেঞ্চ পর্যন্ত এই যান–জঁটত সঘনাই আবদ্ধ হৈ অহা কার্যই ক্ষোভৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত৷ কিন্তু ইয়াৰ বিপৰীতে যান–জঁট নিয়ন্ত্রণত সম্পূর্ণৰূপে ব্যর্থ হৈ পৰিছে মহানগৰ যান–বাহন আৰক্ষী৷

মাত্র দুই–এজন গৃহৰক্ষী জোৱান যান–জঁটৰ দায়িত্বত ৰখাৰ ফলত ভয়ংকৰ হৈ পৰিছে এই সমস্যা৷ প্রতিদিনে যাত্রীসকলে যমৰ যাতনা ভোগাৰ পিছতো যান–বাহন আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰাত ক্ষোভ উজাৰিছে ভুক্তভোগী যাত্রীসকলে৷ নিয়ম মাফিক দায়িত্ব পালন কৰিয়েই দায় সামৰাত যান –বাহন আৰক্ষীৰ ফোঁপোলা স্বৰূপ ওলাই পৰিছে৷ এইক্ষেত্রত মহানগৰ যান–বাহন আৰক্ষী অধীক্ষকৰ লগতে সংশ্লিষ্ট কর্তৃপক্ষক বিষয়টো গুৰুত্বসহকাৰে লৈ শীঘ্রে লখৰা চাৰিআলিৰ যান–জঁটৰ সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে৷

You might also like