নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পল্টন বজাৰত ড্রাগছসহ দুগৰাকী মহিলাক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ  মহানগৰীৰ পল্টন বজাৰৰ পৰা মঙলবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্রাগছসহ দুগৰাকী মহিলাক গ্রেপ্তাৰ কৰে৷ ড্রাগছ সৰবৰাহকাৰী মহিলা দুগৰাকী কুসুম প্রধান আৰু ফুলমায়া অধিকাৰী৷ আৰক্ষীয়ে ধৃত মহিলা দুগৰাকীৰ পৰা ১৪২ গ্রাম ব্রাউন ছুগাৰভর্তি ১১টা প্লাষ্টিকৰ পেকেট জব্দ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে ধৃত মহিলা দুগৰাকীয়ে ড্রাগছখিনি মণিপুৰৰ পৰা গুৱাহাটীত বিক্রীৰ বাবে আনিছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি আজি পল্টন বজাৰস্থিত মণিকুমাৰ চুব্বা ভৱনৰ পৰা মহিলা দুগৰাকীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে পল্টন বজাৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত ড্রাগছ সৰবৰাহকাৰী চক্র অধিক সক্রিয় হৈ পৰিছে৷ কালি গড়চুক আৰক্ষীয়ে সাউকুছিৰ পৰা বুজন পৰিমাণৰ ড্রাগছসহ এজন আৰু বশিষ্ঠ আৰক্ষীয়ে ড্রাগছসহ তিনি সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ পাছত আজি পল্টন বজাৰ আৰক্ষীয়ে ড্রাগছসহ দুগৰাকী মহিলাক গ্রেপ্তাৰ কৰিছিল৷

You might also like