নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত পাণবজাৰ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ‘মৈত্ৰী আঁচনি’ৰ অধীনত অসমৰ আৰক্ষী থানাসমূহৰ আধুনিকীকৰণে আৰক্ষী-জনসাধাৰণৰ মাজৰ সম্পৰ্ক তথা সুশাসন ব্যৱস্থাক দিছে এক নতুন গতি। এই ক্ষেত্ৰত আন এক সংযোজনেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীত পাণবজাৰ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে আৰু অত্যাধুনিক সা-সুবিধাসমূহৰ বুজ লয়।

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে “ক’ভিড-১৯ৰ বিৰুদ্ধে সাহসেৰে যুঁজি অসমৰ যিসকল আৰক্ষীয়ে প্ৰাণ হেৰুৱালে, সকলোলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। লগতে, এই জটিল সময়ত প্লাজমা দান কৰি মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা অসম আৰক্ষীৰ প্ৰতিগৰাকী সদস্য-সদস্যাক আন্তৰিক ধন্যবাদ জনালোঁ। ৰাইজৰ বিপদৰ সময়ত অসম আৰক্ষীৰ জাগ্ৰত প্ৰহৰীৰ ভূমিকা সঁচাকৈয়ে প্ৰশংসনীয় ।”

You might also like