নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণবজাৰত ধৃত পাঁচ গভাইত চোৰ

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ  মহানগৰীৰ পাণবজাৰ আৰক্ষীয়ে যোৱা দুদিনত পাঁচটা গভাইত চোৰক গ্রেপ্তাৰ কৰাৰ লগতে ধৃত চোৰকেইটাৰ পৰা ১৬টা চুৰি বেটাৰী উদ্ধাৰ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে অলপতে কটন কলেজিয়েটৰ পৰা দুর্বৃত্তই বেটাৰী চুৰি কৰি নিছিল৷ ঘটনা সন্দর্ভত বিদ্যালয় কর্তৃপক্ষই পাণবজাৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাত পাণবজাৰ থানাত ৫০৮/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে৷ আৰক্ষীয়ে তদন্ত চলাই কালি ৰাজু শইকীয়া আৰু নাৰায়ণ ডেকা নামৰ দুটা গভাইত চোৰক গ্রেপ্তাৰ কৰি তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি বিভিন্ন স্থানৰ পৰা তিনিটা গভাইত চোৰক গ্রেপ্তাৰ কৰে৷ ধৃত চোৰকেইটা অনুপ নাথ, মুন্না চৌহান আৰু নৰুল ইছলাম৷ আৰক্ষীয়ে সোধা–পোছাৰ অন্তত চোৰকেইটাক আদালতত হাজিৰ কৰোৱাত কামৰূপ (ম) জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

You might also like