নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাপুৰত আৰক্ষীৰ গাড়ীত খুন্দিয়ালে বালিভর্তি ট্ৰাকেঃ আহত তিনি

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ   আজাৰা থানাৰ অন্তর্গত ধাৰাপুৰ চাৰিআলিত মঙলবাৰে পুৱা আৰক্ষীৰ এখন বাহনত ট্ৰাকে খুন্দিওৱা ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, মঙলবাৰে পুৱা ৫ বজাত আজাৰা থানাৰ পাপা ডিউটীত কর্মৰত কেইজনমান আৰক্ষীয়ে কর্তব্যৰত অৱস্থাত এএছ–৩০–৭১৯০ নম্বৰৰ টাটা ছমুখন ধাৰাপুৰ চাৰিআলিত ৰখাই থয় ৷ কিন্তু জালুকবাৰীৰ পৰা গডল অভিমুখী এএছ–০১–ইচি–১৯৭৭ নম্বৰৰ বাঁহভর্তি ড্রাকখনে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা ধাৰাপুৰ চাৰিআলিত এ টি ৰোড অভিমুখে ইউ টার্ন লওঁতে মির্জাৰ ফালৰ পৰা বালি কঢ়িয়াই অনা এ এছ–০১–ডিচি–৮০৭৬ নম্বৰৰ ড্রাকখনক খুন্দিয়ায়৷ ফলত বালিভর্তি ড্রাকখনে ধাৰাপুৰত ৰৈ থকা আজাৰা থানাৰ বাহনখনত তীব্র বেগত খুন্দা মাৰে৷ ফলত আজাৰা থানাৰবাহনখনৰ ক্ষতি হোৱাৰ লগতে বালি কঢ়িওৱা ড্রাকৰ চালক–হেণ্ডিমেনসহ তিনিজন লোক সামান্যভাৱে আহত হয়৷ পিছত আজাৰা যান–বাহন শাখাৰ আৰক্ষী ঘটনাস্থলী উপস্থিত হৈ আহত ব্যক্তি তিনিজন ক্রমে আবেদ আলী (৩৫), বিশ্বজিৎ বডো (২২) আৰু শংকৰ বৈশ্য (৪০)ক আজাৰা প্রাথমিক চিকিৎসা কেন্দ্রত আনি চিকিৎসা প্রদান কৰে৷ আনহাতে দুর্ঘটনা সংঘটিত কৰা ড্রাক দুখন জব্দ কৰি থানাত আনে৷

You might also like