নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশাৰ ৰাজপথত ডিআইজিৰ পুত্রৰ দাদাগিৰি

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: নিশাৰ মহানগৰীত বৃদ্ধি পাইছে উদণ্ড যুৱকৰ তাণ্ডৱ৷ একাংশ উদণ্ড যুৱকে সুৰাৰ ৰাগীত মাতাল হৈ বিভিন্ন অপৰাধজনিত ঘটনাত লিপ্ত হোৱাৰ পিছতো আৰক্ষী প্রশাসনে এনে মাতাল যুৱকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ কিছুদিন পূর্বে মহানগৰীৰ ৰুক্মিণীগাঁৱত বিতর্কিত মডেল ৰাজকন্যা বৰুৱাৰ বাহনৰ খুন্দাত মেঘালয়ৰ এজন শ্রমিকে প্রাণ হেৰুৱাব লগা হোৱাৰ লগতে আন সাতজন শ্রমিক গুৰুতৰভাৱে আহত হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই শুকুৰবাৰে নিশা পুনৰ দিছপুৰৰ জনতা ভৱনৰ গাতে লাগি থকা গণেশ মন্দিৰৰ সমীপত দুই ফৈদৰ মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

অৱশ্যে আৰক্ষী আৰু চিআৰপিএফৰ কর্তব্যৰত জোৱানৰ তৎপৰতাত পৰৱর্তী সময়ত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, কালি নিশা প্রায় ১০ বজাত অসম আৰক্ষীৰ এগৰাকী ডিআইজিৰ পুত্র কেশৱ কাশ্যপ ভূঞা (১৯) নামৰ যুৱকজনে কাহিলিপাৰাৰ দিশৰ পৰা এএছ–০১ ইভি–০৯০৯ নম্বৰৰ এখন তীব্রবেগী বাহনেৰে গণেশগুৰি অভিমুখে গৈ আছিল৷ আৰক্ষীৰ ষ্টিকাৰ লগোৱা দ্রুতবেগী ক্রেটা বাহনখন ওচৰেৰে পাৰ হৈ যোৱাত নেকিবুল ইছলাম (২১) নামৰ এজন পদপথ ব্যৱসায়ীয়ে বাহনৰ চালক–আৰোহীক উদ্দেশ্যি অশ্লীল মাত মাতে৷ পথ ব্যৱসায়ীজনৰ অশ্লীল মাত শুনি বাহনখন পথৰ দাঁতিত ৰখাই বাহনৰ চালক আৰু আৰক্ষী বিষয়াজনৰ পুত্র কেশৱ আগুৱাই আহি ব্যৱসায়ী নেকিবুলৰ সৈতে বাকযুদ্ধথ লিপ্ত হয়৷

পৰৱর্তী সময়ত দুয়োপক্ষৰ মাজত প্রচণ্ড মাৰপিট লগাত ওচৰৰ ব্যৱসায়ীসকল আগুৱাই আহি মাৰপিটত সোমাই পৰে৷ দুয়ো ফৈদৰ মাজত প্রচণ্ড মাৰপিট চলি থকাৰ মাজতে আৰক্ষী বিষয়াৰ পুত্র কেশৱে তেওঁৰ বাহনখনত থকা এটা ‘লাইটাৰ পিষ্টল’ উলিয়াই আনি ব্যৱসায়ীজনৰ লগতে তেওঁৰ সহযোগীসকলক প্রাণে মৰাৰ ভাবুকি দিয়ে৷ এই ঘটনা প্রত্যক্ষ কৰি কর্তব্যৰত চিআৰপিএফৰ জোৱানসকলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে দিছপুৰ আৰক্ষীক খবৰ দিয়ে৷ পিছত দিছপুৰ থানাৰ টলহদাৰী আৰক্ষীয়ে কেশৱ আৰু নেকিবুলৰ লগতে বাহনৰ চালকসহ ঘটনাত জড়িত কেইবাজনো যুৱকক আটক কৰি দিছপুৰ থানালৈ লৈ যায়৷

দুয়োপক্ষৰ অভিভাৱক আৰু কেইবাগৰাকী ব্যৱসায়ীৰ উপস্থিতিত নিশাৰ ভাগতে ঘটনাটোৰ মীমাংসা কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ সেয়া যিয়েই নহওক, নিশাৰ মহানগৰীত আৰক্ষীৰ ষ্টিকাৰ লগোৱা বাহন লৈ এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ পুত্রই এইদৰে মাৰপিটৰ ঘটনাত জঁপিয়াই পৰাক লৈ সচেতন মহলত ব্যাপক চর্চা হৈছে৷ ঘটনা সন্দর্ভত কোনো পক্ষই এজাহাৰ দাখিল কৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

You might also like