নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম লেখিকা সংস্থাৰ নগাঁও শাখাৰ অধিবেশন সম্পন্ন 

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: অসম লেখিকা সংস্হাৰ নগাঁও শাখাৰ আজি দ্বি বাৰ্ষিক অধিবেশন নগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত হয় ৷ পুৱা পতকা উত্তোলনৰে সংস্থাৰ দ্বি বাৰ্ষিক অধিবেশনৰ শোভাৰম্ভ কৰা হয়। পতাকা উত্তোলনৰ পিছতেই স্মৃতি চাৰন অনুষ্ঠান অনুষ্ঠিত হয় ৷বিয়লি সংস্থাৰ নগাঁও শাখাৰ সভানেত্ৰী উপমা মজুমদাৰৰ সঞ্চালনাত মুকলি সভা আৰু আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ সংস্থাৰ নগাঁও শাখাৰ সম্পাদিকা দিপিকা নাথে উদ্দেশ্য ব্যাখা কৰা সভাখন উন্ধোধন কৰে জেষ্ঠ সাংবাদিক কনক হাজৰিকাই ৷

আলোচনা চক্ৰত অংশগ্ৰহণ কৰি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই কয়- সাহিত্য চৰ্চাইহে মানুহক অনবিল আনন্দ দিব পাৰে ৷অসমীয়া সাহিত্য চহকী বুলি উল্লেখ কৰি বৰুৱাই কয় সাহিত্যৰ জৰিয়তে মানুহৰ মাজত সদ্ভাৱ বৃদ্ধি কৰিব পাৰে ৷ সভাত কলংপাৰ কাকতৰ সম্পাদক ভৱেন বৰাই অংশগ্ৰহণ কৰি অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত দেখা দিয়া সংকটৰ ব্যাখা দাঙি ধৰে ৷ অনুষ্ঠানত সংস্থাৰ নগাঁও শাখাৰ উপদেষ্টা সূবৰ্ন গোস্বামীৰ লগতে কৰুণা বৰা,লেখিকা পূৰবী চক্ৰৱৰ্তী সুত আদিয়ে অংশগ্ৰহন কৰে ৷ অনুষ্ঠানতে সম্পাদিকা দিপিকা নাথক তেওঁৰ কৃত্বিতৰ বাৱে সংস্থাই অভিনন্দন জনাই ৷

You might also like