নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহাৰ কেনেকৈ খাব?

আহাৰৰ ক্ষেত্রত পালন কৰিবলগীয়া এটা গুৰুত্বপূর্ণ নিয়ম হ’ল একে সময়তে বেছি পৰিমাণৰ আহাৰ নাখাই কম পৰিমাণে দিনটোত কেইবাবাৰো আহাৰ খাব লাগে৷ অৱশ্যে দিনটোত তিনিবাৰ প্রধান আহাৰ খোৱা হয়৷ ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি৷ পুৱাৰ আহাৰ খাবা ৰজাৰ দৰে, দুপৰীয়া ৰাজকুমাৰৰ দৰে আৰু ৰাতিৰ আহাৰ খাবা ভিক্ষাৰীৰ দৰে৷

চিকিৎসা বিজ্ঞানীসকলৰ মতে মধ্যবিত্ত শ্রেণীৰ মানুহে অতিভোজন কৰে৷ স্বাস্থ্য ৰক্ষাৰ কাৰণে যিমান পৰিমাণৰ আহাৰৰ প্রয়োজন তাতকৈ বেছি আহাৰ তেওঁলোকে পেটলৈ পঠিয়ায়৷ এই বিষয়ে কোনো সন্দেহ নাই যে স্বাস্থ্য ৰক্ষাৰ প্রয়োজনতকৈ যিখিনি আহাৰ বেছিকৈ খোৱা হয়, সেইখিনি আহাৰে স্বাস্থ্যৰ যথেষ্ট ক্ষতিসাধন কৰে৷ স্বাস্থ্য ৰক্ষাৰ কাৰণে আহাৰ খোৱাৰ নিয়মটো হ’ল কেতিয়াও ভোক পলুৱাই খাব নালাগে৷ এনে কৰিলে বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি৷

You might also like