নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসামাজিক কার্যকলাপৰ ঘাটিত পৰিণত জালুকবাৰীৰ ৰ’টাৰী পইণ্ট

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীৰ অন্যতম দুৱাৰমুখ হিচাপে পৰিচিত জালুকবাৰী উৰণীয়া সেতুৰ ওপৰত আৰু উৰণীয়া সেতুৰ তলত সম্প্রতি অবৈধভাৱে গঢ়ি উঠা যাত্রীবাহী বাহনৰ আস্থানে এক অশনি সংকেত কঢ়িয়াই আনিছে৷ উল্লেখনীয় যে জালুকবাৰী আৰক্ষীৰ চকুৰ সন্মুখতেই এনেদৰে গঢ়ি উঠা অবৈধ আস্থানে বৃহত্তৰ জালুকবাৰী এলেকাত যে অচিৰেই এক ভয়াৱহ দুর্ঘটনা কৰিব সেয়া স্পষ্ট ৰূপত প্রকট হৈ উঠিছে৷

জালুকবাৰী উৰণীয়া সেতুৰ ওপৰত যান–বাহনসমূহ অনিয়ন্ত্রিত হৈ পৰিছে৷ তদুপৰি একাংশ অসাধু লোকে বলপূর্বক যান–বাহনসমূহৰ পৰা আদায় লৈ আহিছে গুণ্ডাকৰ৷ প্রাপ্ত অভিযোগ মতে, এনে নিকৃষ্ট কাণ্ডত গোপনে সহযোগ কৰিছে৷ জালুকবাৰী যান–বাহন আৰক্ষীয়ে৷ জালুকবাৰী ৰ’টাৰী পইণ্টটো সন্ধিয়া হ’লে ভয়াৱহ হৈ উঠে৷ মূল যাতায়াতৰ পথটোৰ দাঁতিতে সুদীর্ঘ দিন ধৰি চলি আহিছে মাছ–মাংস আৰু শাক–পাচলিৰ বজাৰ৷

সন্ধিয়া হোৱাৰ লগে লগে ৰ’টাৰী পইণ্টটোত যথেষ্টসংখ্যক লোকৰ সমাগম হয়৷ মূল পথ ঠেক হৈ পৰিছে৷ তেনেস্থলত ভয়াৱহ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈ উঠিছে৷ লক্ষণীয় যে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্রৰ তেনেই সমীপতে অকর্তৃত্বশীলভাৱে গঢ়ি উঠা অবৈধ বাছ আস্থানে সমাধি ক্ষেত্রখনৰ সৌন্দর্য ম্লান কৰিছে৷ একাংশ উদণ্ড যাত্রীৰ বাবেই সমাধি ক্ষেত্রৰ চৌহদ জাবৰ– জেজাথৰেৰে পৰিপূর্ণ হৈ পৰিছে৷

ইপিনে, সন্ধিয়া হোৱাৰ লগে লগে জালুকবাৰী ৰ’টাৰী পইণ্টটো অন্ধকাৰত নিমজ্জিত হৈ পৰাৰ সুযোগ লৈ সম্প্রতি দেহব্যৱসায়ৰ সৈতে জডিত একাংশ মহিলা–যুৱতীৰ আড্ডাস্থলীলৈ পর্যবসিত হৈ পৰিছে৷ উল্লেখনীয় যে উত্তৰ–পূর্বাঞ্চলৰ অন্যতম দুৱাৰমুখ হিচাপে পৰিগণিত জালুকবাৰী চ’কটো সম্প্রতি বিভিন্ন সমস্যাৰে জর্জৰিত হৈ পৰিছে৷

বৃহত্তৰ জালুকবাৰী ৰ’টাৰী পইণ্টটোত জালুকবাৰী আৰক্ষীৰ সন্মুখতেই গঢ়ি উঠা এনে অকর্তৃত্বশীল বেপাৰ–বাণিজ্য তথা অবৈধ আস্থান আঁতৰ কৰাৰ দাবী তুলি জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিয়ে যোৱা ১০ ছেপ্টেম্বৰত গুৱাহাটী মহানগৰীৰ পশ্চিম আৰক্ষী জিলাৰ উপ–আৰক্ষী আয়ুক্তক এখন স্মাৰক–পত্র প্রদান কৰে৷ তেনেস্থলত আৰক্ষী বিষয়াগৰাকীয়ে কেনে পদক্ষেপ গ্রহণ কৰে সেয়া পৰৱর্তী সময়ত লক্ষণীয় হ’ব৷

You might also like