নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লেকমেইলাৰ নবীন পাৰিকক গ্রেপ্তাৰ আৰক্ষীৰ

ফেচবুকত চিনাকি হৈ ‘ছেক্সটর্ছন’

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ছ’চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে চিনাকি হৈ এগৰাকী বোৱাৰীৰ সৈতে ঘনিষ্ঠতা গঢ়ি তুলি ‘ছেক্সটর্ছন’ কৰি অহাৰ অভিযোগত শোণিতপুৰ আৰক্ষীয়ে মহানগৰীৰ শান্তিপুৰৰ নবীন পাৰিক নামৰ এজন যুৱকক গ্রেপ্তাৰ কৰে৷ ফেচবুকত বন্ধুত্ব আৰু পিছলৈ অন্তৰংগ আলাপ আৰু আপত্তিজনক আলোকচিত্র আদান–প্রদান কৰি ধৃত নবীন পাৰিকে দীর্ঘদিন ধৰি বোৱাৰীগৰাকীক ব্লেকমেইলিং কৰি আহিছিল৷ ধৃত নবীনে বোৱাৰীগৰাকীৰ পৰা অনলাইনযোগে ৯০ হাজাৰ টকাও আদায় কৰিছিল৷ বোৱাৰীগৰাকীৰ আপত্তিজনক ফটো সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল কৰাৰ ভাবুকি দি হাৰাশাস্তি কৰি অহাত ভুক্তভোগী বোৱাৰীগৰাকীয়ে আৰক্ষীৰ কাষ চাপে৷ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনাৱটে বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি মহানগৰ আৰক্ষীৰ সহযোগত আজি অভিযুক্ত নবীন পাৰিকক শান্তিপুৰৰ পৰা গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, ধৃত নবীন পাৰিকে ফেচবুকৰ জৰিয়তে বিভিন্ন মহিলা–যুৱতীৰ সৈতে চিনাকি হৈ সম্পর্ক গঢ়ি তুলি এনেধৰণেৰে ‘ছেক্সটর্ছন’ কৰি ধন আদায় কৰি আহিছিল৷ সম্প্রতি শোণিতপুৰ জিলাৰ আৰক্ষীয়ে ধৃত নবীন পাৰিকক জেৰা অব্যাহত ৰাখিছে৷

You might also like