নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত খাদ্য সামগ্রীৰ মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ টাস্ক ফ’ৰ্চ গঠনৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ খাদ্য, অসামৰিক যোগান আৰু গ্রাহক পৰিক্রমা বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰীয়ে বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সচিব দেৱজ্যোতি দত্ত, যোগান বিভাগৰ সঞ্চালক মানস কুমাৰ নাথ, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত ঘনশ্যাম দাস, কৃষি বিপণন পৰিষদৰ মুখ্য কার্যবাহী বিষয়া বিদ্যুৎ বিকাশ ভাগৱতী, গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায় আদিকে ধৰি জিলা প্রশাসন, যোগান বিভাগ, কৃষি আদি বিভাগৰ বিষয়াসকলৰ সৈতে আলু–পিঁয়াজ, শাক–পাচলি, ফল–মূল, খোৱা তেল আদিকে ধৰি বিভিন্ন সামগ্রীৰ মূল্যবৃদ্ধি সম্পর্কত আলোচনা কৰে৷ সভাত কামৰূপ চেম্বার্ছ অৱ কমার্চ, অসম চেম্বার্ছ অৱ কমার্চৰ লগতে অন্যান্য ব্যৱসায়ী সন্থাৰ প্রতিনিধিসকল উপস্থিত আছিল৷ সভাত মন্ত্রীগৰাকীয়ে জিলা প্রশাসন, সংশ্লিষ্ট বিভাগৰ বিষয়াসকল আৰু ব্যৱসায়ী সন্থাৰ প্রতিনিধিসকলৰ সৈতে মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰা তথা সামগ্রীৰ পাইকাৰী আৰু খুচুৰা দৰৰ সৈতে জডিত বিভিন্ন বিষয় বিস্তৃতভাৱে আলোচনা কৰে৷ মন্ত্রীগৰাকীয়ে গ্রাহকে যাতে উচিত মূল্যত আলু–পিঁয়াজ, শাক–পাচলি আদি ক্রয় কৰিব পাৰে, তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা প্রশাসনক নির্দেশ দিয়ে৷ গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন বজাৰত আলু–পিঁয়াজ, শাক–পাচলি, খোৱা তেল, ফল–মূল আদিৰ মূল্য নিৰীক্ষণ তথা মূল্যবৃদ্ধি নিয়ন্ত্রণৰ বাবে এটা টাস্ক ফ’চ গঠন কৰাৰ সিদ্ধান্ত আজিৰ সভাত গ্রহণ কৰা হয়৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই জিলা প্রশাসন, খাদ্য আৰু অসামৰিক যোগান, আৰক্ষী, কৃষি বিপণন পৰিষদ, পৌৰ নিগম, খাদ্য সুৰক্ষা আৰু বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ বিষয়াক লৈ এই টাস্ক ফ’চ গঠন কৰিব৷ এই টাস্ক ফ’র্চে বজাৰসমূহ পৰিদর্শন কৰি পাইকাৰী আৰু খুচুৰা দৰৰ ওপৰত নজৰ ৰাখিব আৰু কোনো ব্যৱসায়ীয়ে যাতে নির্ধাৰিত দৰতকৈ অধিক মূল্যত আলু–পিঁয়াজ, শাক–পাচলি আদি বিক্রী কৰিব নোৱাৰে, সেই সম্পর্কত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব৷ সভাত হোৱা আলোচনা মর্মে আলু আৰু পিঁয়াজৰ প্রতি কেজিৰ পাইকাৰী দৰৰ সর্বাধিক ৬ টকা অধিক মূল্যতহে খুচুৰা ব্যৱসায়ীয়ে বিক্রী কৰিব পাৰিব বুলি সিদ্ধান্ত লোৱা হয়৷ মন্ত্রীগৰাকীয়ে আলু–পিঁয়াজ আদিৰ পাইকাৰী আৰু খুচুৰা দৰ ৰাইজৰ মাজত নিয়মীয়াকৈ প্রচাৰৰ বাবেও জিলা প্রশাসনক নির্দেশ দিয়ে৷ শাক–পাচলিৰ মূল্যবৃদ্ধিৰ বিষয়তো আজিৰ সভাত বিস্তৃতভাৱে আলোচনা হয় আৰু ইয়াৰ নিয়ন্ত্রণৰ বাবে মন্ত্রী চৌধুৰীয়ে জিলা প্রশাসন আৰু সংশ্লিষ্ট বিভাগক প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ গুৱাহাটী মহানগৰীৰ পামহীত থকা শাক–পাচলিৰ পাইকাৰী বজাৰৰ শাক–পাচলিৰ পাইকাৰী মূল্যই মহানগৰীৰ অন্যান্য বজাৰৰো শাক–পাচলিৰ পাইকাৰী মূল্য হ’ব বুলি আজিৰ সভাত সিদ্ধান্ত লোৱা হয়৷ কোনো ব্যৱসায়ীয়ে যাতে অত্যধিক মূল্যত শাক–পাচলি বিক্রী কৰিব নোৱাৰে, সেই বিষয়তো প্রশাসনে গঠন কৰা টাস্ক ফ’চটোৱে তদাৰক কৰিব৷ সভাত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত পল্লৱী কছাৰী, খাদ্য আৰু যোগান বিভাগৰ উপ–সঞ্চালক প্রমোদ শ্যামকে ধৰি সংশ্লিষ্ট বিভাগৰ বিষয়াসকল আৰু ব্যৱসায়ী সন্থাসমূহৰ প্রতিনিধি উপস্থিত আছিল৷

You might also like