বিশ্বৰ বৃহত্তম হাতী কেয়াৰ চেণ্টাৰ কেৰালাত
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ কেৰালাৰ ৰাজধানী চহৰৰ পৰা ২৫ কিলোমিটাৰ নিলগত ক’ট্ট’ৰত অৱস্থিত হাতী কেয়াৰ চেণ্টাৰটো বিশ্বৰ বৃহত্তম হাতী কেয়াৰ হিচাপে স্বীকৃতি লাভ কৰিছে৷ হাতীৰ পুনৰ সংস্থাপন কেন্দ্র হিচাপে চর্চিত ক’ট্ট’ৰৰ জাম্ব’ কেয়াৰ চেণ্টাৰত ৫০তকৈ অধিক হাতী ৰখা হৈছে৷ ১৭৬ হেক্টৰ ভূমিৰে আৱৰা এই কেয়াৰ চেণ্টাৰটোত হাতীক লালন–পালন কৰাৰ লগতে যতনৰ ক্ষেত্রত সকলো সা–সুবিধা আছে৷ ৰাজ্য চৰকাৰে বিশেষ আঁচনিৰে এই চেণ্টাৰটি বিশ্বমানৰ কৰি তোলাৰ লগতে হাতীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্রত অত্যাধুনিক ব্যৱস্থা সন্নিৱিষ্ট কৰিছে৷ প্রাকৃতিক জৈৱ–বৈচিত্র্যৰ সমাহাৰেৰে চেণ্টাৰটিক এনেদৰে সজাই তোলা হৈছে যে চেণ্টাৰটিত থকা হাতীয়ে প্রাকৃতিক জীৱন লাভ কৰিবলৈ সক্ষম হয়৷ কেৰালা আন্তঃগাঁথনি বিনিয়োগ পুঁজি ব’ডৰ পৰা প্রথম পর্যায়ত ১০৮ কোটি টকা ব্যয় কৰে৷ সেউজ ঘাঁহনিৰে পৰিপুষ্ট এই চেণ্টাৰটোত ৫০টা হাতীক সকলো সা–সুবিধা দি ৰাখিব পাৰি৷ হাতীৰ পোৱালিক লালন–পালন কৰাৰ ক্ষেত্রতো চেণ্টাৰটিত বিশেষ সুবিধা আছে৷