নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জালত ৫ হত্যাকাৰীঃ পলাতক ৭

নুনমাটিৰ পূব ত্রিনয়নপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ বিচাৰ কৰাৰ নামত অঞ্চলটোৰ মুৰব্বীয়ে লাঠীৰে কোবাই কোবাই ৰাজু দাস নামৰ যুৱকজনক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত নুনমাটি আৰক্ষীয়ে কালি নিশা গুৱাহাটীৰ বিভিন্ন প্রান্তত অভিযান চলাই ৫জন হত্যাকাৰীক গ্রেপ্তাৰ কৰে৷ অৱশ্যে আন ৭জন হত্যাকাৰী এতিয়াও পলাতক হৈ আছে৷ ধৃত হত্যাকাৰীকেইজন হৈছে নুনমাটিৰ পূব ত্রিনয়নপুৰৰ বাসিন্দা উৎপল দত্ত, কমল দাস, বিজু পেগু, ৰূপেন কলিতা আৰু বিজয় ৰয়৷ আৰক্ষীৰ জেৰাত ধৃত লোককেইজনে ৰাজু দাসক হত্যা কৰাৰ কথা স্বীকাৰ কৰে৷ উল্লেখ্য যে যোৱা ৬ জানুৱাৰীত নুনমাটিৰ পূব ত্রিনয়নপুৰৰ ৰাজু দাস আৰু পত্নী অণিমা দাসৰ লগত কাজিয়াৰ সূত্রপাত হয়৷ উত্তেজিত হৈ স্বামী–স্ত্রীয়ে পৰস্পৰ পৰস্পৰক প্রহাৰ কৰে৷ নিশাই পত্নী অণিমা দাস ঘৰৰ পৰা ওলাই গৈ পূব ত্রিনয়নপুৰ উন্নয়ন সমিতিৰ ওচৰত স্বামীৰ বিৰুদ্ধে বিচাৰ দিয়ে৷ সেইদিনা নিশাই ডেৰ বজাত সভাপতি/সম্পাদকৰ নেতৃত্বত ১২জনীয়া দুর্বৃত্তৰ দলে ৰাজু দাসৰ ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্রৱেশ কৰি শুই থকা ৰাজু দাসক লাঠীৰে উপর্যুপৰি প্রহাৰ কৰে৷ পুৱতি নিশা চাৰি বজাত নুনমাটি আৰক্ষীয়ে সংকটজনক অৱস্থাত ৰাজু দাসক উদ্ধাৰ কৰি জি এম চি এইচত সংকটজনক অৱস্থাত ভর্তি কৰায়৷ চিকিৎসাধীন অৱস্থাতে ৰাজু দাসে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে৷

You might also like