নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰী শিক্ষাৰ অন্ধকাৰ যুগ

‘পিএইচডি, মাষ্টাৰ ডিগ্রীৰ কোনো মূল্য নাই৷ বর্তমান সময়ত এনে ডিগ্রীবোৰ মূল্যহীন হৈ পৰিছে৷ কাৰণ মোল্লা আৰু তালিবান নেতাসকলৰ কাৰো পি এইচ ডি, মাষ্টাৰ ডিগ্রী আনকি হাইস্কুলৰ ডিগ্রীও নাই৷ কিন্তু তেওঁলোকেই শ্রেষ্ঠ৷’ –আফগানিস্তানত তালিবানৰ নতুন শিক্ষামন্ত্রীৰ এয়া মন্তব্য৷ তালিবানে চৰকাৰ ঘোষণা কৰাৰ পাছতে শিক্ষামন্ত্রী শ্বেখ মৌলবী নুৰুল্লা মুনিৰে এই মন্তব্য কৰিছে৷ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ আফগানিস্তানত তালিবানৰ চৰকাৰ কেনে হ’ব শিক্ষামন্ত্রীগৰাকীৰ মন্তব্যই স্পষ্ট কৰি দিছে৷ আফগান নাগৰিকসকলৰ গৰিষ্ঠসংখ্যকেই আশংকা প্রকাশ কৰিছে যে বিগত দুটা দশকত দেশখনত যি শিক্ষা ব্যৱস্থা চলি আছিল, তালিবানী শাসনত এয়া সম্পূর্ণৰূপে ধ্বংস হ’ব৷ ইয়াৰ পূর্বে ১৯৯৬ৰ পৰা ২০০১ চন পর্যন্ত তালিবানৰ প্রথম শাসনত আফগানিস্তানত কিশোৰী–যুৱতীসকলৰ্ শিক্ষানুষ্ঠানলৈ যোৱাৰ অধিকাৰ নাছিল৷ কিন্তু এইবাৰ কাবুল দখল কৰাৰ পাছতে তালিবানে উল্লেখ কৰিছিল যে নাৰী শিক্ষাত গুৰুত্ব প্রদান কৰা হ’ব৷ নাৰীৰ বাবে স্কুল–কলেজত অধ্যয়নৰ ব্যৱস্থা থাকিব৷ অৱশ্যে শ্বৰিয়ত আইন মানিহে নাৰীক শিক্ষা লাভৰ অধিকাৰ প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছিল তালিবানে৷ কিন্তু কালি চৰকাৰ ঘোষণা কৰাৰ পাছতে তালিবানৰ শিক্ষামন্ত্রীয়ে একপ্রকাশ স্পষ্ট কৰি দিলে যে দেশখনক পুনৰ অশিক্ষাৰ অন্ধকাৰ যুগলৈ লৈ যোৱা হ’ব৷ লক্ষণীয়ভাৱে ইতিমধ্যে তালিবানে মহিলাসকলৰ বিৰুদ্ধে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে৷ আনকি মহিলাই বিদ্যালয়ত হিজাব আৰু বোর্খা পৰিধান কৰিব লাগিব বুলি ফতোৱা জাৰি কৰিছে কট্টৰ ইছলামিষ্ট গোটটোৱে৷ তালিবানৰ এই ফতোৱাৰ প্রতিবাদ কৰিছে কলেজ–বিশ্ববিদ্যালয়্ অধ্যাপকসকলে৷ লক্ষণীয়ভাৱে তালিবানৰ নিষেধাজ্ঞাৰ বাবেই দেশখনত শিক্ষানুষ্ঠান মুকলি কৰা হৈছে যদিও শিক্ষার্থীসকলে অধ্যয়নৰ বাবে এতিয়াও উপস্থিত হোৱা নাই৷
তালিবানৰ নতুন চৰকাৰ গঠনক লৈ বিভিন্ন দেশত চলিছিল উৎকণ্ঠা৷ পূর্বৰ ভুলৰ পৰা তালিবানে শিক্ষা গ্রহণ কৰি আফগানিস্তানত আন্তর্জাতিকভাৱে এক বৈধ চৰকাৰ গঠন কৰিব পাকিস্তান–চীন–ৰাছি বিভিন্ন দেশে আশা প্রকাশ কৰিছিল৷ কিন্তু ১৫ আগষ্টত কাবুল দখল কৰাৰ পাছত সঘনে সলনি হয় তালিবানৰ চৰকাৰ গঠনৰ প্রেক্ষাপট৷ ইৰানৰ আর্হিত দেশখনৰ চৰকাৰৰ শীর্ষ নেতা হিচাপে আখুণ্ডজাদাক দায়িত্ব প্রদান কৰি মোল্লা হাছান আখুণ্ডক কার্যকৰী প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়া হৈছে৷ লক্ষণীয়ভাৱে আন্তর্জাতিক ক্ষেত্রত তালিবানৰ বহুচর্চিত নেতা মোল্লা ঘানি বাৰাদৰক উপ–প্রধানমন্ত্রীৰ দায়িত্বহে প্রদান কৰা হৈছে৷ কিন্তু হাছান আখুণ্ড হৈছে ৰাষ্ট্রসংঘৰ দ্বাৰা গোলকীয় সন্ত্রাসবাদী হিচাপে চিহ্ণিত এগৰাকী ব্যক্তি৷ ইফালে মন্ত্রীসভাত স্থান লাভ কৰা চিৰাজুদ্দিন হাক্কানি হৈছে আমেৰিকান চোৰাংচোৱা সংস্থা এফ বি আইৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী৷ এনে কুখ্যাত সন্ত্রাসবাদীসকলকে তালিবানে চৰকাৰত স্থান দিছে৷ এইবাৰ মহিলাৰ প্রতি কিছু নৰমপন্থী দৃষ্টিভংগী গ্রহণ কৰিব বুলি তালিবানে বিভিন্ন সময়ত ঘোষণা কৰি আহিছে যদিও নতুন চৰকাৰত এগৰাকীও মহিলাক স্থান দিয়া নাই৷ বিষয়টোক লৈ সমগ্র দেশখনতে সৃষ্টি হৈছে প্রতিক্রিয়া৷ ইফালে তালিবানৰ উত্থানত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই আৰু দেশখনৰ সেনাৰ প্রত্যক্ষ সহযোগিতা থকা কথাটো পোহৰলৈ অহাৰ লগে লগে আফগানিস্তানত তালিবানৰ সমান্তৰালকৈ পাকিস্তানবিৰোধী বিক্ষোভৰো উদ্গীৰণ ঘটিছে৷ এনে এক অস্থিৰ পৰিস্থিতিৰ মাজতে তালিবানে যি নতুন চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে, সেই চৰকাৰক বিদেশী ৰাষ্ট্রসমূহে অনুমোদন জনাব নে নাই সেয়া এক চিন্তাৰ বিষয়৷ কাৰণ আন্তর্জাতিক সম্প্রদায়সমূহক দিয়া প্রতিশ্রুতি আৰম্ভণিৰে পৰা ৰক্ষা কৰাত ব্যর্থ হৈছে তালিবান৷ গতিকে কট্টৰ ইছলামপন্থী তালিবানক বিশ্বৰ অধিকসংখ্যক দেশেই আস্থাত নোলোৱাৰ সম্ভাৱনাই প্রবল৷ অৱশ্যে সময়েহে ক’ব আফগানিস্তানক তালিবানৰ চৰকাৰে কি ধৰণে আগবঢ়াই নিয়ে৷

You might also like