নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনেমাৰ বর্তমান আৰু ভৱিষ্যৎ

ক’ৰোনাই স্থবিৰ কৰি দিয়া পৃথিৱীখনে লাহে লাহে পুনৰ আগৰ অৱস্থালৈ উভতি যোৱাৰ চেষ্টা চলাইছে৷ কিন্তু আটাইতকৈ ডাঙৰ কথা হ’ল– এটা বৃহৎ পৰিৱর্তনৰ পাছত কোনেও পুনৰ আগৰ ঠাইলৈ যাব নোৱাৰে, পৰিৱর্তনে সলনি কৰি দিয়া প্রেক্ষাপটত কম–বেছি পৰিমাণে সকলো সলনি হ’বলৈ বাধ্য হৈ পৰে আৰু সেয়াই স্বাভাৱিক৷ এই বাধ্য–বাধকতাৰ চিন প্রকাশিত হৈছে চিনেমা মাধ্যমত৷ একেটা চিনেমা হলতে এখন ছবিয়ে ৰূপালী জয়ন্তী, সোণালী জয়ন্তী উদ্যাপন কৰা আদি ঘটনাবোৰ সাধুকথালৈ ৰূপান্তৰিত হোৱাৰ সময়তে আহি ওলাইছিল ১০০ কোটি টকাৰ ক্লাবৰ সাধুকথা আৰু ক’ৰোনাই সেই ১০০ কোটিৰ ক্লাবৰ সাধুকথাকো সামৰি দিলে৷

কেতিয়া চিনেমা হলবোৰ খোলে তাৰ একো নিশ্চয়তা নাই, খুলিলেও সামাজিক দূৰত্বৰ কথামতে প্রেক্ষাগৃহত কিমান মানুহক সোমাবলৈ দিয়ে, সেইবোৰ প্রায় কাৰো অনুমানৰ ভিতৰত নাই৷ কিন্তু ‘শ্ব’ মাষ্ট গো অন’ আৰু সেই সুবিধাকে লৈছে ইণ্টাৰনেটনির্ভৰ ছবি প্রদর্শন ব্যৱস্থাই৷ ইণ্টাৰনেটভিত্তিক ছবি প্রদর্শন ব্যৱস্থা আৰম্ভ হৈছিল, কম–বেছি পৰিমাণে জনপ্রিয়ও হ’বলৈ আৰম্ভ কৰিছিল৷ ক’ৰোনাৰ বাবে মানুহ বাহিৰলৈ ওলাব নোৱৰা হোৱাৰ পৰিৱেশত এই প্লেটফর্মৰ চাহিদা বাঢ়িবলৈ ধৰিলে৷

বলীউডৰ কেইবাখনো বিগ বাজেটৰ ছবি ৰিলিজ দিবলগীয়া আছিল, কিন্তু ইণ্টাৰনেটভিত্তিক বিতৰণ ব্যৱস্থাই ছবিৰ বাবে যিমান নগদ ধন দিব বিচাৰে, অর্থাৎ ছবিখনৰ মূল্য যিমান দিব খোজে, সেই পৰিমাণত সন্তুষ্ট হোৱাটো বলীউডৰ বিগ বাজেটৰ ছবিৰ প্রযোজকৰ বাবে সম্ভৱ নাছিল৷ কমিছনৰ ভিত্তিত প্রদর্শনৰ কথাও আছে, এই প্রদর্শন আন্তর্জাতিক স্তৰত হ’ব, একেলগে বহু দর্শক পাব আৰু ছবি বিতৰণৰ খৰচো নাই, এইটো আর্হিও সাজু হৈছে৷ কিন্তু যিয়েই নহওক কিয়, ছবি বিতৰণৰ পৰম্পৰাগত যিটো পদ্ধতি আছে তাত লাভৰ যিটো পৰিমাণ কল্পনা কৰিব পাৰি, সেই কল্পনা ইণ্টাৰনেটভিত্তিক পৰিৱেশনত হিচাপ কৰিব পৰা হোৱা নাই৷ ইণ্টাৰনেটভিত্তিক ছবি প্রদর্শনৰ কথা অহাৰ লগে লগেই ছবি প্রদর্শনকাৰী চিত্রগৃহৰ স্বত্বাধিকাৰী পিভিআৰ–এ মুকলিভাৱে এই প্রচেষ্টাৰ বিৰোধিতা কৰি অনুৰোধ কৰিছিল যে ইমান দিনে যিহেতু ছবিৰ প্রযোজক, বিতৰক আৰু প্রেক্ষাগৃহৰ স্বত্বাধিকাৰীয়ে এজনে আনজনৰ কান্ধত ধৰি একেলগে ব্যৱসায় কৰি আহিছিল, গতিকে বিপদৰ সময়ত এজনক এৰি দিয়াটো ভাল কথা হোৱা নাই৷

ইণ্টাৰনেটভিত্তিক ছবি প্রদর্শন ব্যৱস্থাত পূর্বতে ইতিমধ্যে মুক্তি লাভ কৰা ছবি প্রদর্শন কৰা হৈছিল, চিত্রগৃহৰ পৰা আহৰণ কৰিব পৰা ৰাজহখিনিৰ পাছত আৰু ৰাজহ আহৰণ কৰাৰ অতিৰিক্ত মাধ্যম হিচাপে এই ব্যৱস্থাটোক গণ্য কৰা হৈছিল৷ কিন্তু সেই ব্যৱস্থাটোক নতুন ৰূপ দিবলৈ গৈ চিত্রগৃহৰ প্রথম স্থানটোক দ্বিতীয় স্থানলৈ নিব বিচৰাটো চিত্রগৃহৰ স্বত্বাধিকাৰীয়ে ভাল নোপোৱাই স্বাভাৱিক৷ ইণ্টাৰনেটৰ সৌজন্যত ছবিখন চোৱাৰ পাছত সেই একেখন ছবিকে প্রেক্ষাগৃহত যিমান মানুহে চাব, সেই সংখ্যাই বলীউডৰ ১০০ কোটি ক্লাবৰ অস্তিত্ব জীয়াই ৰাখিব নোৱাৰিব৷

এইটোও ঠিক যে প্রতিটো সংস্থাই নিজৰ নিজৰ মুনাফাৰ কথা ভাবিবই আৰু সেই চিন্তাৰ মাজত কিবা এটা সমন্বয় ওলালেহেব্যৱসায়টো এটা দিশত আগবাঢ়িব৷ এই মুহূর্তত দেখা যায় যে বলীউডে অস্তিত্ব ৰক্ষাৰ বাবে ইণ্টাৰনেটভিত্তিক পৰিৱেশনৰ কথা অগ্রাহ্য কৰিব নোৱাৰে আৰু অমিতাভ বচ্চনৰ ছবিৰেই কামটোৰ ভালদৰে আৰম্ভণি কৰা হৈছে৷ এটা কথা ঠিক যে এই মুহূর্তত ভৱিষ্যতৰ যিখন ছবি দেখা গৈছে, তাত ইণ্টাৰনেটভিত্তিক পৰিৱেশন ব্যৱস্থাই ছবিৰ ভৱিষ্যৎ ছবি নির্মাতাৰো, পৰিৱেশকৰো৷ এই ব্যৱস্থাৰ বাবে সাজু হোৱাটোহে ডাঙৰ কথা৷ আনন্দৰ কথা এয়ে যে অসমৰো দুটিমান সংস্থাই এনে পথেৰে আগবাঢ়িছে৷ হয়তো উপযুক্ত পৰিকল্পনা আৰু ভৱিষ্যদৃষ্টিৰে তেওঁলোকে নিজকে সফল ব্যৱসায়ী হিচাপে প্রতিষ্ঠা কৰিব আৰু অকল অসমৰ নহয়, সমগ্র উত্তৰ–পূবৰ ছবিক আগবঢ়াই নিয়া কামৰ অংশীদাৰ হ’ব৷ কিন্তু এই কথাটোও ঠিক যে ক’ৰোনাই মানুহৰ মন আৰু সামাজিক চিন্তাক যেনেদৰে সূক্ষ্মভাৱে সলনি কৰিছে, সেই কথা অনুধাৱন নকৰাকৈ কৰা ব্যবসায়িক পৰিকল্পনা কিমানদূৰ সফল হ’ব, তাত সন্দেহ ৰৈ যায়৷

You might also like