নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক আইনক সন্মান জনাওক সকলোৱে, জয়শংকৰৰ আহ্বান

ভাৰত–চীনক বিদেশী ৰাষ্ট্রৰ সহায়ৰ প্রয়োজন নাইঃ লেভৰ’ভ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ সীমান্তত ভাৰত–চীনৰ মাজত উত্তেজনা তুংগত উঠা সময়তে আজি বিদেশ মন্ত্রী এছ জয়শংকৰে ৰাছিয়া আৰু চীনৰ বিদেশ মন্ত্রীদ্বয়ৰ সৈতে হোৱা ভার্চুৱেল বৈঠকত কোনো দেশৰ নাম উল্লেখ নকৰাকৈ কয় যে বিশ্বৰ নেতৃত্ব বহনকাৰী সংস্থাসমূহে আন্তর্জাতিক আইনৰ প্রতি সন্মান জনাই সকলো সহযোগীৰ স্বার্থৰ প্রতি গুৰুত্ব আৰোপ কৰা উচিত৷ অর্থাৎ সকলো দেশৰ সুৰক্ষা আৰু স্বার্থই গুৰুত্ব লাভ কৰা উচিত বুলি বিদেশ মন্ত্রী জয়শংকৰে উল্লেখ কৰিছে৷

ৰাছিয়া, ভাৰত, চীন (আৰআইচি)ৰ এই গুৰুত্বপূর্ণ বৈঠকত সিদ্ধান্ত গ্রহণকাৰী ৰাষ্ট্রসংঘৰ দৰে আন্তর্জাতিক সংস্থাক ভাৰতৰ শক্তিশালী ভূমিকাৰ প্রসংগও উত্থাপন কৰে জয়শংকৰে৷ তাৎপর্যপূর্ণভাৱে বহুপক্ষীয় আন্তর্জাতিক সংস্থাসমূহৰ সংস্কাৰৰ প্রসংগটো কৌশলেৰে বিদেশ মন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে৷ ভাৰতে সদায় আন্তর্জাতিক সম্পর্কৰ ক্ষেত্রত সময়ে আহ্বান কৰা নীতিক বিশ্বাস কৰি অহা বুলিও মন্তব্য কৰিছে৷ বহুত্ববাদ আৰু উমৈহতীয়া স্বার্থৰক্ষাৰ প্রতি সমর্থনেহে আন্তর্জাতিক সংস্থাবোৰৰ কাম–কাজ সুচাৰু ৰূপে চলি থকাত সহায় কৰিব বুলি জয়শংকৰে কৰা মন্তব্যই বিশেষ তাৎপর্য কঢ়িয়াইছে৷

চীনা বিদেশ মন্ত্রী ৱাং য়িৰ সৈতে ১৭ জুনত হোৱা টেলিফোনিক বার্তালাপত মন্ত্রী জয়শংকৰে উল্লেখ কৰিছিল যে প্রকৃত নিয়ন্ত্রণৰেখা (এলএচি)ত সৃষ্টি হোৱা সংঘর্ষ আৰু সৈনিকৰ মৃত্যুৰ অন্তৰালত চীনা বাহিনীৰ পৰিকল্পিত আক্রমণৰ বিষয়টো জড়িত হৈ আছে৷ লক্ষণীয়ভাৱে চীনে সীমান্তত উত্তেজনা বৃদ্ধিৰ ক্ষেত্রত বাৰে বাৰে ভাৰতক দোষাৰোপ কৰি আহিছে যদিও দশকৰ পাছত দশক ধৰি ভাৰতে বিবদমান অঞ্চলত সুস্থিৰতা অক্ষত ৰখাৰ স্বার্থত কাম কৰি আহিছে৷ লাডাখৰ গালৱান উপত্যকাত চীনে সার্বভৌমত্ব দাবী কৰি থকা সময়তে দ্বিতীয় বিশ্বযুদ্ধৰ অৱসানৰ লগতে ৰাষ্ট্রসংঘ প্রতিষ্ঠাৰ ৭৫ বছৰ পূর্তি উপলক্ষে ৰাছিয়াই তিনিওখন দেশৰ বিদেশ মন্ত্রীৰ এই বৈঠকৰ আয়োজন কৰিছে৷

যোৱা মার্চ মাহতেই এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড–১৯ মহামাৰীৰ বাবে সময়সূচী পিছুৱাই দিয়া হয়৷ দুয়োগৰাকী বিদেশ মন্ত্রীৰ সৈতে বার্তালাপত জয়শংকৰে প্রসংগক্রমে উল্লেখ কৰে যে ১৯৪০ৰ দশকৰ সময়ছোৱাত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবেই বিশ্বযুদ্ধত দেশখনৰ অৰিহণাই স্বীকৃতি লাভ কৰা নাই৷ ঐতিহাসিক এই অন্যায় ৭৫ বছৰ ধৰি চলি থকা বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ গতিকে ভাৰতৰ অৱদানৰ বিষয়টোক স্বীকৃতি দিয়াৰ এয়াই সময় বুলিও মন্তব্য কৰে জয়শংকৰে৷

স্মর্তব্য যে ২৩ লাখ ভাৰতীয় যোদ্ধাই দ্বিতীয় বিশ্বযুদ্ধত অংশগ্রহণ কৰাৰ উপৰি যুদ্ধ সামগ্রী উৎপাদনৰ ক্ষেত্রত অংশগ্রহণ কৰিছিল অন্য এক কোটি ৪০ লাখে৷ ৫০ সদস্য দেশৰে আৰম্ভ হোৱা ৰাষ্ট্রসংঘৰ আজি সদস্য সংখ্যা ১৯৩৷ এনে এক বৃহৎ আন্তর্জাতিক সংস্থাই বহুত্ববাদৰ আদর্শক মানি চলা উচিত বুলিও জয়শংকৰে মন্তব্য কৰিছে৷

উচ্চায়ুক্ত কার্যালয়ৰ কর্মী ৫০ শতাংশ হ্রাস ভাৰত–পাকৰ

উত্তৰ প্রান্তৰ লাডাখ সীমান্তত চীন আৰু ভাৰতৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে অন্য চিৰবৈৰী প্রতিবেশী ৰাষ্ট্র পাকিস্তানৰ সৈতে সম্পর্কৰ দ্রুত অৱনতি ঘটিছিল ভাৰতৰ৷ বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা আজি ঘোষণা কৰা হৈছে যে ইছলামাবাদস্থিত ভাৰতীয় দূতাবাসৰ কর্মীৰ সংখ্যা ৫০ শতাংশ শীঘ্রে দেশলৈ ওভতাই অনা হ’ব৷ অনুৰূপ সিদ্ধান্ত গ্রহণ কৰি পাকিস্তানেও নতুন দিল্লীত থকা উচ্চায়ুক্তৰ কার্যালয়ৰ ৫০ শতাংশ কর্মীক গৃহভূমিলৈ ওভতাই নিয়াৰ সিদ্ধান্ত লৈছে৷

স্মর্তব্য যে চীনৰ সৈতে ভাৰতৰ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে পাকৰ লগতো কূটনৈতিক সম্পর্কৰ চৰম অৱনতি ঘটিছে৷ আগন্তুক সাত দিনৰ ভিতৰত উচ্চায়ুক্তৰ কার্যালয়ৰ কর্মীৰ সংখ্যা হ্রাস কৰাৰ প্রক্রিয়া সম্পূর্ণ হ’ব বুলি আজি বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ আজি পুৱাৰ ভাগত বিদেশ মন্ত্রালয়ে পাকিস্তানী উচ্চায়ুক্তৰ কার্যালয়লৈ জাননী জাৰি কৰি ইয়াৰ কর্মীসকলৰ চোৰাংচোৱা বৃত্তি আৰু সন্ত্রাসবাদী সংগঠনৰে সম্পর্কৰ বিষয়টোক লৈ নতুন দিল্লী প্রশাসন উদ্বিগ্ণ বুলি উল্লেখ কৰা হয়৷

উল্লেখনীয় যে পাকিস্তানৰ কূটনৈতিক আৰু কনছুলাৰ কর্মীসকলৰ আচৰণে দ্বিপাক্ষিক চুক্তিৰ ক্ষেত্রত থকা ভিয়েনা কনভেনচনৰ নির্দেশাৱলী উলংঘা কৰা বুলিও অভিযোগ কৰিছে ভাৰতে৷ সঘনে নতুন দিল্লী প্রশাসনে অভিযোগ কৰি আহিছে যে ভাৰত ভূমিত সন্ত্রাস বিয়পোৱাৰ ক্ষেত্রত পাক উচ্চায়ুক্তৰ কার্যালয়ে কাশ্মীৰী সন্ত্রাসবাদীসকলক বিশেষভাৱে ইন্ধন যোগাই আহিছে৷ অৱশ্যে এই কথা বাৰে বাৰে পাকিস্তানে অগ্রাহ্য কৰি আহিছে যদিও আন্তর্জাতিক সম্প্রদায়ৰ সন্মুখত দেশখনৰ দুমুখীয়া স্বৰূপ ইতিমধ্যে উন্মোচন হৈছে৷

ভাৰত–চীনক বিদেশী ৰাষ্ট্রৰ সহায়ৰ প্রয়োজন নাইঃ লেভৰ’ভ

ৰাছিয়া, ভাৰত, চীন (আৰআইচি)ৰ বিদেশ মন্ত্রীৰ বৈঠকৰ পাছতে আজি ৰাছিয়া বিদেশ মন্ত্রী ছেৰগেই লেভৰ’ভে মন্তব্য কৰিছে যে চীন–ভাৰতৰ মাজত সীমান্তত উত্তেজনা তুংগত উঠিছে যদিও দুয়োখন দেশক এইক্ষেত্রত সমস্যা সমাধানৰ বাবে কোনো বিদেশী ৰাষ্ট্রই সহায় কৰাৰ প্রয়োজন নাই৷ যোৱা সপ্তাহত লাডাখৰ গালৱান উপত্যকাত চীন–ভাৰতৰ সেনাৰ মাজত সৃষ্টি হোৱা সংঘর্ষত প্রাণ হেৰুৱাইছিল ২০জন ভাৰতীয় জোৱানে৷ এই সংঘর্ষত ভাৰতৰ দাবী অনুসৰি ৪০গৰাকীতকৈ অধিক চীনা সৈনিকৰ প্রাণহানি হৈছিল৷ ইয়াকে লৈ দুয়োখন দেশৰ মাজত সীমান্তত সৃষ্টি হৈছে যুদ্ধৰ আশংকা৷ এই আশংকা অব্যাহত থকাৰ সময়তে তিনিওখন দেশৰ বিদেশ মন্ত্রীৰ মাজত ভার্চুৱেল বৈঠক অনুষ্ঠিত হৈছে যদিও ৰুছ বিদেশ মন্ত্রীগৰাকীয়ে দুই প্রতিবেশী ৰাষ্ট্র ভাৰত–চীনক আভ্যন্তৰীণ সমস্যা সমাধানৰ ক্ষেত্রত কোনো তৃতীয় দেশে সহায় কৰাৰ প্রয়োজন নাই বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ লক্ষণীয়ভাৱে নতুন দিল্লী প্রশাসন আৰু বেইজিঙে শান্তিপূর্ণভাৱে সীমান্তত সৃষ্টি হোৱা সমস্যাৰ সমাধান বিচৰা বুলিও লেভৰ’ভে উল্লেখ কৰিছে৷

You might also like