ভাৰত–আমেৰিকাৰ মৈত্রী
ড’নাল্ড ট্রাম্পৰ দুদিনীয়া ভাৰত ভ্রমণে আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্র আৰু সবাতোকৈ পুৰণি ৰাষ্ট্রখনৰ দ্বিপাক্ষিক সম্পর্কক নতুন উচ্চতা প্রদান কৰিলে৷ লগতে সমগ্র বিশ্ববাসীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ব্যক্তিগত মধুৰ সম্পর্কৰ উষ্ণতাক পুনৰ প্রত্যক্ষ কৰিবলৈ সক্ষম হ’ল৷ ইয়াৰ পূর্বে আমেৰিকা যুক্তৰাষ্ট্রত অনুষ্ঠিত ‘হাউডি মোদী’ৰ জৰিয়তে দুয়োগৰাকী নেতাৰ অতুলনীয় তথা সহজ বন্ধুত্বপূর্ণ সম্পর্কৰ প্রকাশ দেখিছিল৷ বিশ্বৰ দুখন ৰাষ্ট্রনেতাৰ মাজত এনেধৰণৰ সহজ সম্পর্ক তেতিয়াহে সম্ভৱ হয়, যেতিয়া দুয়োখন ৰাষ্ট্রৰ মাজত আস্থা আৰু মর্যাদাই বিশেষ গুৰুত্ব লাভ কৰে৷ সেই দৃষ্টিকোণৰ পৰা প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্রপতি ট্রাম্পৰ ব্যক্তিগত সম্পর্কৰ ভেটি দুয়োখন ৰাষ্ট্রৰ মাজত গঢ় লৈ উঠা মধুৰ সম্পর্কই গঢ়ি দিয়া বুলি ক’ব পাৰি৷ ইয়াৰ পূর্বে তদানীন্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে আমেৰিকা যুক্তৰাষ্ট্রক ভাৰতৰ স্বাভাৱিক সহযোগী বুলি আখ্যা দিছিল৷ ইয়ে প্রমাণ কৰে যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ দ্বিপাক্ষিক সম্পর্কই এটা নতুন উচ্চতা লাভ কৰিবলৈ সক্ষম হৈছে৷ বন্ধুত্বপূর্ণ সম্পর্কৰ এই ধাৰাবাহিকতা অব্যাহত থাকিলে সমাগত দিনত দুয়োখন ৰাষ্ট্রই বিশ্বৰ বুকুত নতুন ইতিহাস সূচনা কৰিব পাৰিব বুলি আশা কৰিব পাৰি৷ অৱশ্যে এইটোও ঠিক যে স্বার্থ অবিহনে আমেৰিকা যুক্তৰাষ্ট্রই কোনো ৰাষ্ট্রৰ সৈতে বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্রৰ লগত তেনেধৰণৰ সম্পর্ক ৰক্ষা নকৰে৷ ইয়াৰ জ্বলন্ত উদাহৰণ পাকিস্তান৷ তদানীন্তন ছোভিয়েট ৰাছিয়াৰ আধিপত্য খর্ব কৰাৰ বাবে আমেৰিকাই এসময়ত পাকিস্তানৰ সৈতে হাত মিলাইছিল৷ বিশ্বৰ সবাতোকৈ শক্তিশালী ৰাষ্ট্রখনে পাকিস্তানক সমৰাস্ত্র, ধন, উন্নত প্রযুক্তিসহ বিভিন্ন ধৰণে সহায়–সহযোগ কৰিছিল৷ পাকিস্তানৰ জৰিয়তে মৌলবাদী শক্তিৰ জন্ম দি আফগানিস্তানৰ পৰা ছোভিয়েট ৰাছিয়াৰ সেনাবাহিনীক খেদি পঠিয়াইছিল৷ পৰৱর্তী কালত একেখন ৰাষ্ট্রই পাকিস্তানক সন্ত্রাসবাদৰ পৃষ্ঠপোষক আখ্যা দি আগবঢ়াই অহা অনুদান বন্ধ কৰি দিছিল৷ আনহাতে, শেহতীয়াকৈ তালিবানৰ সৈতে আলোচনাৰ স্বার্থত পুনৰ পাকিস্তানৰ সহায় ল’বলৈ আগবাঢ়ি আহে৷ এনে এখন ৰাষ্ট্রৰ সৈতে সম্পর্কৰ ভাৰসাম্য ৰক্ষা কৰি চলাটো ভাৰতৰ দৰে উচ্চাকাংক্ষী ৰাষ্ট্র এখনৰ বাবে অতি জৰুৰী৷ ভাৰতবর্ষই সেই কূটনৈতিক কৌশল অৱলম্বন কৰাত এতিয়ালৈকে সফল বুলি ক’ব পাৰি৷ দেশখনে আমেৰিকাৰ ৰঙা চকুলৈ কেৰেপ নকৰি ৰাছিয়াৰ পৰা সমৰাস্ত্র, ক্ষেপণাস্ত্র আদি ক্রয় কৰাৰ সিদ্ধান্তৰ পৰা আঁতৰি নাহিল৷ একেদৰে ফ্রান্সৰ পৰা ৰাফেল বিমান ক্রয় কৰাৰ ক্ষেত্রতো আমেৰিকাৰ বাধা নামানি ভাৰতবর্ষই দৃঢ়তা প্রদর্শন কৰিবলৈ সক্ষম হয়৷ যিয়েই নহওক, ৰাষ্ট্রহিতৰ সৈতে প্রায় আপোচ নকৰাকৈ আমেৰিকাৰ সৈতে ভাৰতবর্ষৰ আজি যি সম্পর্ক, সেইটোৰ প্রাপ্তিত প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ব্যক্তিগত সম্পর্কই যথেষ্ট প্রভাৱ পেলাইছে৷
এইটো সর্বজনবিদিত যে ভাৰতবর্ষই ২০২৫ চনলৈ নিজৰ আর্থিক আকাৰ পাঁচ ট্রিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ কিন্তু দেশখনৰ সাম্প্রতিক বিকাশৰ হাৰ ইমানেই হতাশাজনক যে সেই লক্ষ্য পূৰণ কৰাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ ভাৰতবর্ষই ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ হ’লে বা তাৰে কাষলৈ যাবলৈ হ’লে আমেৰিকাৰ দৰে সর্বদিশত উন্নত ৰাষ্ট্র এখনৰ সহযোগৰ প্রয়োজন৷ আজিৰ তাৰিখত ভাৰতবর্ষক উন্নত প্রযুক্তিৰ দৰকাৰ৷ পুঁজিৰ দৰকাৰ৷ লগতে প্রতিৱেশী ৰাষ্ট্রৰ প্রত্যাহ্বান নেওচিবলৈ আধুনিক অস্ত্র–শস্ত্রৰ প্রয়োজন৷ এই চাহিদা পূৰণত আমেৰিকা যুক্তৰাষ্ট্রই যথেষ্টখিনি সহায় কৰিব পাৰে৷ একেদৰে আমেৰিকাক প্রয়োজন বজাৰৰ৷ প্রায় ৪৫ কোটি মধ্যবিত্তৰে ভৰা ভাৰতবর্ষ আমেৰিকাৰ বাবে সোণৰ কণী পৰা হাঁহ৷ তদুপৰি ভূ–ৰাজনীতিক দিশৰ পৰাও ভাৰতবর্ষ আমেৰিকাৰ বাবে গুৰুত্বপূর্ণ৷ এনেধৰণৰ পাৰস্পৰিক নির্ভৰশীলতাই দুয়োখন দেশক মিত্রতাৰ নতুন নজিৰ গঢ়াত সহায় কৰিব পাৰে৷