নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডকাল চৰকাৰৰ এছ’পি মানিহে ৰাজ্যত এইবাৰৰ শাৰদীয় দুর্গোৎসৱ

আড়ম্বৰহীনতা পৰিহাৰ কৰি পৰম্পৰা ৰক্ষাৰ প্রস্তুতি পূজা কমিটীৰ

নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে বিভিন্ন সেৱাত শিথিলতা প্রদান কৰা হৈছে৷ সান্ধ্য আইনৰ সময় হ্রাস কৰাৰ লগতে দশম, দ্বাদশ আৰু স্নাতক–স্নাতকোত্তৰ চূড়ান্ত বর্ষৰ পাঠদান আৰম্ভ কৰা হৈছে৷ সমান্তৰালভাৱে ৰাজ্যত এইবাৰ দুর্গোৎসৱ আয়োজনৰ বাবেও ৰাজ্য চৰকাৰে অনুমতি প্রদান কৰিছে৷ অৱশ্যে কি কি নীতি–নিয়মৰ মাজেৰে এই দুর্গোৎসৱ আয়োজন কৰা হ’ব, সেই সন্দর্ভত সুকীয়া এছ অ’ পি প্রকাশ কৰা হৈছে৷ ক’ভিড আক্রান্তৰ হাৰ হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি কঠোৰ নীতি–নিয়মৰ মাজেৰে অনুমতি প্রদান কৰিলেও পূর্বৰ দৰে জাকজমকীয়া নহ’ব এইবাৰৰ দুর্গোৎসৱো৷

ক’ভিড মহামাৰীৰ এই সময়ছোৱা অত্যধিক জাকজমকতাৰে দুর্গোৎসৱ আয়োজন কৰিবলৈ আগ্রহী নহয় আয়োজক সমিতিসমূহ৷ পূর্বে সর্বাধিক ২৫–৩০ লাখ টকালৈকে বাজেটেৰে দুর্গোৎসৱৰ আয়োজন কৰা কমিটীসমূহেও এইবাৰ সাধাৰণভাৱেই আয়োজন কৰিছে দুর্গাপূজাৰ৷ বিগত বর্ষৰ দৰেই এইবাৰো পৰম্পৰা ৰক্ষা কৰি কেৱল আধ্যাত্মিক আৰু ধর্মীয় নীতি–নিয়মসমূহ পালন কৰাৰ বাবেহে প্রস্তুতি আৰম্ভ কৰিছে দুর্গাপূজাৰ আয়োজক সমিতিসমূহে৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীত সর্বাধিক পূজাৰ আয়োজন কৰাৰ লগতে বৃহৎ বাজেটেৰে আকর্ষণীয় কৰি তোলা হয় মণ্ডপ৷ বিশেষকৈ লতাশিল, চানমাৰি, বিষ্ণুপুৰ, বেলতলা, পাণ্ডু ৰেষ্টকেম্প আদিৰ পূজা ভক্তসকলৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰে৷ চকু ছাট মাৰি ধৰা আলোকসজ্জা, বৃহৎ পূজা মণ্ডপেৰে ভক্তক আকর্ষণৰ একপ্রকাৰ অঘোষিত প্রতিযোগিতা চলে এই পূজা কমিটীসমূহৰ মাজত৷ কিন্তু এইবাৰ মহানগৰীৰ এই পূজাসমূহত নাথাকিব চকু ছাট মাৰি ধৰা আলোকসজ্জা তথা বৃহৎ মণ্ডপ৷

লতাশিলত আয়োজন কৰা সার্বজনীন দুর্গাপূজা সন্দর্ভত কমিটীৰ বিষয়ববীয়া কৈলাস শর্মাই কয় যে চৰকাৰে প্রকাশ কৰা এছ অ’ পি অনুসৰি এইবাৰো তেওঁলোকে সাধাৰণভাৱে পূজাৰ আয়োজন কৰিছে৷ এই দুর্গোৎসৱত কোনো ধৰণৰ বাহ্যিকতা নাথাকিব৷ বৰঞ্চ সৰু মূর্তি আনি ধর্মীয় ৰীতি–নীতি অনুসৰিহে মা দুর্গাৰ পূজা সম্পন্ন কৰা হ’ব৷ এই প্রসংগত তেওঁ কয়– ‘লতাশিলৰ পূজাৰ সৈতে জড়িত সকলোৱে ইতিমধ্যে ভেকচিন লৈছে৷ আমি কোনো ধৰণৰ বৃহৎ পেণ্ডেলৰ ব্যৱস্থা কৰা নাই৷ পূর্বে লতাশিলত ২০–২৫ লাখ টকা পর্যন্ত ব্যয়েৰে পূজা মণ্ডপ বনোৱা হৈছিল৷’

ইপিনে ঐতিহ্যমণ্ডিত উগ্রতাৰা মন্দিৰতো ক’ভিড প্রট’কল মানি দুর্গাপূজা অনুষ্ঠিত কৰা হ’ব৷ মন্দিৰ পৰিচালনা কমিটীৰ হৈ কৈলাস শর্মাই প্রকাশ কৰা অনুসৰি উগ্রতাৰা দেৱালয়ত এইবাৰ নাথাকিব ৰাজহুৱা ম’হ বলি৷ কেৱল পৰম্পৰা ৰক্ষা কৰি মন্দিৰৰ ফালৰ পৰা মাত্র এটা ম’হ এইবাৰ বলি দিয়া হ’ব৷ অৱশ্যে ম’হৰ বাহিৰে আন ৰাজহুৱা বলি গ্রহণ কৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷ আনহাতে সাধাৰণভাৱে পূজাৰ আয়োজন কৰিছে ৰিহাবাৰী বিলপাৰ দুর্গাপূজা কমিটীয়েও৷ এই পূজাখনৰ আয়োজন কৰা ফ্রণ্টিয়াৰ ক্লাবৰ যুটীয়া সম্পাদক জয়দীপ দাস গুপ্তাই প্রকাশ কৰা অনুসৰি এইবাৰ পূর্বৰ দৰে মণ্ডপ অথবা আলোকসজ্জাৰ ব্যৱস্থা কৰা নহ’ব৷ পূর্বে ২০ লাখ টকা পর্যন্ত আলোকসজ্জা আৰু মণ্ডপৰ নামত ব্যয় কৰা হৈছিল৷ কিন্তু এইবাৰ মাত্র তিনি লাখমান টকাৰ ভিতৰতে এই পূজা অনুষ্ঠিত কৰা হ’ব৷ চৰকাৰৰ নিয়ম অনুসৰি পূজাভাগ আয়োজন কৰা হ’ব বুলি সদৰী কৰি তেওঁ কয় যে প্রৱেশ আৰু প্রস্থানৰ বাবে সুকীয়া গেট থাকিব৷ পূজা–র্চনাৰ সময়ত ভক্তসকলে যাতে সামাজিক দূৰত্ব ৰক্ষা কৰি চলিব পাৰে, তাৰ বাবে চিহ্ণ অংকন কৰি দিয়া হ’ব৷ একেদৰে সাধাৰণভাৱে পূজাৰ আয়োজন চলাইছে গীতানগৰ দুর্গাপূজা কমিটীয়েও৷ এই কমিটীৰ কোষাধ্যক্ষ ৰাজীৱ কলিতাই প্রকাশ কৰা অনুসৰি বিগত বর্ষৰ দৰেই এইবাৰো তেওঁলোকে দুর্গোৎসৱৰ আয়োজন কৰিছে৷

গীতানগৰতো নাথাকিব কোনো মণ্ডপ, আলোকসজ্জা, সাংস্কৃতিক অনুষ্ঠান৷ ইয়াৰ বিপৰীতে চৰকাৰীভাৱে প্রকাশ কৰা ক’ভিড বিধি মানি দুর্গাপূজা অনুষ্ঠিত কৰিব কমিটীয়ে৷ ২০১৯ চনত এই পূজাৰ বাজেট আছিল প্রায় ২৩ লাখ টকা৷

আনহাতে এছ এ’ পি মানি সাধাৰণ পূজাৰ আয়োজন কৰিছে ফাঁচীবজাৰ পূজা কমিটীয়েও৷ এই সন্দর্ভত কমিটীৰ হৈ সন্দীপ শর্মাই কয় যে এইবাৰো সাধাৰণভাৱে মণ্ডপ নির্মাণ কৰা হ’ব৷ প্রৱেশ–প্রস্থানৰ বাবে সুকীয়া গেট থাকিব৷ পূর্বৰ দৰে আলোকসজ্জাৰ ব্যৱস্থা নাথাকিব৷ ক’ভিড মহামাৰীৰ পূর্বে এই কমিটীয়ে ১২–১৩ লাখ টকা ব্যয়েৰে আয়োজন কৰিছিল৷ মহানগৰীৰ পূজাস্থলীসমূহৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু হৈছে পাণ্ডু ৰেষ্টকেম্প কালীবাৰী পূজা৷ আকর্ষণীয় মণ্ডপ–আলোকসজ্জাৰ বাবে প্রতিগৰাকী ভক্তৰ বাবে এই পূজা আকর্ষণৰ অন্যতম কেন্দ্রবিন্দু হৈ আহিছে৷ সর্বাধিক ২৪–২৫ লাখ টকা ব্যয়েৰে এই কমিটীয়ে দুর্গোৎসৱ আয়োজন কৰি আহিছে৷ কিন্তু ক’ভিড মহামাৰীৰ পৰিপ্রেক্ষিতত ৰেষ্টকেম্প কালীবাৰীতো এইবাৰ সাধাৰণভাৱেই পূজাৰ আয়োজন কৰা হৈছে বুলি সদৰী কৰিছে মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক তাপস নাহাই৷ তেওঁ প্রকাশ কৰা অনুসৰি, প্রায় ২ লাখ টকা বাজেটৰ ভিতৰতে এইবাৰ সাধাৰণভাৱে দুর্গোৎসৱ অনুষ্ঠিত কৰিব৷ মহানগৰীৰ আন দুর্গাপূজা কমিটীসমূহেও একে ধৰণৰ সিদ্ধান্তই গ্রহণ কৰিছে বুলি জানিব পৰা গৈছে৷ অর্থাৎ ক’ভিড পৰিস্থিতি উন্নতি ঘটিলেও মহানগৰীত এইবাৰো দেখা নাযাব পূর্বৰ দৰে দুর্গোৎসৱৰ উৎসাহ–উদ্দীপনা৷

You might also like