নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞিৰ সৃষ্টিৰাজি যুগমীয়া হওক

অসমৰ প্রাতঃস্মৰণীয় চিন্তাবিদ, কথাশিল্পী, সাংবাদিক হোমেন বৰগোহাঞিৰ দেহাৱসানৰ এমাহ হ’ল৷ অনবদ্য সৃষ্টিৰাজিয়ে অসমীয়া জাতীয় জীৱনত হোমেন বৰগোহাঞি নামৰ কথাশিল্পীজনক অমৰত্ব প্রদান কৰিছে৷ অসমৰ সমাজ জীৱনৰ সৈতে বিলীন হৈ ৰ’ব এই অবিস্মৰণীয় সত্তা৷ অসমৰ সমাজ, সভ্যতা, সাহিত্য জীয়াই থকালৈকে জীয়াই থাকিব হোমেন বৰগোহাঞি নামৰ সত্তাটো৷ তেওঁৰ সৃষ্টিৰাজিয়ে অমৰত্ব প্রদান কৰাৰ পাছতো মহান কথাশিল্পীজনৰ স্মৃতি যুগমীয়া কৰাৰ বাবে অসম চৰকাৰ তথা অসমৰ নাগৰিক সমাজৰ কৰণীয় যথেষ্ট আছে৷ এনে স্মৃতিহে অসমৰ উত্তৰ প্রজন্মৰ বাবে হোমেন বৰগোহাঞিক এক পৰিচিত নাম কৰি ৰাখিব পাৰিব৷ ইতিমধ্যে অসম চৰকাৰে হোমেন বৰগোহাঞিৰ ওপজা দিনটোত ৰাজ্যখনৰ বিশিষ্ট সাহিত্যিকসকলক সাহিত্যিক পেন্সন প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ বছৰটোৰ একমাত্র এই দিনটোতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়োৱাসকলক এনে সন্মান জনোৱাৰ ফলত বিশিষ্ট কথাশিল্পীগৰাকীৰ প্রতিও সন্মান জনোৱাৰ লগতে তেখেতৰ সশ্রদ্ধ সোঁৱৰণ হ’ব৷ চৰকাৰৰ এনে সিদ্ধান্ত নিশ্চিতভাৱেই আদৰণীয়৷ প্রজ্ঞাৰ সাধক ৰূপে পৰিচিত হোমেন বৰগোহাঞিয়ে ওৰেটো জীৱন গ্রন্থৰ মাজতে নিজক বিলীন কৰি ৰাখিলে৷ অত্যন্ত অধ্যয়নপিপাসু এই কথাশিল্পীগৰাকীৰ নিজৰ সংগ্রহত থকা গ্রন্থসমূহো বিশ্ব সাহিত্যৰ আপুৰুগীয়া গ্রন্থ৷ এই গ্রন্থসমূহ সংৰক্ষণৰ অতিকে প্রয়োজন৷ সেই বাবে প্রয়াত সাহিত্যিকগৰাকীয়ে বাস কৰা তেওঁৰ বাসগৃহটো সংৰক্ষণ কৰি ৰাজহুৱা সম্পদ ৰূপে ঘোষিত হ’লে ইয়াৰ দর্শনৰ জৰিয়তে নতুন প্রজন্ম উপকৃত হ’ব৷ উল্লেখ্য যে বিশ্বৰ বহু বৰেণ্য সাহিত্যিকৰ বাসগৃহসমূহ একেদৰে ৰাখি সংগ্রহালয় ৰূপে গঢ়ি তোলা হৈছে৷ হোমেন বৰগোহাঞিয়ে নিজৰ লেখাতো এনে বহু বৰেণ্য সাহিত্যিকৰ বাসগৃহ সংগ্রহালয় ৰূপে সংৰক্ষণ কৰাৰ উল্লেখ কৰি গৈছে৷ প্রয়াত কথাশিল্পীগৰাকীৰ বাসগৃহটো তেনে এক সংগ্রহালয় ৰূপে সংৰক্ষিত হোৱাটো অসমৰ ৰাইজে আন্তৰিকভাৱে কামনা কৰে৷ এই সংগ্রহালয়টোত হোমেন বৰগোহাঞিৰ সকলো ব্যৱহূত সামগ্রী, নিজে বহি লিখা–মেলা কৰা টেবুল–চকী, কলম–পেন্সিল, কাগজ–পত্র, বিভিন্ন চিঠি–পত্র আৰু নিজে হাতে লিখা গ্রন্থৰ পাণ্ডুলিপিসমূহ সংৰক্ষণ কৰি ৰাখিলে তেওঁৰ চিন্তাৰ জগতখনত আভাস পোৱাটো সম্ভৱ হৈ উঠিব৷ একেদৰে হোমেন বৰগোহাঞিয়ে নিজ হাতে লিখা প্রতিটো আখৰ, প্রতিটো পৃষ্ঠা সংৰক্ষিত হৈ ৰোৱা প্রয়োজন৷ ভৱিষ্যতে কোনো গৱেষকে তেওঁৰ সৃষ্টিৰাজিৰ বিষয়ে গৱেষণা কৰিলে এনে সংৰক্ষিত সামগ্রীসমূহ সমল ৰূপে পৰিগণিত হ’ব৷ হোমেন বৰগোহাঞিৰ বাসগৃহটো এনে এক সংগ্রহালয় ৰূপে গঢ়ি তোলা প্রয়োজন, য’ত প্রৱেশ কৰিয়েই চিন্তাবিদজনৰ মনোজগত তথা ভাবনাৰ সৈতে একাত্ম অনুভৱ কৰিব পাৰি৷
হোমেন বৰগোহাঞিয়ে জীৱিত কালত উপন্যাস, গল্প, প্রবন্ধ সংকলন, কবিতা, আত্মজীৱনীকে ধৰি অগণিত গ্রন্থ অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান হিচাপে আগবঢ়াই থৈ গৈছে৷ বৰগোহাঞিৰ এই সৃষ্টিৰাজি অসমীয়া সাহিত্যৰ অমূল্য সম্পদ ৰূপে বিবেচিত হৈ আহিছে৷ সেই বাবে বৰগোহাঞিৰ সমগ্র সৃষ্টিৰাজি একত্রভাৱে ৰাখি এটা বিশেষ পুথিভঁৰাল নির্মাণ কৰিব পাৰিলে অসমীয়া সমাজ জীৱনৰ বাবে এই পুথিভঁৰালটো ব্যতিক্রমী পুথিভঁৰাল হিচাপে বিবেচিত হ’ব৷ বৰগোহাঞিৰ সৃষ্টিৰাজিৰ প্রতি আকর্ষিত যিকোনো ব্যক্তিয়ে এই পুথিভঁৰালটোত তেওঁৰ যিকোনো গ্রন্থ বা সৃষ্টি অধ্যয়ন কৰাৰ সুবিধা থাকিলে বহু গৱেষক বা জ্ঞানপিপাসু ব্যক্তি ইয়াৰ জৰিয়তে উপকৃত হ’ব৷ বৰগোহাঞিৰ প্রথম অৱস্থাত প্রকাশিত বহু গ্রন্থ সম্প্রতি বজাৰত নথকা হেতু এনে পুথিভঁৰালৰ জৰিয়তে এই গ্রন্থ বা লেখা পঢ়িব বিচৰা লোকে ইয়াৰ সুবিধা লাভ কৰিব৷ ইয়াৰ উপৰি বিভিন্ন কাকত–আলোচনীত প্রকাশিত বহু লেখা গ্রন্থ ৰূপত উপলব্ধ নহয়৷ এই লেখাসমূহো পুথিভঁৰালটোত সংৰক্ষিত হোৱা প্রয়োজন৷ আনহাতে হোমেন বৰগোহাঞিয়ে টিভি চেনেলতো বিভিন্ন প্রগ্রেম আৰু সাক্ষাৎকাৰত অংশ লৈছিল৷ তেওঁ ‘নিউজ লাইভ’ত কথা–বার্তা নামেৰে এটা জনপ্রিয় সাক্ষাৎকাৰভিত্তিক অনুষ্ঠানো পৰিচালনা কৰিছিল৷ এই টিভি চেনেলৰ সকলো অনুষ্ঠানেই পুথিভঁৰাল অথবা সংগ্রহালয়টোত সংৰক্ষিত হোৱা প্রয়োজন৷ আনহাতে নিজৰ বিভিন্ন সৃষ্টিৰাজিত বৰগোহাঞিয়ে নিজ জন্মভূমি ঢ়কুৱাখনা আৰু চাৰিকড়িয়া নৈৰ বিভিন্ন চিত্র অংকন কৰি থৈ গৈছে৷ তেওঁৰ সৃষ্টিত চাৰিকড়িয়া আৰু ঢ়কুৱাখনাক লৈ দেখা সপোন প্রতিফলিত হৈছে৷ সেই বাবেই ঢ়কুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত হোমেন বৰগোহাঞিৰ স্মৃতি চিৰস্থায়ী হোৱাটো সমগ্র অসমবাসীয়ে বিচাৰে৷ চাৰিকড়িয়া নৈ বৈ থকালৈকে চাৰিকড়িয়াৰ পাৰৰ সুযোগ্য সন্তান হোমেন বৰগোহাঞিক সকলোৱে স্মৰণ কৰক৷ এনে কিছু স্থায়ী ব্যৱস্থাৰ জৰিয়তেহে হোমেন বৰগোহাঞিৰ স্মৃতি যুগমীয়া হোৱাটো তেওঁৰ মৃত্যুৰ এমাহত গুণমুগ্ধ সকলোৱে কামনা কৰিছে৷

You might also like