নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসালয়ত বীজাণুৰ সংক্রমণ

আজিকালি সকলো মানুহেই স্বাস্থ্যক লৈ যথেষ্ট সচেতন৷ সেয়ে অসুখ হ’লেই অনুসন্ধান কৰিবলৈ আৰম্ভ কৰে কোন চিকিৎসকক দেখুৱাম, কোনখন চিকিৎসালয়লৈ গ’লে ভাল হ’ব৷ চিকিৎসক নির্বাচন কৰি আমি চিকিৎসালয়লৈ যাওঁ, চিকিৎসা কৰোঁ কিন্তু চিকিৎসালয়ত হোৱা বীজাণুৰ সংক্রমণৰ বিষয়ে বৰ বিশেষ গুৰুত্ব নিদিওঁ৷ চিকিৎসালয়ৰ বীজাণৰু সংক্রমণ কেৱল ভাৰততেই নহয়, বিশ্বৰ প্রথম শাৰীৰ দেশসমূহতো ৰোগী সংক্রমণৰ দ্বাৰা আক্রান্ত হয়৷ গতিকে, ভাৰতৰ দৰে দেশ এখনত এনে সংক্রমণ কিমান হয়, এই সংক্রমণৰ ফলত কিমানজনৰ মৃত্যু হয়, এই তথ্য জনা নাযায়৷ কাৰণ সংক্রমণ সন্দর্ভত ৰোগীসকল বৰ বেছি সচেতন নহয়৷ সচেতনতাৰ পৰিৱেশ এতিয়াও গঢ় লৈ উঠা নাই৷ চিকিৎসালয় কর্তৃপক্ষ আৰু চিকিৎসকেও এই দিশত মন দিবলৈ বৰ বেছি সময় নাপায়৷ কাৰণ ভাৰতৰ প্রতিখন চিকিৎসালয়ত ৰোগীৰ সংখ্যা যথেষ্ট বেছি৷ সেই অনুপাতে চিকিৎসক, ধাত্রী বা আন কর্মচাৰীৰ সংখ্যা কম৷ সেয়ে এজন ৰোগীৰ ক্ষেত্রত যিদৰে সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি কেতিয়াবা হৈ নুঠে, যাৰ বাবে বীজাণুৰ সংক্রমণ হোৱাৰ অধিক সম্ভাৱনা থাকে৷ এই সংক্রমণ ৰোধৰ বাবে উন্নত দেশবোৰত বিশেষ নিয়মাৱলী থাকে, কিন্তু ভাৰতৰ দৰে দেশত এই নিয়মাৱলীসমূহ কিমান দূৰ পালন কৰে, ইয়াত সন্দেহ আছে৷ কিছু চিকিৎসালয়ত বিশেষ নিয়মাৱলী থাকিলেও বৰ বেছি ফলপ্রসূ হোৱা দেখা নাই৷ চিকিৎসালয়–লেবৰেটৰীৰো মান্যতা আছে, কিন্তু আমি সেই দিশত সজাগ–সচেতন নহয়৷ চিকিৎসালয়–লেবৰেটৰীক মান্যতা প্রদান কৰে National accreditation board for hospitals & healthcare providers আৰ National accreditation board for testing & calibration laboratories –এ৷
ভাল চিকিৎসক বিচাৰোঁতে বিচাৰোঁতে চিকিৎসালয়খনৰ গুণগত দিশটোৰ প্রতি আমি একেবাৰেই সতর্ক নহওঁ৷ এই দিশত প্রতিজন নাগৰিক সতর্ক হ’ব লাগিব৷ চিকিৎসালয়ত যিকোনো যন্ত্রৰে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ আগত বা যিকোনো সমাগ্রী ব্যৱহাৰ কৰাৰ আগত যন্ত্রপাতিবোৰ বীজাণুমুক্ত হয় নে নহয় সেই দিশত সাৱধানতা অৱলম্বন কৰা উচিত৷ চিকিৎসা প্রদান কৰোঁতে চিকিৎসক–ধাত্রীয়ে গ্ল’ভছ ব্যৱহাৰৰ উপৰি হাত ধোৱা নিয়মবোৰ পালন কৰিছে নে নাই সেই দিশত গুৰুত্ব দিব লাগে৷ সাধাৰণ নাগৰিকেও চিকিৎসালয়খনক নিজৰ সম্পদ বুলি ভাবিব লাগে৷ চিকিৎসালয়খনক চাফ–চিকুণ কৰি ৰখা দায়িত্ব প্রতিজন নাগৰিকৰেই৷ অসমৰ দৰে ৰাজ্যত চিকিৎসালয়ৰ কদর্য ৰূপটোৰ বাবে বহু পৰিমাণে নাগৰিকেই জগৰীয়া৷ য’তে–ত’তে থু–খেকাৰ, পেকেটজাতীয় সামগ্রী পেলাই পৰিৱেশ বিনষ্ট কৰে৷ এনে কর্মৰ পৰা আমি যিমান পাৰোঁ আঁতৰত থকা উচিত৷ সুস্থ পৰিৱেশতহে উন্নত চিকিৎসা সম্ভৱ৷ কাৰণ চিকিৎসালয় এখন ৰাইজৰ সম্পদ৷ ইয়াৰ পৰিৱেশ নিকা কৰি ৰখাৰ দায়িত্ব কর্তৃপক্ষৰ লগতে নাগৰিকৰো৷ কিন্তু অসমত এনে সাৱধানতা অৱলম্বন কৰা মানুহৰ সংখ্যা একেবাৰেই নগণ্য৷ এইক্ষেত্রত চিকিৎসালয় কর্তৃপক্ষ অধিক সচেতন, সতর্ক হোৱা উচিত৷ প্রতিখন চিকিৎসালয়ত কঠোৰ নিয়মাৱলী থকা উচিত৷ বহু চিকিৎসালয়ত নিয়মাৱলী থাকিলেও তাক কঠোৰভাৱে মানি চলা দেখা নাযায়, সেয়ে এই নিয়মাৱলী যাতে প্রতিজন চিকিৎসক, ধাত্রী, ৰোগীৰ পৰিয়ালে মানে তাৰ ওপৰত কর্তৃপক্ষই গুৰুত্ব দিব লাগে৷ প্রয়োজনত শাস্তি, জৰিমনা পর্যন্ত ল’ব লাগে৷ প্রতিখন চিকিৎসালয়ত উপযুক্ত ধাত্রী–সেৱাকর্মী নিযুক্তি দিয়াটো বাধ্যতামূলক কৰিব লাগে, যাতে মানুহৰ অভাৱত কর্মত গাফিলতি নহয়৷ চিকিৎসালয় এখনত চিকিৎসকে মানুহৰ জীৱনৰ সৈতে খেল খেলাতকৈ মানুহৰ স্বাস্থ্য সুৰক্ষাৰ দায়িত্বও আন্তৰিকতাৰে লোৱা উচিত৷ বহু সময়ত চিকিৎসকৰ ভাল কামৰ বিপৰীতে বহু চিকিৎসকৰ হেমাহিৰ বিষয়েও অভিযোগ উঠা দেখা যায়৷ তেনে অভিযোগক একাষৰীয়াকৈ ৰাখি সমূহীয়া প্রচেষ্টাৰে স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্রত সকলোৱে গুৰুত্ব দিয়া উচিত৷ সাধাৰণ নাগৰিকে চিকিৎসালয়খনৰ কিবা নেতিবাচক দিশ বা কদর্য ৰূপ দেখিলে কর্তৃপক্ষক অভিযোগ দিব লাগে৷ চৰকাৰেও স্বাস্থ্যক্ষেত্রত অধিক বিনিয়োগ কৰি চিকিৎসা ক্ষেত্রত গৱেষণাৰ এক নতুন বাতাৱৰণৰ সৃষ্টি কৰিব লাগে৷ কেৱল চিকিৎসালয় কর্তৃপক্ষ–চিকিৎসকে এই সমস্যাৰ ইতি পেলাব নোৱাৰে৷ এই সমস্যাবোৰ সমাধানৰ বাবে প্রতিটো নিয়ম কঠোৰভাৱে বলৱৎ কৰিব লাগিব, ৰাইজকো যিকোনো প্রকাৰে এইক্ষেত্রত সচেতন কৰিবই লাগিব৷ তেতিয়াহে সুস্থ পৰিৱেশৰ সৃষ্টি হ’ব আৰু প্রতিজন লোক স্বাস্থ্যৱান হৈ থাকিব৷ মুঠতে সমূহীয়া প্রচেষ্টাৰ অন্ততহে চিকিৎসালয়ত বীজাণুৰ সংক্রমণ ৰোধ কৰা সম্ভৱ৷

You might also like