নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিনটোৰ ৰাশিফল

আজি ২১ আগষ্ট, ভাদ মাহৰ ৪ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণ ত্রয়োদশী, নক্ষত্র : পুষ্যা, যাত্রা : শুভ

মেষ : ঘৰলৈ আলহীৰ আগমনৰ ফলত মনত আনন্দ আহিব৷ ব্যৱসায়–বাণিজ্যত শুভ যদিও আর্থিক ক্ষেত্রত মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮৷

বৃষ : গধুৰ কাম–কাজৰ পৰা বিৰত থকাই ভাল৷ দুর্ঘটনা, ৰক্তপাত আদিৰ যোগ দৃঢ় হয়৷ গতিকে, যিকোনো ধৰণৰ ড্রাইভিং এৰাই চলাই ভাল হ’ব৷ শুভ ৰং বগা, সংখ্যা ২৷

মিথুন : যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব৷ মনত দুর্বলতা প্রকাশ পাব৷ চলা–ফুৰাত সতর্ক থাকিব৷ শুভ ৰং সোণালী, সংখ্যা ৭৷

কর্কট : নতুন কামৰ প্রতি আগ্রহ বৃদ্ধি পাব৷ আকস্মিক দুর্ঘটনাৰ যোগ৷ প্রেমত শুভ, শুভ ৰং কমলা, শুভ সংখ্যা ৫৷

সিংহ : এই ৰাশিৰ জাতক–জাতিকাই আজিৰ দিনটো শনি আৰু হনুমান মন্দিৰত ধূপ–বন্তি প্রদানৰ কর্তব্য৷ যিকোনো যান–বাহনৰ পৰা সতর্ক থাকিব৷ শুভ সংখ্যা ১৷ শুভ ৰং ছিলভাৰ৷

কন্যা : আজিৰ দিনটোত আর্থিক লেনদেন নকৰিব৷ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

তুলা : শাৰীৰিক দিশত মাধ্যম ফল৷ কর্মস্থান চাকৰিৰ ক্ষেত্রত দিনটো শুভ। কথা-বতৰাত সাৱধান থাকিব, সফলতা লাভ কৰিব৷ শুভ ৰং ক’লা, সংখ্যা ৯৷

বৃশ্চিক : এই ৰাশিৰ জাতক–জাতিকাই শৰীৰৰ প্রতি সতর্ক থাকিব৷ টকা–পইচাৰ কাৰণে কর্মৰ ক্ষেত্রত বাধা৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷

ধনু : পাৰিবাৰিক সমস্যাৰ কাৰণে কর্ম আৰু আর্থিক ক্ষেত্রত বাধা৷ শৰীৰত আঘাত প্রাপ্তিৰ যোগ৷ জুইৰ পৰা সতর্ক থাকিব৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৩৷

মকৰ : যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব৷ দেহ আৰু মনত দুর্বলতা প্রকাশ পাব৷ শুভ ৰং নীলা, সংখ্যা ৯৷

কুম্ভ : এই ৰাশিৰ জাতক–জাতিকাই নতুন কামত হাত নিদিব৷ অশুভ ৰাহুৰ প্রভাৱত শৰীৰৰ নিম্নাংশত আঘাত পাব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷

মীন : এই ৰাশিৰ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। ধূপ–বন্তিৰ লগতে ৰঙা ফুল হনুমান মন্দিৰত অর্পণ কৰিব৷ শুভ ৰং হালধীয়া, সংখ্যা ১৷

You might also like