নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুৰন্ধৰ ট্রাম্প

সেয়া যোৱাটো বছৰৰ শেষৰ ভাগৰ কথা৷ আমেৰিকাত তেতিয়া ৪৭সংখ্যক ৰাষ্ট্রপতি নির্বাচনৰ উত্তাল বতাহ৷ পৃথিৱীৰ সকলোতকৈ শক্তিশালী দেশখনৰ ৰাষ্ট্রপতি নির্বাচনৰ সেই উত্তাল বতাহে স্পর্শ কৰিছিল আন দেশসমূহক৷ কোন আমেৰিকাৰ পৰৱর্তী ৰাষ্ট্রপতি হ’ব? এই প্রশ্ণই আমেৰিকানসকলৰ লগতে বিশ্বৰ আন দেশসমূহৰ বহু লোককো খুন্দিয়াইছিল৷ যদিওবা কমলা হেৰিছে তীব্র প্রত্যাহ্বান জনাইছিল, তথাপি কিন্তু নির্বাচনৰ শেষ সময়ছোৱাত ড’নাল্ড ট্রাম্পৰ সপক্ষে বতাহ বলিছিল৷ তেতিয়াই ভাৰতৰ বহু ৰাজনৈতিক বিশ্লেষকে আশংকা ব্যক্ত কৰিছিল যে দ্বিতীয়বাৰলৈ যদি ‘আনপ্রেডিক্টটেবল’ ট্রাম্পে ৰাষ্ট্রপতিৰ আসনত বহে তেন্তে ভাৰতৰ বাবে বৰ সুবিধাজনক নহ’ব৷ আৰু বিশ্লেষকসকলৰ এই পূর্বানুমান সঠিক প্রমাণিত হৈছিল ২০ জানুৱাৰীত ট্রাম্পে ৰাষ্ট্রপতিৰ আসনত বহাৰ প্রায় লগে লগে৷ যি ট্রাম্পক ৰাষ্ট্রপতিৰ নির্বাচনৰ প্রচাৰৰ সময়ত মোদী চৰকাৰে অকুণ্ঠ সমর্থন জনাইছিল, ভাৰতৰ বন্ধু বুলি অভিহিত কৰিছিল সেই ট্রাম্পেই হোৱাইট হাউছ দখল কৰাৰ পাছতেই ভাৰতৰ বিৰুদ্ধে লৈছিল কঠোৰ সিদ্ধান্ত৷ আমেৰিকাত বসবাস কৰা অথবা পঢ়িবলৈ যোৱা শ শ ভাৰতীয়ক প্রয়োজনীয় কাগজ–নথি নথকাৰ অজুহাতত হাতকেৰেয়া লগাই বিমানত ভৰাই ভাৰতলৈ পঠিয়াই দিছিল৷ ভাৰত আৰু আন কেইখনমান দেশৰ বিৰুদ্ধে এনে কঠোৰ পদক্ষেপ লোৱা ট্রাম্প কিন্তু নৰম আছিল পাকিস্তানৰ প্রতি৷ আমেৰিকাৰে এগৰাকী প্রসিদ্ধ ব্যৱসায়ী তথা যৌনতাকে ধৰি বিভিন্ন কেলেংকাৰিত নিমজ্জিত ট্রাম্প যে এগৰাকী আপদমস্তক বেপাৰী সেয়া প্রমাণিত কৰিছিল সেই ঘটনাৰ পিছতেই৷ আমেৰিকালৈ ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্রীৰ ওপৰত বৃহৎ পৰিমাণৰ অতিৰিক্ত শুল্ক আৰোপ কৰিছিল ট্রাম্পে৷ মুখত বন্ধু ৰাষ্ট্র বুলি ভাৰতক কোৱা ট্রাম্পে এই অতিৰিক্ত শুল্কৰ বোজা জাপি দি ট্রাম্পে বুজাই দিছিল যে তেওঁৰ বাবে ব্যৱসায়হে প্রধান৷
মতলবী ট্রাম্পে বাৰে বাৰে ভাৰতক শ’লঠেকত পেলাবলৈ চেষ্টা কৰি আহিছে৷ পেহেলগামৰ বর্বৰতাৰ পিছত ভাৰতে পাকিস্তান আক্রমণ কৰাৰ সময়ত দিল্লীয়ে নিবিচৰা সত্ত্বেও ট্রাম্পে মধ্যস্থতাকাৰীৰ ভূমিকাত স্বয়ম্ভুভাৱে অৱতীর্ণ হৈছিল আৰু ভাৰতৰ অনুমতিবিহীনভাৱে ঘোষণা কৰিছিল যে তেওঁৰ মধ্যস্থতাতে ভাৰত–পাকিস্তানে যুদ্ধ সামৰাৰ বাবে সন্মত হৈছিল৷ তেতিয়া বহুতে এজন প্রকৃত বন্ধু হিচাপে যুদ্ধত মধ্যস্থতা কৰাৰ বাবে ট্রাম্পে আগুৱাই অহা বুলি ভাবিছিল যদিও এতিয়াহে পাকিস্তানপ্রেমী ট্রাম্পৰ প্রকৃত উদ্দেশ্য পোহৰলৈ আহিছে৷ যুদ্ধত ভাৰতৰ আক্রমণত দিশহাৰা হোৱা পাকিস্তানক ট্রাম্পে ৰক্ষা কৰিছিল একমাত্র আমেৰিকাৰ ব্যৱসায়িক স্বার্থতহে৷ অতি সম্প্রতি আমেৰিকাই পাকিস্তানৰ সৈতে এক বিশাল তৈল চুক্তি কৰিছে৷ এই চুক্তিৰে আমেৰিকাই পাকিস্তানত মজুত থকা তৈল ভাণ্ডাৰৰ বিকাশ ঘটাব৷ আনকি এই চুক্তিৰ জৰিয়তে দেশখনত থকা তেল কোনে উৎপাদন কৰিব সেই সন্দর্ভতো সিদ্ধান্ত ল’ব ৱাশ্বিংটনেহে৷ আর্থিকভাৱে ভাঙি পৰা পাকিস্তানে আমেৰিকাৰ কাষত আত্মসমর্পণ কৰিয়েই এনে এখন চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য হৈছে৷ আমেৰিকাই ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ সৈতে এই চুক্তি কৰাৰ বিপৰীতে ভাৰতৰ বিৰুদ্ধে পুনৰ অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে৷ ইয়াৰ উপৰি ইৰানৰ পৰা খাৰুৱা তেল ক্রয় কৰাৰ ‘অপৰাধ’ত ভাৰতৰ ৬টা কোম্পানীক নিষিদ্ধ কৰিছে৷ ট্রাম্পে কৈছে যে ভাৰতীয় কোম্পানীসমূহে আমেৰিকাৰ পাৰমাণৱিক চুক্তি গ্রহণ নকৰা ইৰানৰ সৈতে ব্যৱসায় অব্যাহত ৰখাৰ বাবেই এনে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে৷ এনে সিদ্ধান্ত লৈ চৰম উদ্ধতাৰে ট্রাম্পে কৈছে যে ভাৰত আৰু ৰাছিয়াৰ অর্থনীতি মৃত৷ এই দুয়ো মৃত অর্থনীতি একেলগে জহন্নামলৈ যাওক৷ যোৱা প্রায় ১০টা বছৰত আমেৰিকাৰ সৈতে সু–সম্পর্ক গঢ়ি ৱাশ্বিংটনৰ কাষ চাপি যোৱা দিল্লীয়ে এতিয়া ধুৰন্ধৰ ট্রাম্পৰ এই তাচ্ছিল্যৰ কেনেদৰে উত্তৰ দিয়ে সেয়া লক্ষণীয় হ’ব৷

You might also like