নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল শিক্ষা ব্যৱস্থা

তথ্য–প্রযুক্তিৰ এই চমৎকাৰ বিকাশৰ সময়ত এতিয়া বিশ্বজুৰি ডিজিটেল শিক্ষা ব্যৱস্থাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ বহুজাতিক গোষ্ঠীসমূহে এতিয়া ডিজিটেল ব্যৱস্থাপনাৰে গোটেই পৃথিৱীতে নিজৰ বাণিজ্যিক সাম্রাজ্য চম্ভালি ৰখাৰ যি অভিনৱ পদ্ধতি উদ্ভাৱন কৰিছে তেনে ব্যৱস্থাপনাই এতিয়া সকলোকে আকর্ষিত কৰিছে৷ ফলস্বৰূপে এতিয়া বিভিন্ন ক্ষেত্রত ডিজিটেল ব্যৱস্থাপনা সবাতোকৈ গুৰুত্বপূর্ণ হৈ পৰিছে৷ আনকি চৰকাৰ পৰিচালনাৰ ক্ষেত্রতো ই–গৱর্নেন্সৰ যি ধাৰণা গঢ়ি উঠিছে সেই ধাৰণাই লাহে লাহে চৰকাৰী বিভাগ পৰিচালনাকো ডিজিটেলাইজড কৰি আহিছে৷ দ্রুত যোগাযোগৰ সুবিধা আৰু শুদ্ধ তথ্যই ডিজিটেল ব্যৱস্থাপনাক বেছিকৈ জনপ্রিয় কৰি তুলিছে৷ এনে ডিজিটেল ব্যৱস্থাৰ ফলত মানৱ সম্পদৰ ব্যৱহাৰ হ্রাস পাই অহাত এতিয়া নিবনুৱা সমস্যা এক জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈ আহিছে৷ সেয়া অন্য এক প্রসংগ৷ কিন্তু আমি আজি আলোচনা কৰিব বিচাৰিছোঁ ডিজিটেল শিক্ষা ব্যৱস্থাৰ ক্ষেত্রত অসমে ইয়াৰ সুবিধাৰে কিদৰে সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যাব পাৰে৷ এই কথা অনস্বীকার্য যে যোৱা দুটা বছৰত ক’ভিডসৃষ্ট পৰিস্থিতিয়ে সমগ্র বিশ্বতে ডিজিটেল শিক্ষা পদ্ধতিক গুৰুত্বপূর্ণ শিক্ষা ব্যৱস্থাপনা হিচাপে স্বীকৃত কৰি তুলিলে৷ পূর্বতে পশ্চিমৰ উন্নত দেশসমূহ আৰু ব্যক্তিগত খণ্ডৰ অতি উচ্চমানৰ শিক্ষা প্রতিষ্ঠানসমূহতে শ্রেণীকোঠাৰ শিক্ষাৰ সমান্তৰালভাৱে ডিজিটেল শিক্ষা ব্যৱস্থা প্রৱর্তন কৰিছিল৷ অতি উচ্চ নিৰিখৰ কোচিং চেণ্টাৰসমূহে ডিজিটেল ক্লাছৰূমৰ জৰিয়তে ডিজিটেল লার্নিঙৰ এক ব্যৱস্থা গঢ়ি তুলিছিল৷ ভাৰতত ইতিমধ্যে বায়ুজোছ নামৰ কোচিং প্রতিষ্ঠানটোৱে ডিজিটেল লার্নিঙৰ জৰিয়তে বৃহৎ কোচিং ব্যৱস্থা গঢ়ি তুলি ৰমৰমীয়া ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকাৰ খান একাডেমী নামৰ কোচিং প্রতিষ্ঠানটোৱে বহুদিনৰ পূর্বে এনে ডিজিটেল ব্যৱস্থাৰে বিশ্বব্যাপী কোচিঙৰ এক নতুন ধাৰা সৃষ্টি কৰিছিল৷ এনে সময়তে দুবছৰ পূর্বে অহা ক’ভিড মহামাৰীৰ বিভীষিকাই দীর্ঘদিনৰ বাবে সমগ্র বিশ্বকে লকডাউনৰ জৰিয়তে স্তব্ধ কৰি ৰখাৰ সময়ত আৰু তাৰো পৰৱর্তী সময়ত শিক্ষা প্রতিষ্ঠানসমূহ বন্ধ ৰখাৰ ফলত শিক্ষা প্রক্রিয়াটো আগুৱাই নিয়াৰ স্বার্থত ডিজিটেল ব্যৱস্থাৰ বাহিৰে গত্যন্তৰ নোহোৱা পৰিৱেশ এটা সৃষ্টি হয়৷ এতিয়া ক’ভিডসৃষ্ট পৰিস্থিতি কিছু উন্নত হৈছে যদিও ডিজিটেল শিক্ষা পদ্ধতিয়ে ইতিমধ্যে এক নতুন মাত্রা লাভ কৰিছে৷
সময়ৰ আহ্বান হিচাপে এতিয়া শ্রেণীকোঠাৰ সমান্তৰালভাৱে আমি ডিজিটেল শিক্ষা ব্যৱস্থাকো আগুৱাই নিয়াৰ সময় আহি পৰিছে৷ তথ্য–প্রযুক্তিৰ সুবিধা গ্রহণ কৰি আমি ডিজিটেল লার্নিঙক এক নতুন ৰূপ দিব লাগিব৷ ইতিমধ্যে নৱপ্রজন্মৰ শিক্ষার্থীসকল এই পদ্ধতিৰ সৈতে সংযুক্ত হৈ পৰিছে৷ এইক্ষেত্রত ৰাজ্যৰ শিক্ষাখণ্ডত ডিজিটেল শিক্ষা ব্যৱস্থাৰ অপৈণত অৱস্থাই সকলোকে চিন্তিত কৰি তুলিছে৷ শেহতীয়াকৈ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রণালয়ে প্রকাশ কৰা ‘পার্ফৰমেন্স গ্রেডিং ইনডেস্ক ফৰ ডিষ্ট্রিক্ছ’ শীর্ষক প্রতিবেদনখনত অসমৰ ৩৩খন জিলাৰে ডিজিটেল শিক্ষা ব্যৱস্থাৰ শোচনীয় স্বৰূপ উন্মোচিত হৈ পৰিছে৷ এই প্রতিবেদন অনুসৰি ৰাজ্যৰ দক্ষিণ শালমাৰা–মানকাচৰ জিলাই আনকি ডিজিটেল লার্নিঙৰ ক্ষেত্রত দিয়া মুঠ ৫০ পইণ্টৰ ভিতৰত মাত্র ১ পইণ্টহে লাভ কৰিবলৈ সক্ষম হৈছে৷ দক্ষিণ শালমাৰা–মানকাচৰ জিলাক আমি চৰাঞ্চলৰ ভিতৰুৱা জিলা হিচাপে গণ্য কৰি তাক নিম্ন ডিজিটেল ব্যৱস্থাপনা বুলি ভাবিলেও কিন্তু ৰাজ্যৰ ৰাজধানী তথা শিক্ষাৰ প্রাণকেন্দ্র হিচাপে পৰিচিত কামৰূপ মহানগৰ জিলাই ডিজিটেল লার্নিঙৰ ক্ষেত্রত লাভ কৰিছে মাত্র ১১ পইণ্ট৷ আনহাতে দৰং–মৰিগাঁও জিলাই ১০ পইণ্ট লাভ কৰাৰ বিপৰীতে ৰাজ্যৰ বাকী সকলো জিলাই লাভ কৰা পইণ্টৰ পৰিমাণ ১০ৰ তলত৷ প্রতিবেদনখনত গ্রেডিঙৰ ক্ষেত্রত ডিজিটেল লার্নিঙৰ বাবে সবাতোকৈ গুৰুত্বপূর্ণ কম্পিউটাৰৰ সুবিধা, ইণ্টাৰনেট ব্যৱস্থা, বিদ্যালয়সমূহৰ প্রযুক্তিগত সা–সৰঞ্জাম, তথ্য–প্রযুক্তিৰ জ্ঞান থকা প্রশিক্ষিত শিক্ষক আদি বিষয়সমূহ সামৰি লৈছিল৷ এই সমগ্র বিষয়সমূহৰ সঠিক ব্যৱস্থাপনাইহে উন্নত ডিজিটেল শিক্ষা ব্যৱস্থা গঢ়ি তুলিব পাৰে৷ এইক্ষেত্রত অসমৰ শোচনীয় অৱস্থা এতিয়া ভাৰত চৰকাৰৰ শিক্ষা বিভাগে উদঙাই দিয়াৰ পিছত ৰাজ্যৰ শিক্ষা বিভাগে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰা প্রয়োজন৷ সমগ্র বিশ্বত যেতিয়া ছাত্র–ছাত্রীসকলে ডিজিটেল ব্যৱস্থাৰে উন্নত শিক্ষাগ্রহণ কৰিবলৈ সক্ষম হৈছে, সেই সময়ত আমাৰ ছাত্র–ছাত্রীসকল পিছপৰি ৰোৱাটো দুর্ভাগ্যজনকেই নহয়, ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ এক অক্ষমণীয় ব্যর্থতা৷ এনে ব্যর্থতাৰ পৰিণতি ভোগ কৰিবলৈ ছাত্র–ছাত্রীসকলক আগুৱাই দিয়াৰ নৈতিক অধিকাৰ নিশ্চয়কৈ ৰাজ্যৰ শিক্ষা বিভাগৰ নাই৷ সেই বাবেই সময় থাকোঁতেই সমগ্র বিশ্বৰ শিক্ষা ক্ষেত্রত নতুন ব্যৱস্থাপনাৰ সৈতে খোজ মিলাই আগবাঢ়ি যাবলৈ আমাৰ ছাত্র–ছাত্রীসকলক প্রস্তুত কৰি তোলাটো শিক্ষা বিভাগৰ গুৰুদায়িত্ব আৰু এয়া সকলোৰে এক নৈতিক কর্তব্য৷

You might also like