নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰে টি–২০, এদিনীয়া শৃংখলালৈ ভাৰতীয় দল ঘোষণা

নিয়মীয়া বাৰ্তা, ২ জুলাই:  ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া আগন্তুক তিনিখনীয়া টি–২০ আৰু সমসংখ্যক এদিনীয়া মেচৰ শৃংখলা দুটাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে বৃহস্পতিবাৰে নিশা ভাৰতীয় দল দুটা ঘোষণা কৰিছে৷ ক’ভিডত আক্রান্ত হোৱাৰ বাবে আজিৰে পৰা বার্মিংহামত আৰম্ভ হোৱা টেষ্টখনত অংশ লোৱাৰ পৰা বিৰত থকা অধিনায়ক ৰোহিত শর্মাৰ ঘোষিত টি–২০ আৰু এদিনীয়া দলটোলৈ প্রত্যাৱর্তন ঘটিছে৷ ৭ জুলাইত ছাউদাম্পটনত খেলিবলগীয়া প্রথমখন টি–২০ মেচত অংশ লোৱাৰ পৰা বিৰত থাকিব বিৰাট কোহলি, ঋষভ পণ্ট, যশপ্রীত বুমৰাহ আৰু শ্রেয়াছ আয়াৰে৷ অৱশ্যে এই চাৰিওগৰাকী খেলুৱৈয়ে দ্বিতীয় আৰু তৃতীয়খন মেচত অংশগ্রহণ কৰিব৷

ইফালে টি–২০ শৃংখলাটোৰ পৰা বাদ পৰিছে মহম্মদ ছামি৷ প্রতিভাৱান পেচ বলাৰ উমৰান মালিকে টি–২০ শৃংখলাটোত স্থান লাভ কৰিলেও এদিনীয়া শৃংখলাটোৰ পৰা বাহিৰ হয়৷ আনহাতে ১৫–২০ জুলাইলৈকে চলিবলগীয়া তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ বাবে ঘোষিত ভাৰতীয় দলটোত স্থান লাভ কৰিছে শিখৰ ধাৱন আৰু মহম্মদ ছিৰাজে৷ টি–২০ শৃংখলাটোৰ বাবে ঘোষিত ভাৰতীয় দলটো হ’ল– (প্রথমখন মেচৰ বাবে) ৰোহিত, ঈশান, ৰিতুৰাজ, সঞ্জু, সূর্যকুমাৰ, দীপক হুদা, ৰাহুল ত্রিপাঠী, কার্তিক, হার্দিক, ভেংকটেশ, চাহাল, অক্ষৰ, ৰবি বিষ্ণই, ভুবনেশ্বৰ, হর্ষল, আভেছ, অর্শদীপ আৰু উমৰান মালিক৷ (দ্বিতীয় আৰু তৃতীয় মেচৰ বাবে) ৰোহিত, ঈশান, কোহলি, সূর্যকুমাৰ, দীপক হুদা, শ্রেয়াছ, কার্তিক, পণ্ট, হার্দিক, জাদেজা, চাহাল, অক্ষৰ, ৰবি বিষ্ণই, বুমৰাহ, ভুবনেশ্বৰ, আভেছ, হর্ষল আৰু উমৰান৷ এদিনীয়া শৃংখলাৰ বাবে ঘোষিত দলটো হ’ল– ৰোহিত, ধাৱন, ঈশান, কোহলি, সূর্যকুমাৰ, শ্রেয়াছ, পণ্ট, হার্দিক, জাদেজা, শার্দূল, চাহাল, অক্ষৰ, বুমৰাহ, প্রসিদ্ধ কৃষ্ণ, ছামি, ছিৰাজ আৰু অর্শদীপ সিং৷

You might also like