নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিংসামুক্ত হ’বনে বিটিচি নির্বাচন

হিংসাৰ সৈতে বিটিচি অঞ্চলত অনুষ্ঠিত নির্বাচনৰ এটা অবাঞ্ছিত অথচ স্বাভাৱিক সম্পর্ক আছে৷ বিশেষকৈ পৰিষদীয় সাধাৰণ নির্বাচনত ব্যাপক হিংসা–সংঘাতেৰে উত্তপ্ত–ৰক্তাক্ত হৈ পৰে বিটিচি অঞ্চল৷ ক্ষমতা লাভৰ যুঁজত অন্ধ হৈ ভাতৃৰ বিৰুদ্ধে ভাতৃয়ে অস্ত্র হাতত তুলি লয়৷ হত্যা–মাৰপিট, ভাবুকি আদি সহজ ঘটনাত পৰিণত হয়৷ বিগত সময়ছোৱাত অনুষ্ঠিত প্রতিটো নির্বাচনে এই নির্মম কথাষাৰকে সত্য বুলি প্রমাণিত কৰি আহিছে৷ অৱশ্যে পূর্বৰ তুলনাত অন্তিমটো সাধাৰণ নির্বাচন যথেষ্টখিনি হিংসামুক্ত আছিল৷ কিন্তু হিংসাশূন্য নাছিল৷ সেয়ে পৰিষদীয় অঞ্চলত নির্বাচন আহিলে সাধাৰণ নাগৰিক চিন্তিত–উদ্বিগ্ন হৈ পৰে৷ আৰু সেই দুশ্চিন্তা মাথোঁ এটা বিশেষ জাতি নতুবা জনগোষ্ঠীৰ মাজতে সীমাবদ্ধ হৈ নাথাকে৷ হিংসা–প্রতিহিংসাৰ জুইকুৰাই সকলোকে চুই যায়৷ আনহাতে, বিগত সময়ছোৱাৰ হিংসাত্মক ঘটনালৈ লক্ষ্য কৰিলে দেখা যায় যে পৰিষদীয় অঞ্চলত নির্বাচনী যুঁজত অৱতীর্ণ হোৱা ৰাষ্ট্রীয় নাইবা ৰাজ্যিক ভিত্তিক আঞ্চলিক দলৰ সেই নির্বাচনী হিংসাৰ সৈতে সম্পর্ক নাথাকে৷ সংঘাত–হিংসাৰ সৈতে মূলতঃ পৰিষদীয় অঞ্চলক ভিত্তি কৰি গঢ় লৈ উঠা ৰাজনৈতিক দল–সংগঠনৰ একাংশ কর্মী–সমর্থক নতুবা আঁৰত থাকি কাম কৰা শক্তিহে জড়িত থাকে৷ আঁৰৰ শক্তিসমূহ কোন, সেই কথা পৰিষদীয় অঞ্চলৰ জনসাধাৰণে ভালদৰে বুজি পায়৷ তেওঁলোকক চিনিও পায়৷ আচলতে বিটিচি অঞ্চলত সংঘটিত নির্বাচনী হিংসাৰ কাৰক সেই আঁৰৰ শক্তিসমূহহে৷ সেই শক্তিসমূহো ভিন্ন ধৰণৰ৷ তাৰে কোনো কোনো প্রাক্তন উগ্রপন্থী নাইবা হিংসাৰ পথ পৰিত্যাগ কৰাৰ প্রতিশ্রুতি দি আলোচনাৰ মেজলৈ অহা সংগঠনৰ সদস্য৷ তদুপৰি সশস্ত্র পন্থা অব্যাহত ৰখা সংগঠনৰো সদস্য নির্বাচনী হিংসাত জড়িত হৈ পৰে৷ সেই শক্তিসমূহে নিজৰ নিজৰ স্বার্থত ৰাজনৈতিক দল অথবা ৰাজনীতিৰ পথাৰত নমা গোটৰ হৈ কাম কৰে৷ তদুপৰি, দুই–একক ৰাজনৈতিক শক্তিৰ হাথিয়াৰ হিচাপেও ব্যৱহাৰ কৰা হয়৷ কাৰণ শক্তিসমূহৰ হাতত অস্ত্র থাকে৷ লগতে থাকে যিকোনো দুঃসাহসিক কাম কৰাৰ ৰমন্যাসিকতা৷ আনহাতে, পৰিস্থিতি–পৰিৱেশৰ সুযোগ গ্রহণ কৰিব বিচৰা আন কিছুমান শক্তিও থাকে৷ পৰিষদীয় অঞ্চলত যেতিয়ালৈকে এনে ধৰণৰ শক্তিৰ অস্তিত্ব থাকিব, তেতিয়ালৈকে নির্বাচন হিংসামুক্ত হোৱাৰ সম্ভাৱনা কম হৈয়েই থাকিব৷

এইবেলি ক’ৰোনা ভাইৰাছসৃষ্ট পৰিস্থিতিৰ বাবে দিন ঘোষণা কৰিও নির্বাচন আয়োগে নির্বাচন স্থগিত ৰাখিবলগীয়া হয়৷ আয়োগে অদ্যাপি নির্বাচনৰ নতুন দিন ঘোষণা কৰা নাই৷ অৱশ্যে পৰিষদীয় অঞ্চলত নির্বাচনী প্রচাৰ অব্যাহত আছে৷ একেৰাহে চতুর্থটো কার্যকালৰ বাবে বি পি এফে পৰিষদখন দখল কৰাৰ বাবে উঠিপৰি লগাৰ বিপৰীতে বি টি আৰ চুক্তি স্বাক্ষৰৰ পিছত নকৈ শক্তি আৰু উদ্যম লাভ কৰা ইড পি পি এলো সমানে সমানে পৰিষদ দখলৰ প্রতিযোগিতাত আগবাঢ়িছে৷ আনহাতে, বিজেপিয়ে এককভাৱে আৰু কংগ্রেছ–ইড ডি এফে মিত্রজোঁট গঠন কৰি নির্বাচনত অৱতীর্ণ হ’ব৷ নির্বাচনত আন আন দলৰো অংশগ্রহণ থাকিব৷ এনে এটা নির্বাচনময় পৰিৱেশৰ মাজতো প্রশ্ন কিন্তু একেটাই থাকি গৈছে, নির্বাচন হিংসামুক্ত হ’বনে? পৰিষদীয় অঞ্চলত ভিন্ন ৰূপত থকা উগ্রপন্থী সংগঠন, প্রাক্তন ডগ্রপন্থী আদিৰ ভূমিকা কি হ’ব? ইতিমধ্যে দুই–এঠাইত বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হৈছেই৷ নির্বাচনৰ দিন–তাৰিখ ঘোষণা নৌহওঁতেই নির্বাচনৰ পটভূমি যদি হিংসাৰে লিখা হয়, নির্বাচনৰ সময়ত পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ সম্ভাৱনা থাকে৷ ইয়াৰ মাজতে আশাৰ খবৰটো হ’ল, আৰক্ষী–অর্ধসামৰিকব্ বি টি এ ডিৰ চাৰিওখন জিলাত অভিযান চলাই ইতিমধ্যে বুজন পৰিমাণৰ অবৈধ অস্ত্র–শস্ত্র ডদ্ধাৰ কৰিছে৷ ইয়ে হিংসামুক্ত নির্বাচন অনুষ্ঠিত কৰাত নির্বাচন আয়োগ তথা চৰকাৰক যথেষ্টখিনি সহায় কৰিব৷ তদুপৰি, সুদীর্ঘ কালৰ হিংসা–প্রতিহিংসাৰ বলি বি টি এ ডি অঞ্চলৰ জনসাধাৰণে এইবাৰ হিংসাশ্রয়ীসকলক সহজেবাট এৰি দিয়াৰ সম্ভাৱনা নাই৷ এসময়ত অস্ত্রধাৰীৰ ওচৰত অসহায়প্রায় হৈ পৰা অঞ্চলটোৰ জনসাধাৰণ এতিয়া যথেষ্ট দৃঢ়৷ পৰিষদীয় অঞ্চলত ধাৰাবাহিকভাৱে অবৈধ মাৰণাস্ত্র ডদ্ধাৰ হৈ থকাৰ এইটোও এটা অন্যতম কাৰণ৷ তৎসত্ত্বেও বিটিচিৰ সাধাৰণ নির্বাচনত হিংসাৰ শংকা এটা স্বাভাৱিকভাৱেই থাকি যায়৷ ইয়াক মষিমূৰ কৰাৰ দায়িত্ব চৰকাৰৰ৷ নির্বাচনত সকলো ৰাজনৈতিক দল তথা প্রার্থীয়ে যাতে মুক্তমনে নির্বাচনী প্রচাৰ চলাবলৈ সুবিধা পায়, ভোটাৰে ভয়মুক্তভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পৰিৱেশ এটা লাভ কৰে, চৰকাৰে সেইটো নিশ্চিত কৰিবই লাগিব৷ ইয়াৰ বাবে পৰিষদীয় অঞ্চলত অবৈধ অস্ত্রৰ বিৰুদ্ধে অভিযান বিৰামহীনভাৱে চলিব লাগিব৷ লগতে সন্দেহজনক ব্যক্তিৰ গতিবিধিৰ ওপৰত চোকা নজৰ ৰখাটো অতি দৰকাৰ৷ ইয়ে অপশক্তিসমূহৰ মাজলৈ এটা বার্তা কঢ়িয়াই নিব৷ জনসাধাৰণক সাহসী আৰু অধিক আত্মবিশ্বাসী কৰি তুলিব৷ মুঠতে বিটিচি অঞ্চলৰ নির্বাচনৰ সৈতে হিংসাৰ যি সম্পর্ক তাক এইবাৰ ভাঙি–ছিঙি চূৰমাৰ কৰিবই লাগিব৷ এয়া সময়ৰ দাবী৷ বি টি আৰ চুক্তিৰ পিছত হিংসামুক্ত পৰিৱেশ এটাক লৈ জনসাধাৰণৰ মাজত ডদয় হোৱা আশাৰ পৰিৱেশক নির্বাচনত আহত হ’বলৈ দিব নোৱাৰি৷

You might also like