নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০ মাহত সম্পূর্ণ হ’ব ৰাম মন্দিৰ

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ  অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ কাম আৰম্ভ হ’ল৷ আজিৰে পৰা নির্মাণৰ কাম আৰম্ভ হোৱা ৰাম মন্দিৰটো ৩৬–৪০ মাহৰ ভিতৰত সম্পূর্ণ হ’ব৷ এই ঘোষণা কৰিছে ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে৷ ন্যাসে প্রকাশ কৰা মতে, দেশৰ পৌৰাণিক আৰু পৰম্পৰাগত আর্হিত ৰাম মন্দিৰটো নির্মাণ হ’ব৷ ভূমিকম্প, ঘূর্ণিবতাহ আৰু আন প্রাকৃতিক দুর্যোগে এই মন্দিৰটোৰ অনিষ্ট কৰিব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি মন্দিৰত কোনো লো ব্যৱহাৰ কৰা নহয়৷ হাজাৰ বছৰ সুৰক্ষিত হৈ থাকিব পৰাকৈ মন্দিৰটো নির্মাণ কৰা হ’ব৷

মন্দিৰটো নির্মাণৰ ক্ষেত্রত চি বি আৰ আই ৰুৰকি, আই আই টি মাদ্রাজ আৰু এল এণ্ড টিৰ অভিযন্তাই মন্দিৰ নির্মাণ কৰিবলগীয়া স্থানৰ ভূমি পৰীক্ষণ কৰিছে৷ মন্দিৰত লোৰ পৰিৱর্তে তামৰ প্লেট আৰু শিল ব্যৱহাৰ কৰা হ’ব৷ তামৰ এই প্লেটসমূহ ১৮ ইঞ্চি দীঘল, ৩০ মিলিমিটাৰ বহল আৰু ৩ মিলিমিটাৰ ডাঠ হ’ব৷ মন্দিৰটো নির্মাণত অতি কমেও ১০ হাজাৰ এনে তামৰ প্লেটৰ প্রয়োজন হ’ব৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে দেশৰ লগতে বিদেশত থকা ৰামভক্তক তামৰ প্লেট বৰঙণি হিচাপে আগবঢ়াবলৈ আহ্বান জনাইছে৷

You might also like