নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকট আঁতৰা নাই

দেশখনত ক’ৰোনা ভাইৰাছৰ সংক্রমণে কিমান ভয়ংকৰ ৰূপ পৰিগ্রহ কৰিছে, সেয়া ৯ ছেপ্ঢেম্বৰৰ পৰিসংখ্যাই স্পষ্ট ৰূপত তুলি ধৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি, দিনটোত ভাৰতৰ বিভিন্ন প্রান্তত ৯৫,৭৩৫জন লোক ভাইৰাছবিধত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে৷ অর্থাৎ এক লাখতকৈ প্রায় চাৰি হাজাৰ কম৷ ইতিমধ্যে ব্রাজিলক অতিক্রমি বিশ্বৰ দ্বিতীয় সর্বাধিক ক’ৰোনাত আক্রান্ত দেশৰূপে পৰিগণিত হৈছে ভাৰতবর্ষ৷ মৃত্যুৰ সংখ্যাও প্রতিদিনে বাঢ়িব লাগিছে৷ চৰকাৰী তথ্য অনুসৰি, ভাৰতত মৃতকৰ সংখ্যাই ৭৫ হাজাৰৰ সীমা অতিক্রম কৰিছে৷ এয়া যদি ভয়াৱহ পৰিস্থিতিৰ প্রতিচ্ছবি নহয়, তেন্তে কি? কিন্তু সমস্যাটো হ’ল, যি সময়ত দেশখনত সর্বাধিক সতর্কতাৰ প্রয়োজন আছিল, সেই সময়তে যেন ক’ৰবাত ছন্দপতন ঘটিল৷ সামাজিক দূৰত্ব, মাস্ক পৰিধান আদি এলাগীপ্রায় হৈ পৰিল৷ চৰকাৰে আইন প্রণয়ন কৰি, বিভিন্ন প্রচাৰ মাধ্যমৰ জৰিয়তে জৰিমনা বিহাৰ ভাবুকি তথা জৰিমনা বিহিও আইন অমান্যকাৰীসকলক নিয়ন্ত্রণ কৰিব পৰা নাই৷ বৰং মাস্ক নিপিন্ধা তথা সামাজিক দূৰত্বক আওকাণ কৰা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ গুৱাহাটী মহানগৰীতে এনে ধৰণৰ অপৰাধৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷ জৰিমনা আদায়ৰ পৰিমাণে মহানগৰীৰ একাংশ দায়িত্বজ্ঞানহীনতাৰ ছবিখন ডদঙাই দিছে৷ কিন্তু মফচলীয় অঞ্চলত মাস্ক নিপিন্ধা, সামাজিক দূৰত্বক অৱজ্ঞা কৰাৰ প্রৱণতা বেছি৷ হাট–বজাৰ, যান–বাহন, দোকান–পোহাৰ আদিত সামাজিক দূৰত্ব মানি চলাৰ নজিৰ কম৷ যান–বাহনত পূর্বৰ দৰে যাত্রীৰ আহ–যাহ চলে৷ বিপজ্জনকভাৱে বয়স্ক পুৰুষ–মহিলা, শিশুৱে ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰি আছে৷ ক’ৰোনাৰ দৰে অত্যন্ত সংক্রমণ–সংবেদন ভাইৰাছ এটাৰ বাবে ইয়াতকৈ অনুকূলৱ পৰিৱেশ আন একো হ’ব নোৱাৰে৷
শেহতীয়াকৈ দেখা গৈছে, মানুহৰ মাজত ক’ৰোনাভীতি হ্রাস পাইছে৷ অৱশ্যে ভীতিগ্রস্ত হৈ কোনোৱে থাকিব নালাগে৷ প্রয়োজন সতর্কতাৰ৷ কিন্তু সতর্কতা–সজাগতা যেন লাহে লাহে অচল টকাত পৰিণত হ’বলৈ গৈ আছে৷ এক ধৰণৰ অৱজ্ঞাসূচক মনোভাব মানুহৰ মাজত গঢ়ি ডঠিছে৷ ভাইৰাছটো যেন একোৱেই নহয়৷ কিন্তু একে সময়ছোৱাতে দেশত তথা অসমত ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ অসমত চাওঁতে চাওঁতে আক্রন্তৰ সংখ্যা এক লাখ পাৰ হৈ গ’ল৷ এতিয়া দ্রুতগতিত ডেৰ লাখলৈ ধাৱমান হৈছে৷ ভাৰতত ৪৪ লক্ষাধিক লোক ক’ৰোনাত আক্রান্ত হৈছে৷ তৎসত্ত্বেও দিনক দিনে অৱজ্ঞা–ডপেক্ষাৰ মনোভাব অধিক হাৰত বৃদ্ধি পোৱাত দেশখনৰ পৰিস্থিতি ভয়ংকৰভাৱে জটিল হৈ পৰিবলৈ সম্ভৱতঃ অধিক দিন নালাগিব৷ হাজাৰ চৰকাৰী ব্যৱস্থাই সংক্রমণৰ শৃংখলডাল ভাঙিবই পৰা নাই৷ নগৰ–চহৰৰ পৰা ভাইৰাছটোৰ কেতিয়াবাই গাঁৱত প্রৱেশ ঘটিল৷ এনে অৱস্থাত দেশখনক বিপর্যয়ৰ পৰা ডদ্ধাৰ তথা সুৰক্ষিত কৰি ৰাখিবলৈ অধিকৰ পৰা অধিক সতর্কতাৰ প্রয়োজন৷ চৰকাৰে পৰীক্ষাৰ মাত্রা বঢ়াই দিছে৷ ইয়াৰ জৰিয়তে চৰকাৰী প্রতিৰোধমূলক ব্যৱস্থাটো অধিক ক’ৰোনাত আক্রান্ত লোকৰ কাষলৈ যাবলৈ সক্ষম হৈছে৷ লগতে পজিটিভ চিনাক্তসকলৰ ক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা লোৱাত সংক্রমণৰ শৃংখলডালো কোনোবাখিনিত বাধাপ্রাপ্ত হৈছে৷ কিন্তু ইমান দিনৰ প্রয়াসেও দেশখনত নতুবা অসমত ক’ৰোনাৰ শৃংখল ভাঙিব নোৱাৰিলে৷ অর্থাৎ চৰকাৰী পৰীক্ষা ব্যৱস্থাটো অধিক জনসাধাৰণৰ কাষলৈ লৈ যাব লাগিব৷ অধিক পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব৷ সম্ভৱতঃ সেইবাবে আইচিএমআৰে বৃহস্পতিবাৰে প্রতিখন ৰাজ্যলৈ পত্র প্রেৰণ কৰি অধিক পৰীক্ষা কৰাৰ বাবে নির্দেশ জাৰি কৰিছে৷ আইচিএমআৰে প্রথমটো ৰেপিড এণ্টিজেন পৰীক্ষাত নিগেটিভ অহা লোকৰ পুনৰবাৰ পৰীক্ষা কৰিবলৈ দিছে৷ অর্থাৎ প্রথমটো পৰীক্ষাত নিগেটিভ অহা মানেই মানুহজন ক’ৰোনামুক্ত নহ’বও পাৰে৷ সেয়ে পুনৰ পৰীক্ষা কৰিবলৈ কোৱা হৈছে৷ মূল কথাটো হ’ল– ক’ৰোনাৰ শৃংখল ভাঙিব লাগিব৷ ক’ৰোনাত আক্রান্ত লোকৰ চিনাক্ত হ’ব লাগিব৷ তেতিয়াহে পৰিস্থিতি নিয়ন্ত্রণলৈ অনাৰ পথ মুকলি হ’ব৷ গতিকে, শৃংখল ভঙাৰ স্বার্থত জনসাধাৰণ অধিক সতর্ক–সজাগ হ’ব লাগিব৷ লকডাডনৰ পৰা আনলক–৪লৈকে দেশখন আগুৱাই আহিলেও পৰিস্থিতিৰ ভয়াৱহতা অকণো হ্রাস পোৱা নাই৷ বৰং পূর্বৰ তুলনাত বৃদ্ধিহে পাইছে৷ ইয়াৰ সংক্রমণ ৰোধ কৰিবই লাগিব৷

You might also like