সম্পাদকীয় : এলগৰিদমৰ যুগত অসমৰ নির্বাচন
অসমত নির্বাচনৰ বতাহ বলিছে৷ কিন্তু এইবাৰ মঞ্চৰ মাইকতকৈ ম’বাইল ফোনৰ স্ক্রীনবোৰ অধিক গৰম হৈ পৰিব৷ নির্বাচনী প্রচাৰ সভাৰ পৰা অহা হুংকাৰৰ লগে লগে নিউজফিডৰ এলগৰিদমো নির্বাচনী ফলাফল থিৰাং কৰাৰ দৌৰত নামি পৰিছে৷
সকলোৰে মনত এটা সৰল প্রশ্নই খুন্দিয়াইছে– এই নির্বাচন কেৱল দল আৰু প্রার্থীৰ মাজত নে ডাটা, এআই আৰু মনোবিজ্ঞানৰ মাজতো অনুষ্ঠিত হ’ব৷ ইণ্টাৰনেটৰ সহজলভ্যৰ পিছত ডিজিটেল ৰাজনীতি এতিয়া নতুন কথা হৈ থকা নাই৷ এই নির্বাচনৰ সময়ত যোগ হৈছে কৃত্রিম বুদ্ধিমত্তাৰ অভাৱনীয় দক্ষতা৷
কৃত্রিম বুদ্ধিমত্তাই এইবাৰৰ নির্বাচনী যুদ্ধক এটা নতুন স্তৰত লৈ গৈছে৷ নির্বাচনী প্রচাৰৰ অন্যতম অস্ত্র হ’ল ভাষণ, গীত, বিভিন্ন ধৰণৰ ভিডিঅ’ ইত্যাদি৷ কৃত্রিম বুদ্ধিমত্তাৰ সকলো শক্তিক ব্যৱহাৰ কৰি তাক প্রতিটো ক্ষেত্রতে ব্যৱহাৰ কৰা হৈছে৷ ভোটাৰৰ আচৰণ বিশ্লেষণ কৰি ৰাজনৈতিক দলবোৰে প্রেৰণ কৰিবলগীয়া বার্তা প্রস্তুত কৰা, বাক্ধাৰা নির্মাণ কৰা আদিৰ কাঠামো নির্মাণৰ বাবে আগতে কম্পিউটাৰত দক্ষ দল একোটিৰ প্রয়োজন হৈছিল৷
এতিয়া কৃত্রিম বুদ্ধিমত্তাই সেই কাম সহজে কৰি দিয়ে৷ গণতন্ত্রত প্রচাৰ বৈধ৷ কিন্তু প্রচাৰৰ সমান্তৰালভাৱে উত্থাপিত প্রশ্নটো হ’ল নৈতিকতাৰ৷ ভোটাৰসকলে চোৱা ভিডিঅ’বোৰ বাস্তৱ নে যন্ত্রৰ সৃষ্টি, সেই কথা জনাৰ সহজ সুবিধা নাথাকে৷
সামাজিক মাধ্যমত ঘূৰি ফুৰা কোনো নেতাৰ কণ্ঠৰ স্ববিৰোধী বক্তব্যবা বিতর্ক সৃষ্টি কৰিব পৰা বক্তব্য সঁচাকৈ তেওঁৰ হয় নে নহয়, সেই প্রশ্নৰ উদয় হোৱাৰ লগে লগে তেন্তে ৰাজনৈতিক স্বচ্ছতা বাধাগ্রস্ত হ’ব৷ এইটো ঠিক যে এনেকুৱা সন্দেহজনক প্রচাৰ সামগ্রীৰ সত্যতা নিৰূপণ কৰিব পাৰি৷ নির্বাচনৰ তীব্রবেগী প্রচাৰ ব্যস্ততাৰ মাজতে সেই প্রচাৰ সামগ্রীৰ সত্যতা প্রতিপন্ন হোৱাৰ আগতেই সি ভালেখিনি ক্ষতি কৰি গুচি যাব৷
এইক্ষেত্রত ভাৰতৰ নির্বাচন আয়োগৰ দায়িত্ব ভালেখিনি থাকে৷ নির্বাচনী আচাৰ বিধি ডিজিটেল মাধ্যমৰ ক্ষেত্রতো প্রয়োজ্য৷ তথ্য–প্রযুক্তি আইন আৰু বিভিন্ন নিয়মাৱলীয়ে অনলাইন প্লেটফর্মৰ দায়িত্ব নির্ধাৰণ কৰে, কিন্তু কৃত্রিম বুদ্ধিমত্তাৰ বাস্তৱ গতি আইনতৰ হাতোৰাতকৈ আগবঢ়া৷
অসমৰ প্রেক্ষাপটত এই সমস্যাটো সূক্ষ্ম আৰু জটিল৷ ইয়াত ৰাজনীতি সদায় বিভিন্ন পৰিচয়ৰ সৈতে জড়িত৷ নাগৰিকত্ব, ভূমি, ভাষা, জনসংখ্যা– এইবোৰ আৱেগিক বিষয়৷ সামাজিক মাধ্যমে এহ আৱেগক তীব্র বেগত ভ্রমণ কৰাই দিব পাৰে৷ ত্রিশ ছেকেণ্ডৰ ৰীল এটাই ত্রিশ মিনিটৰ যুক্তি এটাক প্রতিষ্ঠা দিব পাৰে, বিপৰীতো কৰিব পাৰে৷ এটা সম্পাদিত ক্লিপ, এটা সংক্ষিপ্ত উক্তি, এটা ভুৱা ভিডিঅ’ এইবোৰ তৎক্ষণাত হাজাৰ হাজাৰ গ্রুপৰ মাজত ঘূৰি ফুৰে৷
নির্বাচনৰ সময়টিও এনেকুৱা, য’ত মানুহে তাৎক্ষণিক সংবাদ আৰু খোৰাক যোগোৱা তথ্য বিচাৰি ফুৰে৷ এনে সময়ত তেনে প্রচাৰ সমলৰ গতিবেগ বহুগুণে বৃদ্ধি পায়৷ উত্তৰ–পূবত ছ’চিয়েল মিডিয়া যুদ্ধ মানে কেৱল দলীয় কৌশল নহয়, ই সামাজিক স্থিতিশীলতাৰ এক বিষয়৷
বহুভাষিক আৰু বহু জাতিগত সমাজত ভুল তথ্যই সহজে বিভাজনৰ সৃষ্টি কৰিব পাৰে৷ কৃত্রিম বুদ্ধিমত্তাই এইধৰণৰ তথ্য উৎপাদন আৰু প্রসাৰণৰ গতি বঢ়ালে বিপদো বাঢ়ি যোৱাটো স্বাভাৱিক৷ এই প্রসংগত অসমীয়া যুৱ ভোটাৰৰ কথাও গুৰুত্বপূর্ণ৷ সময়ৰ প্রভাৱত তেওঁলোকৰ অধিকাংশই ম’বাইল স্ক্রীনৰ জৰিয়তে ৰাজনীতিৰ সোৱাদ গ্রহণ কৰে৷
মিম, ৰীল, ভাইৰেল মুহূর্ত– এইবোৰেই হ’ল ৰাজনৈতিক অনুভৱ গঢ়ি তোলাৰ প্রধান আহিলা৷ তেওঁলোকক প্রভাৱিত কৰিব পৰা মূল চিন্তা দুটা হ’ল কর্মসংস্থান আৰু ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয়৷ বর্তমান সময়ত জুবিনৰ প্রতি ন্যায় প্রদানো ৰাজনৈতিক চিন্তাৰ অংশ হৈ পৰিছে৷ এই তিনিওটা দিশ সামৰি কৰিব পৰা প্রচাৰেহে তেওঁলোকক ভালদৰে স্পর্শ কৰিব৷
কিন্তু ইয়াত এটা মৌলিক নৈতিক সংকট আছে৷ গণতন্ত্রত ভোটাৰে সিদ্ধান্ত গ্রহণ কৰে নিজস্ব বিবেচনাৰে৷ কিন্তু এই বিবেচনাৰ সময়ত যদি কৃত্রিম বুদ্ধিমত্তাৰ অপব্যৱহাৰেৰে ভোটাৰক অসত্য তথ্য যোগান ধৰা হ’লে ভোটাৰে সিদ্ধান্ত গ্রহণ কৰাত অসুবিধা পাব৷ এই অসুবিধা গণতন্ত্রৰ বাবে বিপজ্জনক হৈ উঠিব৷
এইখিনিতেই প্রয়োজন হয় কৃত্রিম বুদ্ধিমত্তাৰে নির্মিত সামগ্রী চিনাকি কৰোৱা সামাজিক সচেতনতাৰ৷ গণতন্ত্রৰ শক্তি মানুহৰ বিবেকত৷ এআই–এ ভোট নিদিয়ে, ভোট দিয়ে মানুহে৷ কিন্তু মানুহে যি তথ্য পায়, সেই তথ্যৰ গুণমান আৰু প্রামাণিকতা নিশ্চিত কৰাটো এখন সমাজৰ দায়িত্ব৷ এলগৰিদমৰ যুগত গণতন্ত্র বাচি থাকিবলৈ প্রয়োজন হ’ব স্বচ্ছতা, ডিজিটেল সাক্ষৰতা আৰু কঠোৰ নৈতিক মান৷ নহ’লে নির্বাচন গণতন্ত্রৰ উৎসৱ নহৈ ‘ডাটা’ৰ যুদ্ধ হৈ উঠিব পাৰে৷