সম্পাদকীয় : খাদ্য অপচয়
সততে আলোচনাৰ মাজলৈ নহা অথচ এটা অতি গুৰুত্বপূর্ণ বিষয় হ’ল খাদ্য অপচয়৷ ধন সাঁচিব জনাটো যেনেকৈ ধন উপার্জনৰ সমার্থক, ঠিক একেদৰে খাদ্য অপচয় ৰোধ কৰাটোও খাদ্য উৎপাদনৰ সমার্থক বুলিব পৰা যায়৷ খাদ্য অপচয়ৰ অর্থ হ’ল খাব নোৱাৰি পেলাই দিয়া খাদ্য৷ তদুপৰি খাদ্য উৎপাদন, বিতৰণ, বিক্রীৰ প্রক্রিয়াতো খাদ্যৰ অপচয় হোৱাটো পৰিলক্ষিত হয়৷ ভাৰতত বছৰি ৬.৭ কোটি টন খাদ্যৰ অপচয় হৈ আহিছে৷ এই উদ্বেগজনক তথ্যই প্রচলিত ব্যৱস্থাৰ ব্যর্থতা আৰু দুর্বলতা উদঙাই দেখুৱায়৷ কাৰণ দেশৰ বহু ঠাইত ক্ষুধা আৰু পুষ্টিহীনতাৰ অভাৱত অভাৱনীয় হাৰত শিশুৰ মৃত্যু হোৱাৰ লগতে দাৰিদ্র্যৰ কঠুৱা বাস্তৱ দৃশ্যমান হয়৷ উল্লেখযোগ্য যে বিশ্বত নিম্ন আয়ৰ ৰাষ্ট্রসমূহত খাদ্যৰ অপচয় ঘটে উৎপাদন পর্যায়ত৷ আনহাতে, উন্নত ৰাষ্ট্রসমূহত খাদ্য গ্রহণৰ সময়ত প্রতিবছৰে জনমূৰি প্রায় ১০০ কিলোগ্রাম খাদ্যৰ অপচয় ঘটে৷ বিশ্ব পর্যায়ত উৎপাদিত খাদ্যৰ এক–তৃতীয়াংশৰ পৰা প্রায় আধা পৰিমাণৰ অপচয় বা নষ্ট হয়৷ ৰাষ্ট্রসংঘৰ পৰিৱেশ কর্মসূচীৰ ৱেবছাইটত ‘খাদ্য অপচয়সূচক প্রতিবেদন, ২০২৪’ অনুসৰি ২০২২ চনত সমগ্র বিশ্বত মুঠ খাদ্যৰ অপচয় ১০০ কোটি টনৰো অধিক আৰু এই পৰিমাণ বিশ্বৰ বজাৰলৈ অহা মুঠ খাদ্যৰ পাঁচভাগৰ এভাগ৷ এই পৰিসংখ্যা নিঃসন্দেহে আশংকাজনক৷ পৃথিৱীৰ বিভিন্ন ৰাষ্ট্রত এই পৰিমাণলৈ চকু ফুৰালে সর্বত্র একেখন ছবিয়েই দেখা যায়৷ বাংলাদেশৰ দৰে এখন অনুন্নত ৰাষ্ট্রৰ নাগৰিকে বছৰি গড়ে ৮২ কিলোগ্রাম খাদ্য অপচয় কৰে৷ এই পৰিমাণ আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া আৰু ভাৰততকৈ অধিক৷ মালদ্বীপত খাদ্য অপচয়ৰ পৰিমাণ সর্বাধিক– বছৰি গড়ে ২০০ কিলোগ্রাম৷ আটাইতকৈ কম খাদ্য অপচয় হয় মংগোলিয়াত, মাত্র ১৮ কিলোগ্রাম৷ পাকিস্তানত খাদ্য অপচয়ৰ পৰিমাণ বছৰি গড়ে ১৩০ কিলোগ্রাম, নেপালত ৯৩ কিলোগ্রাম, ম্যানমাৰত ৭৮ কিলোগ্রাম, শ্রীলংকাত ৭৬ কিলোগ্রাম, ভাৰতত ৫৫ কিলোগ্রাম, ভূটানত ১৯ কিলোগ্রাম৷ আমেৰিকা যুক্তৰাষ্ট্রত এজন নাগৰিকে বছৰি গড়ে খাদ্যৰ অপচয় কৰে ৭৩ কিলোগ্রাম৷ ইউ কেত ৭৬ কিলোগ্রাম, চীনত ৭৬ কিলোগ্রাম আৰু ৰাছিয়াত ৩৩ কিলোগ্রাম৷ এই প্রতিবেদন অনুসৰি ২০২২ বর্ষটোত অপচয় হোৱা খাদ্যৰ ৬০ শতাংশই বাসভৱনৰ৷ ইয়াৰ সর্বমুঠ পৰিমাণ বছৰি গড়ে ৬৩ কোটি ১০ লাখ টন৷ ২৮ শতাংশ অপচয় হয় ৰেস্তোৰাঁ, কেণ্টিন আৰু হোটেলত৷ কচাই আৰু গেলামালৰ দোকানত খাদ্যৰ অপচয় ১২ শতাংশ৷
খাদ্যৰ অপচয় জলবায়ু পৰিৱর্তনত কৃষিৰ নেতিবাচক প্রভাৱৰ অন্যতম উপাদান৷ খাদ্য আৰু কৃষি সংস্থা (এফ এ অ’)ই ২০১৪ চনত চলোৱা জৰীপ অনুসৰি ই বিশ্বৰ শতকৰা ৮ ভাগ সেউজগৃহ গেছ নির্গমনৰ বাবে দায়ী৷ উল্লেখনীয় যে এই জৰীপত লাভ কৰা তথ্য অনুসৰি সমগ্র বিশ্বত খাদ্য অপচয়ৰ আধাও যদি ৰোধ কৰিব পৰা যায় তেন্তে ১৫ কোটি লোকে পেট ভৰাই খাবলৈ সক্ষম হ’ব৷ পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৮০০ কোটি৷ ৰাষ্ট্রসংঘৰ তথ্য অনুসৰি, ইয়াৰে প্রায় ৮০ কোটি মানুহেই অনাহাৰে থাকিবলগীয়া হৈছে৷ বর্জ্য খাদ্য বা পেলনীয়া খাদ্য সম্প্রতি সমগ্র বিশ্বৰ বাবেই বৃহৎ সংকটত পৰিণত হৈছে৷ বিপুল পৰিমাণৰ খাদ্য নষ্ট হৈছে আৰু বিশ্বৰ অর্থনীতিত ইয়াৰ বিৰূপ প্রভাৱ পৰিছে৷ জলবায়ু পৰিৱর্তনৰ গতি যেনেদৰে ত্বৰান্বিত হৈছে তেনেদৰে জৈৱ–বৈচিত্র্য নষ্ট হোৱাৰ লগতে প্রদূষণো বাঢ়িছে৷ প্রতিবছৰে জনমূৰি ৯৭ কিলোগ্রাম খাদ্যৰ অপচয় হয়, ইয়াৰ পৰা অনাহাৰী মানুহৰ দৈনিক ১.৩বাৰৰ খাদ্য গ্রহণ সম্ভৱ৷ কেৱল উন্নত ৰাষ্ট্রসমূহতে খাদ্যৰ অপচয় নহয়, মধ্যবিত্ত আৰু দৰিদ্র ৰাষ্ট্রসমূহতো প্রচুৰ পৰিমাণে খাদ্য নষ্ট হয়৷ অৱশ্যে গাঁও অঞ্চলত পেলনীয়া খাদ্যৰ পৰিমাণ কম৷ উচ্ছিষ্ট খাদ্য পশু–পক্ষীক খাবলৈ দিয়া বাবে বর্জ্য খাদ্য তুলনামূলকভাৱে কম৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন অনুসৰি মানৱ সভ্যতাৰ এক–তৃতীয়াংশই সম্প্রতি খাদ্য সংকটত ভুগিছে৷ অথচ এক–পঞ্চমাংশ খাদ্যৰে অপচয় হৈছে৷ খাদ্যৰ অপচয় ৰোধ কৰিব পাৰিলে পৃথিৱীৰ ৭৮.৩০ কোটি অভুক্ত মানুহৰ উদৰ পূৰাব পৰা যাব৷ প্রায়েই খাদ্য নষ্ট নহ’বলৈ কেইটামান কৌশল অৱলম্বন কৰিব পৰা যায়৷ ইয়াৰ বাবে আৱশ্যক পর্যাপ্ত পৰিকল্পনাৰ৷ ভাবি–চিন্তি কিনা বা ৰন্ধা–বঢ়া কৰি খাদ্যৰ অপচয় কিছু পৰিমাণে কমাব পাৰি৷ এখন ঘৰত যিমান প্রয়োজন ঠিক সিমানেই খাদ্য সামগ্রী কিনা উচিত৷ দৰকাৰ হ’ব বুলি একেলগে এসোপামান খাদ্য কিনিলে লাভতকৈ লোকচানহে হোৱা দেখা যায়৷ প্রায়েই খাদ্য সামগ্রীৰ ম্যাদ উকলি যায়, তেতিয়া পেলাই দিবলগীয়া হয়৷ ৰন্ধা–বঢ়াৰ ক্ষেত্রতো একেই কথা৷ প্রয়োজনতকৈ অধিক ৰন্ধাৰ কোনো দৰকাৰ নাই৷ ঘৰৰ বাবে ক্রয় কৰা মাহিলি বজাৰৰ সামগ্রীসমূহৰ ভিতৰত পুৰণি খাদ্য সামগ্রী আগতে শেষ কৰি তাৰ পাছতহে নতুন পেকেট খুলিব লাগে৷ শাক–পাচলি, মাছ–মাংস অথবা পেকেটজাতীয় খাদ্য সামগ্রী যিয়েই নহওক কিয়, কম পৰিমাণে কিনা উচিত৷ একেবাৰতে বহু কিনি ৰখা মানেই নষ্ট হোৱাৰ আশংকা থাকে৷ বতৰৰ ফলমূল, শাক–পাচলি কিনি খোৱা উচিত৷ দৰাচলতে খাদ্য অপচয় ৰোধ কৰাটো আমাৰ নিজৰ অগ্রাধিকাৰৰ ওপৰত নির্ভৰ কৰে৷ ৰৈ যোৱা খাদ্য সদায় অভুক্তজনক দিয়া উচিত৷ খাদ্য ৰাহি কৰা মানে জীৱনৰ পৰিপুষ্টিৰ বিকাশ সাধন কৰা –ই সময়ৰ আহ্বান৷